• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলৰ লিকাবালিত আই টি বি পিৰ বাহনৰ ওপৰত পাহাৰৰ শিল খহি পৰি ৫ জন জোৱান নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2018 7:49 am
accident
126
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ নামনি ছিয়াং জিলাৰ সদৰ লিকাবালিৰ সমীপত পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল আৰু মাটি বাগৰি আহি ইণ্ডো-তিব্বেতান ব’ৰ্ডাৰ পুলিছৰ (আই টি বি পি) বাহন এখনৰ ওপৰত বাগৰি পৰাত আই টি বি পিৰ পাঁচজন জোৱান নিহত হয়।

লিকাবালিৰ পৰা প্ৰায় ৫ কি’লমিটাৰ আঁতৰৰ বাছাৰ-অকাজান পথত পাহাৰটোৰ ওপৰৰ পৰা এটা প্ৰকাণ্ড শিল আৰু লগতে শিল-মাটি খহি আহি আই টি বি পিৰ জোৱানসকলক কঢ়িয়াই অনা মিনি বাছখনৰ (নম্বৰ এ এছ ০১ ই চি ৩৩২৪) ওপৰত পৰে।

অৰুণাচলৰ বাছাৰত থকা আই টি বি পিৰ ৪৯ নং বেটেলিয়নৰ ২০জনীয়া জোৱানৰ দল এটা ডিব্ৰুগড়স্থিত ৯ নং আই টি বি পি বেটেলিয়নলৈ প্ৰশিক্ষণ ল’বলৈ আহি থকা অৱস্থাত বিয়লি এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত বাহনখন বিধ্বস্ত হৈ পৰে আৰু চাৰিজন জোৱান ঘটনাস্থলীতে নিহত হয়। বাকী এজনৰ লিকাবালিত চিকিৎসালয়ত মৃত্যু হয়। নিহতসকলৰ মাজত এজনক হাবিলদাৰ ধনঞ্জয় যাদৱ বুলি চিনাক্ত কৰা হৈছে। আন চাৰিজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। দুৰ্ঘটনাটোত আৰু কমেও ১০জন জোৱান আহত হৈছে।  তেওঁলোকৰ ভিতৰত পাঁচজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

উক্ত জোৱানৰ দলটোৰ সৈতে দুজন গাণনিক আৰু দুগৰাকী মহিলাও আহিছিল বুলি জানিব পৰা গৈছে। বাহনখন ভাগি যোৱাৰ পাছত মহিলা দুগৰাকী পথৰ পৰা বহুত তললৈ পৰি যায়। উদ্ধাৰকাৰী দলে পাছত ৰছীৰ সহায়ত তেওঁলোকক উদ্ধাৰ কৰে।

গুৰুতৰভাৱে আহতকেইজনক সেনাৰ বিশেষ হেলিকপ্টাৰেৰে উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হয়।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd