• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

তিনি নম্বৰ স্থানতো যেন দখল কৰি নিলে দেৱদত্তই। তেওঁ ২০২৪ চনত শুভমন গিলৰ পিছত এই স্থানত টেষ্টত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2026 8:06 am
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুবছৰ পূৰ্বে টেষ্টত অভিষেক ঘটে। তাৰ পিছত আৰু দুবছৰ অপেক্ষা কৰিবলগীয়া হ’ল। অৱশেষত গালে খেলপথাৰত টেষ্ট ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰে দেৱদত্ত পাডিক্কালে। বাওঁহতীয়া বেটছমেনগৰাকীয়ে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ প্ৰথম দিনাই ১৩৪টা বলত তিনিটা অংকৰ ৰাণ স্পৰ্শ কৰি দৃষ্টি আকৰ্ষণ কৰিলে। দুবছৰৰ পাছত টিম ইণ্ডিয়াৰ কোনো বেটছমেনে ৩ নং স্থানত বেটিং কৰি শতক অৰ্জন কৰিলে।

গালেত শ্ৰীলংকাৰ বিৰুদ্ধে ৬০০ সংখ্যক টেষ্টৰ প্ৰথম দিনাই টিম ইণ্ডিয়াই সুবিধাজনক স্থিতি লাভ কৰে। ভাৰতৰ ৰাণ ২ উইকেটত ২৮৮ ৰান। অৱশ্যে দিনৰ শেষত কে এল ৰাহুলৰ আঘাত শুভমন গিলৰ বাবে চিন্তনীয় হৈ পৰিব।

Apply Now

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত শুভমন গিলে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়। ছৰফৰাজ খান বা আকিব নবীয়ে সুযোগ নাপালে। দেৱদত্ত পাডিক্কালে ৩ নং স্থানত খেলে।

তাৰ আগতে দুই অ’পেনাৰ যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে এক সুন্দৰ আৰম্ভণি কৰিছিল। বাওঁহতীয়া তাৰকাগৰাকীয়ে বিশেষ আক্ৰমণাত্মক মুডত খেলিছিল। কিন্তু নিজৰ ভুল বুজাবুজিৰ বাবে ৩৭টা বলত ৩২ ৰান কৰি ৰান আউট হৈ যশস্বীয়ে ড্ৰেছিং ৰুমলৈ উভতি আহিবলগীয়া হয়। ইয়াৰ পিছতে দেৱদূতে ৰাহুলৰ সৈতে ১৫০ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে।

তিনি নম্বৰ স্থানতো যেন দখল কৰি নিলে দেৱদত্তই। তেওঁ ২০২৪ চনত শুভমন গিলৰ পিছত এই স্থানত টেষ্টত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয়। ছাই সুদৰ্শন আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হোৱাৰ সময়ত তেওঁ এই সুযোগ পাইছিল। সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিলে। ছিৰিজ আৰম্ভ হোৱাৰ আগতেই তেওঁ ছন্দত আছিল। কলম্বোত শ্ৰীলংকা একাদশৰ বিৰুদ্ধে তিনিদিনীয়া ৱাৰ্ম আপ মেচতো তেওঁ শতক অৰ্জন কৰে। যোৱা আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জাৰ্চি পিন্ধি তেওঁৰ প্ৰদৰ্শনেও নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

প্ৰথম দিনটোৰ বেটিং তুলনামূলকভাৱে গালে খেলপথাৰত সহজ আছিল যদিও বৰষুণ কেতিয়াবা সমস্যা হৈ পৰিছিল। কিন্তু একোৱেই দেৱদত্তক স্তব্ধ কৰিব নোৱাৰিলে। পেচ হওক বা স্পিন, একোৱেই তেওঁক বিচলিত কৰিব নোৱাৰিলে। তেওঁ নিখুঁত ইনিংছ খেলিছিল। চাহ বিৰতিৰ অন্তত ৰাহুলে ৭৭ ৰান সংগ্ৰহ কৰি ৰিটায়াৰ্ড হাৰ্ট হৈ অৱসৰ গ্ৰহণ কৰে। তাৰ পিছতে আহিছিল সেই মুহূৰ্তটো। দেৱদত্তৰ দুৰন্ত শতকটোৰ পিছত প্ৰশিক্ষক গৌতম গম্ভীৰকো উল্লাসিত হোৱা দেখা গৈছিল।

দীৰ্ঘদিন ধৰি ছাই সুদৰ্শনক তিনি নম্বৰ স্থানত সুযোগ দিয়া হৈছিল যদিও ধাৰাবাহিকতাৰ অভাৱ আছিল। অৱশ্যে শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে জুন-জুলাই মাহত ভাৰত ‘এ’ৰ হৈ তেওঁ দুটা শতক অৰ্জন কৰিছিল। শেষত ভৰিৰ আঙুলিৰ আঘাতৰ বাবে তেওঁ শৃংখলাৰ পৰা বাহিৰ হ’বলগীয়া হয়। সেই শূন্যতা পূৰণ কৰিলে আন এজন বাওঁহতীয়া খেলুৱৈ – দেৱদত্ত পাডিক্কালে।

গালে খেলপথাৰত প্ৰথম দিনাই তেওঁ প্ৰমাণ কৰিলে যে সুযোগ আহিলে ব্যৱহাৰ কৰাৰ ক্ষমতা তেওঁৰ আছে। দিনটোৰ শেষত তেওঁ ১৩১ ৰানত অপৰাজিত হৈ থাকে। তেওঁৰ ইনিংছটো ১২টা চাৰি আৰু ১ ছয়ৰে সজোৱা হৈছিল। কেৱল শতক অৰ্জন কৰাই নহয়, তিনি নম্বৰ স্থানত বেটিং কৰি একবিংশ শতিকাত শতক অৰ্জন কৰা দ্বিতীয়গৰাকী বাওঁহতীয়া বেটছমেন হিচাপে পৰিগণিত হ’ল পাডিক্কাল। ইয়াৰ পূৰ্বৰ অভিলেখ সৌৰভ গাংগুলীৰ হাতত আছিল। ২০০২ চনত জিম্বাবুৱেৰ বিৰুদ্ধে ১৩৬ ৰান সংগ্ৰহ কৰিছিল প্ৰাক্তন অধিনায়কগৰাকীয়ে।

দেৱদত্তৰ সৈতে ২৭ ৰানত অপৰাজিত হৈ আছে ঋষভ পন্ত। অধিনায়ক গিলে (১৬) ৰান কৰিব নোৱাৰিলেও কোনো ডাঙৰ ‘অঘটন’ নঘটিলে টিম ইণ্ডিয়াই নিশ্চিতভাৱে ডাঙৰ স্কোৰৰ পথত আগবাঢ়িছে। অৱশ্যে দিনটোৰ শেষত ৰাহুলৰ আঘাতক লৈ ভাৰত অলপ চিন্তিত হৈ পৰিছে।

১৬২ বলত ৭৭ ৰান সংগ্ৰহ কৰা ৰাহুলে চাহ বিৰতিৰ পিছত বেছি সময় বেটিং কৰিব নোৱাৰিলে। ভৰিৰ পেশী টানি ধৰাৰ বাবে তেওঁ অস্বস্তি অনুভৱ কৰিছিল। ফিজিঅ’জন লৰালৰিকৈ পথাৰলৈ দৌৰি যায়। প্ৰাথমিকভাৱে চিকিৎসাৰ চেষ্টা কৰা হৈছিল যদিও ৰাহুলে ভালদৰে খোজ দি খেলপথাৰ এৰিব পৰা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd