মধ্যপ্ৰাচ্যৰ অশান্তিৰ বাবে বৃদ্ধি পাইছে ইন্ধন তেল, পেট্ৰল আৰু ডিজেলৰ মূল্য। তাৰ ওপৰত ভাৰতৰ জনসাধাৰণে দেশত ইথানল মিশ্ৰিত পেট্ৰলৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে! পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্য আৰু ইথানল মিশ্ৰণৰ মাজত বিকল্প ইন্ধনৰ বিষয়ে দেশজুৰি আলোচনা চলিছে।
ঠিক সেই পৰিস্থিতিত উত্তৰাখণ্ডৰ পাহাৰেৰে আগুৰি থকা এখন সৰু গাঁও কাফলিখানৰ বাসিন্দা যুৱ অভিযন্তা ৰবি তামতাই অভাৱনীয় আৱিষ্কাৰ কৰি সকলোকে আচৰিত কৰি তুলিছে। ৰবিয়ে নিজাকৈ তেওঁৰ এখন বৈদ্যুতিক ব্যক্তিগত ফ্লাইং কাৰ ‘হেপিডা স্কাইনেক্স’ বা উড়ন্ত গাড়ী নিৰ্মাণ কৰিছে ।
অভিযন্তা ৰৱিৰ অদম্য ইচ্ছাশক্তি আৰু অক্লান্ত পৰিশ্ৰমৰ বাবেই তেওঁৰ উৰণীয়া গাড়ীখনে পৈনত ৰূপ ধাৰণ কৰিছে। উত্তৰাখণ্ডৰ এজন যুৱ অভিযন্তাই দীৰ্ঘদিনীয়া কষ্ট আৰু বুদ্ধিমত্তাৰ অন্তত নিজা উদ্যোগত হাপিডাৰ অধীনত এখন উৰণীয়া গাড়ীৰ প্ৰ’ট’টাইপ আৰু ডিজাইন তৈয়াৰ কৰিছে।
বিশেষজ্ঞসকলৰ মতে সাধাৰণতে অতি ভূমিস্খলনৰ প্ৰৱণতা থকা উত্তৰাখণ্ডৰ দৰে পাহাৰীয়া অঞ্চলত সৰু সৰু পথত যাতায়তৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত ৰবিৰ এই উদ্ভাৱন অতি ফলপ্ৰসূ হ’ব।
বহু বিশেষজ্ঞই দাবী কৰিছে যে উত্তৰাখণ্ডৰ দৰে পাহাৰীয়া অঞ্চলত জৰুৰীকালীন পৰিস্থিতিত ঔষধ বা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত ৰবিয়ে নিৰ্মাণ কৰা এই উৰণীয়া বাহনখন অতি ফলপ্ৰসূ হ’ব। বিশেষকৈ দুৰ্গম পাহাৰীয়া পথত যাত্ৰা কৰাৰ ক্ষেত্ৰত এই উদ্ভাৱনে ভৱিষ্যতে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।
উল্লেখ্য যে উত্তৰাখণ্ডৰ যুৱ অভিযন্তাজনে ইতিমধ্যে তেওঁৰ উৰণীয়া বাহনখন পৰীক্ষা কৰিছে। উৰণীয়া গাড়ীখনে বেছিভাগ পৰীক্ষাতে সফল হৈছিল। ইতিমধ্যে এই দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ইণ্টাৰনেটত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে সম্পূৰ্ণ বৈদ্যুতিক আৰু সম্ভৱতঃ বেটাৰী চালিত গাড়ীখন কোনো পেট্ৰ’ল-ডিজেল নোহোৱাকৈয়ে চকুৰ পলকতে আকাশলৈ উৰুৱাই নিছে। যদিও উত্তৰাখণ্ডৰ আলমোৰা জিলাত গাড়ীখনৰ পৰীক্ষণৰ প্ৰাৰম্ভিক পৰ্যায় সফল হৈছিল, তথাপিও ইয়াক বাণিজ্যিক কৰি তোলাৰ বাবে এতিয়াও কিছু কাম বাকী আছে বুলি ধাৰণা কৰা হৈছে।
বিশেষকৈ গাড়ীখন সাধাৰণ মানুহৰ বাবে উপযোগী কৰি তুলিবলৈ আৰু ব্যৱসায়িকভাৱে বজাৰলৈ আনিবলৈ আৰু কেইবাটাও কঠিন পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
ভাইৰেল ভিডিঅ’টোৰ মতে, গোলাপী ৰঙৰ জাৰ্চি পিন্ধি ৰবিয়ে নিজৰ উৰণীয়া গাড়ীখন সফলতাৰে উৰুৱাই লৈ যায়। তাৰ পিছত সফলতাৰে উৰণীয়া গাড়ীখন ঘূৰাই মাটিত নমাই দিয়ে। এই দৃশ্য দেখি দেশবাসী সম্পূৰ্ণ আচৰিত হৈ পৰিল।
उत्तराखंड के अल्मोड़ा के युवा इनोवेटर रवि टम्टा जी को ड्रोन तकनीक में नवाचार करते हुए HAPIDA SKYNEX प्रोटोटाइप के सफल उड़ान परीक्षण पर हार्दिक बधाई।
आपकी यह उपलब्धि सिद्ध करती है कि हमारे युवाओं में प्रतिभा, नवाचार और वैज्ञानिक सोच की कोई कमी नहीं है। आपका यह अभिनव प्रयास… pic.twitter.com/sR7KZ8AWoO
— Pushkar Singh Dhami (@pushkardhami) August 7, 2026
বহুতে ধাৰণা কৰে যে দুৰ্গম পাহাৰীয়া অঞ্চলৰ উদ্ভাৱক আৰু অভিযন্তাগৰাকীৰ এই আৱিষ্কাৰ ঘৰুৱা প্ৰযুক্তিৰ জগতখনৰ এক অভূতপূৰ্ব মাইলৰ খুঁটি।





