অসম-মেঘালয়ৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা সীমান্ত উত্তেজনা কমাবলৈ আজি গুৱাহাটীত দুয়ো ৰাজ্যৰ প্ৰতিনিধিৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। মেঘালয়ৰ এটা প্ৰতিনিধি দলে গুৱাহাটীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত অসমৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনাত মিলিত হ’ব।
শ্বিলঙত চলি থকা খাচী ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰতিবাদৰ মাজতে অসমত পঞ্জীয়নভুক্ত বাহন আৰু অসমৰ পৰা যোৱা পৰ্যটকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই দুয়ো ৰাজ্যৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল। ১৯ আগষ্টত শ্বিলঙত অনুষ্ঠিত প্ৰতিবাদৰ সময়ত একাংশ মুখ ঢকা দুৰ্বৃত্তই অসমৰ পৰ্যটক কঢ়িওৱা বাহনক লক্ষ্য কৰি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
এই ঘটনাত কেইবাখনো বাহন ভাঙি পেলোৱা হয়। বাহনৰ খিৰিকী আৰু সন্মুখৰ কাঁচ ক্ষতিগ্ৰস্ত কৰাৰ লগতে একাংশ পৰ্যটকো আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাটোৰ পাছত অসম-মেঘালয় সংযোগী গুৰুত্বপূৰ্ণ প্ৰৱেশপথ যোৰাবাটতো প্ৰতিবাদ আৰম্ভ হয়।
যোৰাবাটত মেঘালয়ত পঞ্জীয়নভুক্ত বাহন ৰখাই উভতাই পঠিওৱা হয়। শ্বিলঙৰ ঘটনাত ক্ষতিগ্ৰস্ত বাহনৰ ক্ষতিপূৰণ আৰু ঘটনাটোৰ বাবে ক্ষমা বিচৰাৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ যোৰাবাটত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হয়।
ইফালে, শ্বিলঙৰ ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত হোৱাৰ পাছত খাচী ষ্টুডেন্ট ইউনিয়নৰ তিনিজন বিষয়ববীয়াক গ্ৰেপ্তাৰ কৰা হৈছে।
এই পৰিস্থিতিৰ মাজতে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাই সকলো পক্ষকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে। তেওঁ কোনো ঘটনাই যাতে অসম আৰু মেঘালয়ৰ মাজত বহুদিনীয়া সম্পৰ্কত প্ৰভাৱ পেলাব নোৱাৰে, তাৰ বাবে জনসাধাৰণক সংযমী হ’বলৈ আহ্বান জনায়।
আজি অনুষ্ঠিত হ’বলগীয়া বৈঠকত দুয়ো ৰাজ্যৰ মাজৰ উত্তেজনা কমোৱা, পৰিস্থিতি স্বাভাৱিক কৰা আৰু ভৱিষ্যতে এনে ঘটনা যাতে পুনৰ সংঘটিত নহয়, সেই বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে। দুয়ো পক্ষই আলোচনাৰ জৰিয়তে সমস্যাৰ শান্তিপূৰ্ণ সমাধান উলিওৱাৰ ওপৰত গুৰুত্ব দিব।





