• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

তিনিখনকৈ দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা এগৰাকী প্ৰাক্তন কূটনীতিবিদেই এতিয়া নিজ দেশত প্ৰমাণ কৰিবলগীয়া হৈছে নিজৰ নাগৰিকত্ব!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2026 7:36 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিখনকৈ দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা এগৰাকী প্ৰাক্তন কূটনীতিবিদেই এতিয়া নিজ দেশত প্ৰমাণ কৰিবলগীয়া হৈছে নিজৰ নাগৰিকত্ব! ভাৰতৰ নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াৰ নামত হোৱা এনে আজৱ কাণ্ডক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ইজিপ্তৰ দৰে দেশত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা এইগৰাকী প্ৰাক্তন কূটনীতিবিদক নাগৰিকত্ব প্ৰমাণৰ বাবে ‘অনিৰ্দিষ্ট নথিপত্ৰ’ বিচৰা কাৰ্যই নিৰ্বাচন আয়োগৰ কাম-কাজক লৈ এক ডাঙৰ প্ৰশ্নবোধক চিহ্ন আঁকি দিছে।

 

Apply Now

অষ্ট্ৰেলিয়াতো ভাৰতৰ উচ্চায়ুক্ত হিচাপে সেৱা আগবঢ়োৱা প্ৰাক্তন ৰাষ্ট্ৰদূত নৱদ্বীপ ছুৰীয়ে এক্স যোগে পঞ্জাৱত এছ আই আৰ প্ৰক্ৰিয়াৰ সময়ত সন্মুখীন হোৱা তেওঁৰ হতাশাজনক অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে।

 

তেওঁ নিজৰ পোষ্টত লিখিছে, “পঞ্জাৱত এছ আই আৰ-ৰ সৈতে মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছোঁ। বি এল অ’ৰ ওচৰলৈ গৈ ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড জমা দিছিলোঁ, আৰু সকলো ঠিকেই আছে বুলি মোক আশ্বাস দিয়া হৈছিল। কিন্তু আজি এজন স্বেচ্ছাসেৱকৰ পৰা এটা মেছেজ পালোঁ যে মোৰ কিছুমান তথ্য ২০০৩ চনৰ এছ আই আৰ-ৰ সৈতে মিলি থকা নাই!”

 

তেওঁ লগতে কয়, “বি এল অ’-ৰ সৈতে কথা পাতিলোঁ, তেওঁ মোক গৈ জাননীখন সংগ্ৰহ কৰিবলৈ ক’লে। লগতে মই যে এজন ভাৰতীয় নাগৰিক, তাক প্ৰমাণ কৰিব পৰা কিছুমান অনিৰ্দিষ্ট নথিপত্ৰ লৈ যাবলৈ ক’লে। মই উত্তৰ দিলোঁ যে মই ২০০৩ চনত ভাৰতত নাছিলোঁ, সেয়েহে তেওঁলোকে প্ৰমাণ হিচাপে পাছপোৰ্ট বিচাৰিছে।”

 

প্ৰাক্তন কূটনীতিবিদগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি কয়, “মোৰ ওচৰত ভোটাৰ আইডি আৰু আধাৰ কাৰ্ডৰ বাহিৰেও অন্য নথিপত্ৰ আছে। কিন্তু মই নুসুধিকৈ নোৱাৰিলোঁ: যদি তিনিখনকৈ দেশত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ পিছতো মোৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ ইমান অসুবিধা হয়, তেন্তে সাধাৰণ নাগৰিকৰ অৱস্থা কি হ’ব? মই ভাবোঁ, এয়াই হৈছে ইজ অৱ লিভিং (Ease of Living)!”

 

উল্লেখযোগ্য যে বি এল অ’ বা বুথ পৰ্যায়ৰ বিষয়া হৈছে এছ আই আৰ প্ৰক্ৰিয়াৰ বাবে জনসাধাৰণৰ সৈতে যোগাযোগৰ মূল মাধ্যম। অৱশ্যে, ৰাজহুৱা জীৱনৰ সৈতে জড়িত কোনো ব্যক্তিয়ে এছ আই আৰ তালিকাত নিজৰ নাম নথকা বা ভুল থকাৰ অভিযোগ উত্থাপন কৰা এয়াই প্ৰথম ঘটনা নহয়। পূৰ্বেও এনেধৰণৰ বিষয় পোহৰলৈ আহিছিল আৰু সঠিক পৰীক্ষণৰ অন্তত সেয়া সমাধান কৰা হৈছিল।

 

এছ আই আৰ (SIR) প্ৰক্ৰিয়া পোনপ্ৰথমে ২০২৫ চনৰ জুন মাহত বিহাৰত আৰম্ভ কৰা হৈছিল। এই প্ৰক্ৰিয়াৰ পিছত মৃত ভোটাৰকে ধৰি প্ৰায় ৬০ লাখ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছিল। আনহাতে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগতো ৯০ লাখ ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া হৈছিল।

 

এছ আই আৰ অনুসৰি যিসকল ভোটাৰ ২০০২ বা ২০০৩ চনৰ নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত নাছিল, তেওঁলোকে পুৰণি তালিকাৰ সৈতে নিজৰ সম্পৰ্ক থকাৰ নথিপত্ৰ প্ৰদান কৰিব লাগে। প্ৰথমাৱস্থাত নিৰ্বাচন আয়োগে আধাৰ কাৰ্ডক বাদ দি ১১ খন গ্ৰহণযোগ্য নথিপত্ৰৰ তালিকা প্ৰস্তুত কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পোৱাৰ পিছত নিৰ্বাচন আয়োগে এই তালিকাত আধাৰ কাৰ্ডকো অন্তৰ্ভুক্ত কৰে। ন্যায়ালয়ে সমগ্ৰ প্ৰক্ৰিয়াটোৰ সাংবিধানিক গুৰুত্বৰ ওপৰতো বিশেষ নিৰীক্ষণ আগবঢ়াইছিল।

 

নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকা সংশোধন কৰাৰ ক্ষমতা আছে যদিও, এই ক্ষমতা অসীম হ’ব নোৱাৰে আৰু ই স্বচ্ছতা তথা স্বাভাৱিক ন্যায়ৰ নীতিত আধাৰিত হ’ব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am
ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd