• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2026 4:54 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰীক্ষাৰ পূৰ্বেই ফাদিল হৈছিল প্ৰশ্নকাকত। হোৱাটছ এপত ভাইৰেল হোৱা এখন প্ৰশ্নকাকতৰ সৈতে ৭০ % মিল আছিল মূল প্ৰশ্নকাকতখনৰ। ঘটনাৰ পাছতে ছত্তীশগড়ৰ ইন্দিৰা গান্ধী কৃষি বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এটা পৰীক্ষা বাতিল কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

অৱশ্যে, প্ৰশ্নকাকত সঁচাকৈয়ে পৰীক্ষাৰ পূৰ্বে ফাদিল হৈছিল নে নাই, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ঘটনাটোৰ সত্যতা নিৰ্ণয় কৰিবলৈ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে।

Apply Now

বৃহস্পতিবাৰে ৰায়পুৰৰ ইন্দিৰা গান্ধী কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ৩৪খন মহাবিদ্যালয়ত BSc Agriculture-ৰ দ্বিতীয় বৰ্ষৰ দ্বিতীয় ছেমিষ্টাৰৰ Entomology পৰীক্ষা অনুষ্ঠিত হৈছিল। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অনুষ্ঠিত এই পৰীক্ষাত প্ৰায় ৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল।

পৰীক্ষা শেষ হোৱাৰ পাছতেই হোৱাটছএপত ভাইৰেল হোৱা এখন প্ৰশ্নকাকতক লৈ অভিযোগ উত্থাপন হয়। দাবী কৰা হয় যে, সেই প্ৰশ্নকাকতৰ সৈতে পৰীক্ষাত অহা প্ৰশ্নকাকতৰ প্ৰায় ৭০ শতাংশ প্ৰশ্নৰ মিল আছে। ইয়াৰ পাছতেই ছাত্ৰ-ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হয়।

অভিযোগ পোৱাৰ পাছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘটনাটো তদন্ত কৰিবলৈ পাঁচজনীয়া এখন কমিটি গঠন কৰে। কমিটিৰ পৰামৰ্শ অনুসৰিয়েই বৃহস্পতিবাৰে সন্ধিয়া পৰীক্ষাটো বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়।

বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ ড০ কপিল দেৱ দীপকে জনোৱা মতে, পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকতৰ বিষয়বস্তু কোনো আভ্যন্তৰীণ উৎসৰ জৰিয়তে বাহিৰলৈ ওলাই গৈছিল নেকি, সেয়া আৰক্ষীৰ তদন্তত নিৰ্ণয় কৰা হ’ব।

ইফালে ঘটনা পোহৰলৈ অহাৰ পাছতেই বিশ্ববিদ্যালয় চৌহদত ছাত্ৰ সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰথমে কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUI-ৰ সদস্যসকলে প্ৰতিবাদ কৰে। তাৰ পাছত ABVP-ৰ সদস্যসকলেও একে বিষয়তে বিক্ষোভ প্ৰদৰ্শন কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ, পৰীক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত এনে অনিয়ম কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।

বৃহস্পতিবাৰে সন্ধিয়া বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে জাৰি কৰা এক জাননীত AENT 221—‘Pest Management in Crops and Stored Grains-I (Rabi Crops)’ পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰা হয়।

নতুনকৈ পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ’ব, সেই বিষয়ে এতিয়াও চূড়ান্ত তাৰিখ ঘোষণা কৰা হোৱা নাই। অৱশ্যে বিশ্ববিদ্যালয়ৰ সূত্ৰই জনোৱা মতে, ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।

ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ বাবে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ৰায়পুৰৰ তেলিবাঁধা থানাত অভিযোগ দাখিলৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে। এতিয়া আৰক্ষীৰ তদন্ততেই স্পষ্ট হ’ব—হোৱাটছএপত ভাইৰেল হোৱা প্ৰশ্নকাকত আৰু পৰীক্ষাৰ মূল প্ৰশ্নকাকতৰ মাজত থকা এই বৃহৎ মিল কেৱল কাকতালীয় আছিল নে পৰীক্ষাৰ পূৰ্বেই প্ৰশ্নকাকত ফাদিল হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

October 22, 2026 8:10 pm
ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

October 22, 2026 7:21 pm
বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

October 22, 2026 6:30 pm
আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

October 22, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

October 22, 2026 8:10 pm
ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

October 22, 2026 7:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd