যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই লৈ আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ মাজতে গ্ৰেপ্তাৰ কৰা হৈছে মূল অভিযুক্ত আৰিয়ান গোস্বামীক। আৰক্ষীয়ে গোলাঘাট জিলাৰ ৰঙাজানৰ পৰা আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দিছে।
জানিব পৰা মতে, যোৰহাটৰ পোখামুৰা না-পামুৱা গাঁৱৰ বাসিন্দা যুৱতীগৰাকীয়ে ১৫ আগষ্টত গৌৰী এপাৰ্টমেণ্টৰ এটা ফ্লেটত অনুষ্ঠিত এক সমাবেশত অংশ লৈছিল। ইয়াৰ পাছতে তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। তেওঁক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
ঘটনাক কেন্দ্ৰ কৰি যুৱতীগৰাকীৰ পৰিয়ালে ৰ’ৰাইয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। এজাহাৰত যুৱতীগৰাকীক যৌন নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ইতিমধ্যে তিনিগৰাকী মহিলাক আটক কৰিছিল।
আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা মতে, ১৫ আগষ্টত যুৱতীগৰাকী এগৰাকী বন্ধুৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল আৰু পাছত গৌৰী এপাৰ্টমেণ্টৰ উক্ত সমাবেশত উপস্থিত হৈছিল। আৰক্ষীৰ সন্দেহ অনুসৰি, সেই সমাবেশৰ মাজতেই তেওঁ অসুস্থ হৈ পৰিছিল। ফ্লেটটো তিনিগৰাকী আটকাধীন মহিলাৰ এগৰাকীৰ নামত ভাড়া লোৱা হৈছিল বুলি জানিব পৰা গৈছে।
আনহাতে, যুৱতীগৰাকীক যিসকল লোকে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ লৈ গৈছিল, তেওঁলোকৰ একাংশ পাছত হাস্পতালৰ পৰা আঁতৰি যায়। তেওঁলোকৰ সন্ধান এতিয়াও লাভ কৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰৰ পাছত আৰক্ষীয়ে তেওঁক জেৰা কৰি ঘটনাটোৰ সৈতে তেওঁৰ কি ধৰণৰ সম্পৰ্ক আছে আৰু যুৱতীগৰাকীৰ মৃত্যুৰ আগলৈকে প্ৰকৃততে কি ঘটিছিল, সেই বিষয়ে তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে। উক্ত সমাবেশত উপস্থিত থকা বা ঘটনাটোৰ সৈতে জড়িত আন লোকসকলৰো সন্ধান চলি আছে।
ইফালে, যুৱতীগৰাকীৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। পৰিয়ালে উত্থাপন কৰা যৌন নিৰ্যাতন আৰু হত্যাৰ অভিযোগো আৰক্ষীৰ তদন্তৰ আওতাত আছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে ঘটনাটোৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।





