• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত কৰিছে যদিও তদন্তৰ স্বাৰ্থত এতিয়াও কেইবাটাও তথ্য প্ৰকাশ কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2026 1:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মূলৰ ৩০ বছৰীয়া যুৱতী হিমাংশী খুৰানাক হত্যাৰ অভিযোগত প্ৰায় সাত মাহৰ পাছত সংগী আব্দুল গাফুৰীক কানাডাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। টৰন্টোৰ এটা বিমানবন্দৰৰ পৰা শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হৈছে ৩২ বছৰীয়া গাফুৰীক।

যোৱা বছৰৰ ২০ ডিচেম্বৰত টৰন্টোৰ এটা ঘৰৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল হিমাংশীক। তদন্তৰ অন্তত আৰক্ষীয়ে এই কাণ্ডক ‘অন্তৰংগ সংগীৰ হিংসা’ হিচাপে চিহ্নিত কৰিছে।

Apply Now

টৰন্টো আৰক্ষীয়ে শনিবাৰে প্ৰকাশ কৰা এক বিবৃতিত কয় যে টৰন্টোৰ বাসিন্দা গাফুৰীৰ হিমাংশীৰ সৈতে অন্তৰংগ সম্পৰ্ক আছিল। এই হত্যাকাণ্ডত তেওঁৰ বিৰুদ্ধে ফাৰ্ষ্ট ডিগ্ৰী মাৰ্ডাৰৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ পিছৰে পৰা গাফুৰীৰ ওপৰত আৰক্ষীৰ দৃষ্টি আছিল আৰু তেওঁক গ্ৰেপ্তাৰৰ বাবে দেশজোৰা ৱাৰেণ্ট জাৰি কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, গাফুৰীক দীৰ্ঘদিন ধৰি বিচাৰি আছিল। টৰন্টো আৰক্ষীৰ ফিউজিটিভ স্কোয়াড আৰু হমিচাইড ইউনিটৰ বিষয়াসকলে তেওঁক বিচাৰিবলৈ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে সমন্বয় গঢ়ি তোলে। অৱশেষত শুকুৰবাৰে টৰন্টোৰ বিমানবন্দৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু গ্ৰেপ্তাৰৰ পূৰ্বে কোনখন দেশৰ পৰা কানাডালৈ উভতি আহিছিল বা ক’ত আছিল সেই সন্দৰ্ভত আৰক্ষীয়ে কোনো সবিশেষ প্ৰকাশ কৰা নাই।

১৯ ডিচেম্বৰৰ নিশা হিমাংশী খুৰানাৰ মৃত্যু পোহৰলৈ আহে। টৰন্টো আৰক্ষীয়ে নিশা প্ৰায় ১০:৪১ বজাত ষ্ট্ৰেচান এভিনিউ আৰু ৱেলিংটন ষ্ট্ৰীট ৱেষ্ট অঞ্চলৰ এটা ঘৰৰ পৰা এগৰাকী মহিলা নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰে। ৰিপৰ্ট পোৱাৰ পিছতে আৰক্ষীয়ে তালাচী আৰম্ভ কৰে। পিছদিনা পুৱা প্ৰায় ৬:৩০ বজাত একে অঞ্চলৰ এটা ঘৰৰ ভিতৰৰ পৰা হিমাংশীৰ মৃতদেহ উদ্ধাৰ কৰে।

প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে ঘটনাটোক স্বাভাৱিক মৃত্যু নহয়, হত্যা বুলি ঘোষণা কৰে। তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে আৰক্ষীয়ে গম পায় যে হিমাংশী আৰু গাফুৰীৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। ইয়াৰ পিছত গাফুৰীক সন্দেহযুক্ত বুলি চিনাক্ত কৰি ফাৰ্ষ্ট ডিগ্ৰী মাৰ্ডাৰ গোচৰত দেশজোৰা গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয়। তদুপৰি তেওঁৰ ফটো মুকলি কৰি সাধাৰণ ৰাইজৰ পৰা তথ্য বিচৰা হয়।

ভাৰতীয় কনছুলেটেও হিমাংশী খুৰানাৰ মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰে। টৰন্টোস্থিত ভাৰতীয় কনছুলেট জেনেৰেলে কয় যে এজন ভাৰতীয় যুৱ নাগৰিকৰ হত্যাকাণ্ডত তেওঁলোক গভীৰভাৱে দুখী আৰু স্তম্ভিত হৈ পৰিছে। হিমাংশীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কনছুলেটটোৱে কয় যে স্থানীয় প্ৰশাসনৰ সমন্বয়ত পৰিয়ালৰ সদস্যসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হৈছে।

কনছুলেটটোৱে আৰু জনাইছে যে এই ঘটনাৰ পিছৰে পৰা বিষয়টো নিৰীক্ষণ কৰা হৈছে আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি ভাৰতীয় কনছুলেট পৰিয়ালটোৰ সৈতে আছে। হিমাংশীৰ মৃত্যুত কানাডাত বসবাস কৰা ভাৰতীয় সমাজৰ মাজতো উদ্বেগ সৃষ্টি হৈছিল।

হিমাংশীৰ হত্যাকাণ্ড ২০২৫ চনত টৰন্টোত সংঘটিত হোৱা ৪০ সংখ্যক হত্যাকাণ্ড আছিল। এই কাণ্ডৰ প্ৰায় সাত মাহৰ পাছত তেওঁৰ সংগীক গ্ৰেপ্তাৰ কৰা ঘটনাই তদন্তত এক নতুন মোড় কঢ়িয়াই আনিছে। অৱশ্যে হিমাংশী হত্যাৰ সঠিক কাৰণ, ঘটনাৰ সময়ত কি হৈছিল, এইখিনি সময় গাফুৰী ক’ত আছিল, সেই বিষয়ে এতিয়াও তদন্ত অব্যাহত আছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত কৰিছে যদিও তদন্তৰ স্বাৰ্থত এতিয়াও কেইবাটাও তথ্য প্ৰকাশ কৰা হোৱা নাই। হত্যাৰ অভিযোগৰ বিষয়ে অধিক তথ্য আদালতত গোচৰৰ পৰৱৰ্তী শুনানিত পোহৰলৈ আহিব পাৰে। সদ্যহতে দীৰ্ঘ সাত মাহৰ তদন্তৰ অন্তত অভিযুক্তক গ্ৰেপ্তাৰ কৰাটো এই গোচৰত আৰক্ষীৰ বাবে এক বৃহৎ সফলতা বুলি বিবেচিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

August 9, 2026 1:10 pm
পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

August 9, 2026 11:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd