বয়স ৩০ পাৰ হওঁতেই দুডালমান বগা চুলি দেখা দিয়াটো বা ৩৫-ৰ আগতেই চুলিৰ এটা ডাঙৰ অংশ অকালতে পকাটো আজিকালি কোনো বিৰল ঘটনা নহয়। অনেকেই ইয়াক বংশগত কাৰণ বা অতিৰিক্ত মানসিক চাপ বুলি ধৰি লয়। কিন্তু ছালৰোগ বিশেষজ্ঞসকলৰ মতে, অকালতে চুলি পকাৰ আঁৰত দেহত পুষ্টিকৰ উপাদানৰ ঘাটিও এক প্ৰধান কাৰণ হ’ব পাৰে। বিশেষকৈ ভিটামিন বি-১২, আইৰণ আৰু জিংকৰ অভাৱৰ সৈতে অকালপক্কতাৰ পোনপটীয়া সম্পৰ্ক থাকিব পাৰে।
শৰীৰত প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থৰ ঘাটি হ’লে চুলিৰ ৰং তৈয়াৰ কৰা উপাদান ‘মেলানিন’ৰ উৎপাদন কমি যায়। ইয়াৰ ফলত বয়সৰ আগতেই চুলি পকিবলৈ আৰম্ভ কৰে। বিশেষকৈ ভিটামিন বি-১২, আইৰণ, ফেৰিটিন, কপাৰ আৰু জিংকে চুলিৰ গুৰিলৈ পুষ্টি আৰু অক্সিজেন কঢ়িয়াই নিয়াৰ লগতে চুলিৰ স্বাভাৱিক ৰং ধৰি ৰখাত পোনপতীয়াকৈ সহায় কৰে। সেয়েহে তেজত এই উপাদানসমূহৰ অভাৱ হ’লে চুলিয়ে নিজৰ প্ৰাকৃতিক ৰং হেৰুৱাই বগা বা মুগা বৰণৰ হ’বলৈ ধৰে।
ইয়াৰ উপৰিও দুশ্চিন্তা বা দীৰ্ঘদিনীয়া মানসিক চাপৰ কাৰণে চুলিৰ ৰং তৈয়াৰ কৰা ‘মেলান’চাইট ষ্টেম’ কোষবোৰ নষ্ট হৈ যায়, যাৰ ফলত চুলি দ্ৰুতগতিত পকে। অতিৰিক্ত দুশ্চিন্তাৰ ফলত শৰীৰৰ পৰা নিঃসৰণ হোৱা ষ্ট্ৰেছ হৰম’ন আৰু কোষে সৃষ্টি কৰা অক্সিডেটিভ ষ্ট্ৰেছে চুলিৰ গুৰিত ৰং উৎপাদনকাৰী কোষবোৰৰ চিৰদিনৰ বাবে ক্ষতিসাধন কৰে।
ভিটামিন বি-১২ৰ ঘাটি
শৰীৰত ভিটামিন বি-১২ৰ পৰিমাণ কমি গ’লে বিভিন্ন শাৰীৰিক সমস্যাৰ লগতে চুলিৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিব পাৰে। কম বয়সতে চুলি পকিবলৈ ধৰিলে খাদ্যত পৰ্যাপ্ত পৰিমাণৰ বি-১২ আছেনে নাই, সেয়া লক্ষ্য কৰাটো জৰুৰী। প্ৰাণীজ খাদ্যসমূহ এই ভিটামিনৰ অন্যতম প্ৰধান উৎস। অৱশ্যে কেৱল বগা চুলি দেখিয়েই বি-১২ৰ ঘাটি হোৱা বুলি ধৰি লোৱাটো উচিত নহয়, প্ৰয়োজনবোধে চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেজ পৰীক্ষা কৰোৱা ভাল।
আইৰণৰ ঘাটি
চুলিৰ স্বাভাৱিক বৃদ্ধিৰ বাবে আইৰণ অতি গুৰুত্বপূৰ্ণ। শৰীৰত আইৰণৰ অভাৱ হ’লে চুলিৰ সামগ্ৰিক স্বাস্থ্যত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। যিসকলৰ খাদ্যত আইৰণৰ পৰিমাণ কম, তেওঁলোকে এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত। অৱশ্যে চুলি পকাৰ একমাত্ৰ কাৰণ হিচাপে কেৱল আইৰণৰ ঘাটিক দায়ী কৰিব নোৱাৰি।
জিংকৰ ঘাটি
শৰীৰৰ বিভিন্ন স্বাভাৱিক কাম-কাজৰ লগতে চুলি আৰু ছালৰ সুস্থতাৰ বাবেও জিংকৰ প্ৰয়োজন। চিকিৎসকসকলৰ মতে, জিংকৰ ঘাটিয়ে চুলিৰ স্বাস্থ্যৰ অৱনতি ঘটোৱাৰ লগতে অকালপক্বতাৰ ক্ষেত্ৰতো অৰিহণা যোগায়।
ফেৰিটিন আৰু কপাৰৰ ঘাটি
ফেৰিটিনৰ ঘাটিও পোনপটীয়াকৈ চুলি বগা হোৱাৰ কাৰণ হ’ব পাৰে। ফেৰিটিন হৈছে শৰীৰত আইৰণ জমা কৰি ৰখা এক ভঁৰাল, যিয়ে চুলিৰ গুৰিলৈ অক্সিজেন আৰু পুষ্টি যোগান ধৰাত সহায় কৰে। আনহাতে, কপাৰ নামৰ খনিজ বিধো চুলিত ৰং তৈয়াৰ কৰা উপাদান মেলানিন উৎপাদনৰ বাবে অপৰিহাৰ্য।
এই সকলোবোৰ কাৰণৰ প্ৰতি লক্ষ্য ৰাখি অকালতে চুলি পকিলে চিকিৎসকৰ পৰামৰ্শ লৈ তেজৰ পৰীক্ষা কৰোৱাটো উচিত। তাৰ পাছতহে প্ৰকৃত কাৰণ নিৰ্ণয় কৰি সেই অনুসৰি চিকিৎসা আৰম্ভ কৰা প্ৰয়োজন।


