পৰীক্ষাৰ পূৰ্বেই ফাদিল হৈছিল প্ৰশ্নকাকত। হোৱাটছ এপত ভাইৰেল হোৱা এখন প্ৰশ্নকাকতৰ সৈতে ৭০ % মিল আছিল মূল প্ৰশ্নকাকতখনৰ। ঘটনাৰ পাছতে ছত্তীশগড়ৰ ইন্দিৰা গান্ধী কৃষি বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এটা পৰীক্ষা বাতিল কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
অৱশ্যে, প্ৰশ্নকাকত সঁচাকৈয়ে পৰীক্ষাৰ পূৰ্বে ফাদিল হৈছিল নে নাই, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ঘটনাটোৰ সত্যতা নিৰ্ণয় কৰিবলৈ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে।
বৃহস্পতিবাৰে ৰায়পুৰৰ ইন্দিৰা গান্ধী কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ৩৪খন মহাবিদ্যালয়ত BSc Agriculture-ৰ দ্বিতীয় বৰ্ষৰ দ্বিতীয় ছেমিষ্টাৰৰ Entomology পৰীক্ষা অনুষ্ঠিত হৈছিল। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অনুষ্ঠিত এই পৰীক্ষাত প্ৰায় ৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল।
পৰীক্ষা শেষ হোৱাৰ পাছতেই হোৱাটছএপত ভাইৰেল হোৱা এখন প্ৰশ্নকাকতক লৈ অভিযোগ উত্থাপন হয়। দাবী কৰা হয় যে, সেই প্ৰশ্নকাকতৰ সৈতে পৰীক্ষাত অহা প্ৰশ্নকাকতৰ প্ৰায় ৭০ শতাংশ প্ৰশ্নৰ মিল আছে। ইয়াৰ পাছতেই ছাত্ৰ-ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হয়।
অভিযোগ পোৱাৰ পাছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘটনাটো তদন্ত কৰিবলৈ পাঁচজনীয়া এখন কমিটি গঠন কৰে। কমিটিৰ পৰামৰ্শ অনুসৰিয়েই বৃহস্পতিবাৰে সন্ধিয়া পৰীক্ষাটো বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়।
বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ ড০ কপিল দেৱ দীপকে জনোৱা মতে, পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকতৰ বিষয়বস্তু কোনো আভ্যন্তৰীণ উৎসৰ জৰিয়তে বাহিৰলৈ ওলাই গৈছিল নেকি, সেয়া আৰক্ষীৰ তদন্তত নিৰ্ণয় কৰা হ’ব।
ইফালে ঘটনা পোহৰলৈ অহাৰ পাছতেই বিশ্ববিদ্যালয় চৌহদত ছাত্ৰ সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰথমে কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUI-ৰ সদস্যসকলে প্ৰতিবাদ কৰে। তাৰ পাছত ABVP-ৰ সদস্যসকলেও একে বিষয়তে বিক্ষোভ প্ৰদৰ্শন কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ, পৰীক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত এনে অনিয়ম কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।
বৃহস্পতিবাৰে সন্ধিয়া বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে জাৰি কৰা এক জাননীত AENT 221—‘Pest Management in Crops and Stored Grains-I (Rabi Crops)’ পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰা হয়।
নতুনকৈ পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ’ব, সেই বিষয়ে এতিয়াও চূড়ান্ত তাৰিখ ঘোষণা কৰা হোৱা নাই। অৱশ্যে বিশ্ববিদ্যালয়ৰ সূত্ৰই জনোৱা মতে, ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।
ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ বাবে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ৰায়পুৰৰ তেলিবাঁধা থানাত অভিযোগ দাখিলৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে। এতিয়া আৰক্ষীৰ তদন্ততেই স্পষ্ট হ’ব—হোৱাটছএপত ভাইৰেল হোৱা প্ৰশ্নকাকত আৰু পৰীক্ষাৰ মূল প্ৰশ্নকাকতৰ মাজত থকা এই বৃহৎ মিল কেৱল কাকতালীয় আছিল নে পৰীক্ষাৰ পূৰ্বেই প্ৰশ্নকাকত ফাদিল হৈছিল।


