দেশৰ ২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আছে। উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এটা গোচৰত এই তথ্য দিছে আদালতে নিযুক্তি দিয়া অধিবক্তাই।
গুৰুতৰ অপৰাধৰ অভিযোগত অভিযুক্ত মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী। তেওঁৰ বিৰুদ্ধে ৮৯টা গোচৰ চলি আছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী বহু পিছত দ্বিতীয় স্থানত আছে। তেওঁৰ নামত আছে ২৯টা গোচৰ।
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ বিৰুদ্ধে ১৯টা গোচৰ চলি আছে। চতুৰ্থ আৰু পঞ্চম স্থানত আছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু কেৰালাৰ ভি ডি সতীশন।
ইতিমধ্যে এটা গোচৰত প্ৰায় ডেৰ বছৰ কাৰাগাৰত কটোৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ বিৰুদ্ধে আৰু ৫টা গোচৰ চলি আছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিঙৰ বিৰুদ্ধে চাৰিটাকৈ গোচৰ চলি আছে।
গুৰুতৰ অপৰাধৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ তালিকাত আছে তামিলনাডুৰ চি জোচেফ বিজয়, বিহাৰৰ সম্ৰাট চৌধুৰী, পঞ্জাৱৰ ভগৱন্ত মান, ছিকিমৰ পি এছ তামাং, ওড়িশাৰ মোহন মাঝি আৰু ৰাজস্থানৰ ভজনলাল শৰ্মা।
উচ্চতম ন্যায়ালয়ে ৰাজনৈতিক নেতা তথা বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে উত্থাপিত অপৰাধমূলক অভিযোগৰ সৈতে জড়িত এটা গোচৰত অধিবক্তা বিজয় আনছাৰিয়াক আদালতৰ সহযোগী হিচাপে নিযুক্তি দিছিল। তেওঁ মুখ্যমন্ত্ৰীসকলৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ প্ৰতিবেদন শীৰ্ষ আদালতত দাখিল কৰিছে।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পশ্চিম বংগত সৰ্বাধিক গুৰুতৰ অপৰাধৰ অধীনত বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। ২৯৩ জন বিধায়কৰ ভিতৰত ১৭০ বা ৫৮ শতাংশ বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ উত্থাপন হৈছে। লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ ক্ৰমে ৩৩ আৰু ৩১ শতাংশৰ বিৰুদ্ধে গোচৰ চলি আছে।
ভূৰখা মহলৰ একাংশৰ মতে, বৃহৎ নেতাৰ বিৰুদ্ধে অধিকাংশ গোচৰ ৰাজনৈতিক প্ৰতিশোধৰ বাবেই দাখিল কৰা হয়। এই সন্দৰ্ভত উল্লেখযোগ্য উদাহৰণ হ’ল তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু পশ্চিমবংগৰ শুভেন্দু অধিকাৰী। তেওঁলোক যেতিয়া বিৰোধী নেতা আছিল তেতিয়া তেওঁলোকৰ বিৰুদ্ধে পূৰ্বৰ চৰকাৰে লানি লানি গোচৰ ৰুজু কৰিছিল।
কংগ্ৰেছ আৰু বিজেপিৰ এই দুই নেতাই বাৰে বাৰে আদালতৰ কাষ চাপিছে। জামিন ল’বলৈ বাৰে বাৰে আদালতলৈ যাবলগীয়া হৈছে৷ আনকি গোচৰৰ পৰা সকাহ পাবলৈ উচ্চতম ন্যায়ালয়লৈ দৌৰিবলগীয়া হৈছিল।


