প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মদিন উপলক্ষে মাতৃ ছোনিয়া গান্ধীক লৈ এক আবেগিক পোষ্ট প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। পোষ্টটোত তেওঁ পিতৃক স্মৰণ কৰাৰ লগতে ছোনিয়া গান্ধীৰ জীৱনসংগ্ৰাম আৰু ত্যাগৰ কথা উল্লেখ কৰি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে।
ৰাহুল গান্ধীয়ে লিখিছে যে, তেওঁ ৩৫ বছৰতকৈও অধিক সময় পূৰ্বে শেষবাৰৰ বাবে পিতৃ ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীক একেলগে দেখিছিল। ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত ছোনিয়া গান্ধীয়ে প্ৰতিটো কঠিন পৰিস্থিতিৰ লগত অসীম সাহসেৰে মোকাবিলা কৰা বুলি তেওঁ উল্লেখ কৰে।
তেওঁ কয়, ছোনিয়া গান্ধীয়ে পিতৃৰ মৃত্যুৰ পিছত কেনেদৰে কঠিন সময় পাৰ কৰিছে, সেই কথা প্ৰকৃততে তেওঁ আৰু তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়েহে ভালদৰে জানে।
ৰাহুল গান্ধীয়ে লগতে ছোনিয়া গান্ধীৰ জীৱনক কেন্দ্ৰ কৰি প্ৰকাশ পাবলগীয়া কিতাপ “Belonging: A Journey of Love”-ৰ কথাও উল্লেখ কৰে। তেওঁৰ মতে, ইমান ব্যক্তিগত স্বভাৱৰ এগৰাকী মানুহে নিজৰ জীৱনৰ কাহিনী বিশ্ববাসীৰ আগত মুকলি কৰাটো সহজ নাছিল।
পোষ্টৰ শেষত ৰাহুল গান্ধীয়ে লিখে যে, আজিৰ দিনটোত তেওঁ কল্পনা কৰিব পাৰিছে-ৰাজীৱ গান্ধীয়ে ওপৰৰ পৰা চাই নিজৰ ‘সুন্দৰী ছোনিয়া’ক লৈ গৌৰৱ অনুভৱ কৰিছে।
ৰাহুল গান্ধীৰ এই আবেগিক পোষ্টে ৰাজীৱ গান্ধীৰ জন্মদিনত গান্ধী পৰিয়ালৰ ব্যক্তিগত জীৱনৰ এক গভীৰ অনুভূতি আৰু ছোনিয়া গান্ধীৰ দীৰ্ঘ জীৱনসংগ্ৰামৰ দিশটো পুনৰ চৰ্চালৈ আনিছে।





