• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2026 8:05 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লিত ছোৱাইন ফ্লু বা H1N1 ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে আম আদমি পাৰ্টি (আপ)-এ। দলটোৰ অভিযোগ, ৰাজধানী দিল্লিৰ বহু লোক, বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত জ্বৰ, কাহ আৰু ফ্লুৰ দৰে লক্ষণ দেখা গৈছে। এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সাধাৰণ লোকৰ মাজত অধিক সজাগতা সৃষ্টি কৰাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ প্ৰশাসনক আহ্বান জনাইছে আপে।

দিল্লি আপৰ সভাপতি সৌৰভ ভৰদ্বাজে সামাজিক মাধ্যম ‘এক্স’ত দিয়া এটা পোষ্টত কয় যে দিল্লিৰ বহু লোক, বিশেষকৈ স্কুলীয়া শিশুসকলে তীব্ৰ জ্বৰ, কাহ আৰু ফ্লুৰ দৰে সমস্যাত ভুগিছে। বহু লোকৰ মতে ইয়াৰ কাৰণ H1N1 সংক্ৰমণ হ’ব পাৰে। চৰকাৰৰ প্ৰস্তুতিক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁ অভিযোগ কৰে যে পৰিস্থিতি মোকাবিলা কৰিবলৈ এতিয়াও পৰ্যাপ্ত ব্যৱস্থা কৰা হোৱা নাই।

Apply Now

সৌৰভ ভৰদ্বাজে লগতে অভিযোগ কৰে যে H1N1 অতি সংক্ৰামক আৰু ই কৰোনাৰ দৰে দ্ৰুতগতিত বিয়পিছে। তেওঁৰ মতে, এটা পৰিয়ালৰ এজন লোক আক্ৰান্ত হ’লে পৰিয়ালৰ আন সদস্যসকলৰ মাজতো সহজে সংক্ৰমণ হোৱাৰ আশংকা থাকে। তেওঁ হাস্পতাল আৰু ডিচপেনচাৰিসমূহত পৰ্যাপ্ত ঔষধ মজুত ৰখাৰ লগতে ব্যাপক সজাগতা অভিযান চলোৱাৰ দাবী জনায়।

ইফালে দিল্লিত হঠাৎ H1N1 সংক্ৰমণ বৃদ্ধি পোৱাক লৈ শুকুৰবাৰে পৰিস্থিতি পৰ্যালোচনা কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, বৈঠকত দেশজুৰি ইনফ্লুয়েঞ্জা পৰ্যবেক্ষণ, ভাইৰাছৰ ধৰণ, পৰীক্ষা আৰু লেবৰেটৰী পৰ্যবেক্ষণৰ লগতে দিল্লীৰ হাস্পতালসমূহৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত দিল্লীৰ স্বাস্থ্যমন্ত্ৰী পংকজ কুমাৰ সিঙো উপস্থিত আছিল। আক্ৰান্ত লোকক সোনকালে চিনাক্ত কৰি উপযুক্ত চিকিৎসা দিয়াৰ ওপৰত জোৰ দিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

চলিত বছৰত এতিয়ালৈকে দিল্লিত মুঠ ১,৭৭৭টা ছোৱাইন ফ্লুৰ ঘটনা পোহৰলৈ আহিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু দিল্লী চৰকাৰৰ মাজত হোৱা উচ্চপৰ্যায়ৰ বৈঠকৰ পিছত দিল্লীৰ স্বাস্থ্যমন্ত্ৰী পংকজ কুমাৰ সিঙে কয় যে ইনফ্লুয়েঞ্জাৰ ঘটনা বৃদ্ধি পালেও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দিল্লী চৰকাৰ সম্পূৰ্ণ সাজু হৈ আছে। তেওঁ দাবী কৰে যে দিল্লীত হাস্পতালৰ বেড, চিকিৎসক, ঔষধ বা জৰুৰী চিকিৎসা সামগ্ৰীৰ কোনো অভাৱ নাই।

চিকিৎসকৰ মতে, H1N1 বা ছোৱাইন ফ্লুৰ সাধাৰণ লক্ষণসমূহৰ ভিতৰত জ্বৰ, কাহ, ডিঙিৰ বিষ, মূৰৰ বিষ, শৰীৰৰ বিষ আৰু অধিক ভাগৰি পৰা অন্যতম। কিন্তু যদি দীঘলীয়া সময় ধৰি অধিক জ্বৰ থাকে, শ্বাস-প্ৰশ্বাসত অসুবিধা হয়, বুকুত বিষ হয় বা স্বাস্থ্যৰ অৱস্থা বেয়া হৈ যায়, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

দিল্লী ষ্টেট হেলথ মিছনে ইন্টিগ্ৰেটেড ডিজিজ ছাৰ্ভেইলেঞ্চ প্ৰগ্ৰাম বা IDSPৰ জৰিয়তে পৰিস্থিতিৰ ওপৰত নিয়মীয়াকৈ নজৰ ৰাখিছে। ইয়াৰ লগতে জিলা স্বাস্থ্য বিষয়াসকল আৰু হাস্পতালসমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰি আক্ৰান্ত লোকৰ উপযুক্ত চিকিৎসা, আইছ’লেচন আৰু সতৰ্কতামূলক ব্যৱস্থা নিশ্চিত কৰিবলৈ কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am
পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

August 22, 2026 8:05 am
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd