অসমৰ বিশিষ্ট চিকিৎসক তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ড° দেৱী চৰণ চৌধুৰীৰ মঙলবাৰে ৪ আগষ্ট গুৱাহাটীৰ দিছপুৰ হাস্পতালত পূৰ্বাহ্ন প্ৰায় ১১:২০ বজাত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০০ বছৰ।
ড° চৌধুৰী আছিল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমটো এম.বি.বি.এছ. বেচৰ ছাত্ৰ আৰু ৰয়েল কলেজ অৱ ফিজিচিয়ান্সৰ ফেল’শ্বিপ লাভ কৰা অসমৰ দ্বিতীয়গৰাকী চিকিৎসক। তেওঁৰ উজ্জ্বল কৰ্মজীৱনজুৰি উদাহৰণীয় সেৱা, নেতৃত্ব আৰু চিকিৎসা বৃত্তিৰ প্ৰতি থকা নিষ্ঠাৰে ৰাজ্যখনৰ চিকিৎসা শিক্ষা তথা স্বাস্থ্য খণ্ডত উল্লেখনীয় অৱদান আগবঢ়াইছিল।
চিকিৎসা ক্ষেত্ৰত লাভ কৰা সাফল্যৰ উপৰিও ড° চৌধুৰী আছিল শিশু বিকাশ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক তথা মুখ্য পৃষ্ঠপোষক। শিশু কল্যাণ আৰু শিক্ষাৰ প্ৰতি থকা তেওঁৰ দূৰদৰ্শিতা আৰু অবিচলিত প্ৰতিশ্ৰুতিয়ে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।
মৃত্যুৰ সময়ত তেওঁ চাৰিগৰাকী সন্তান দুজন পুত্ৰ আৰু দুগৰাকী কন্যা ছগৰাকী নাতি-নাতিনী আৰু এজনী আজোনাতিনীৰ উপৰিও আত্মীয় আৰু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।





