আমেৰিকাত হায়দৰাবাদৰ এগৰাকী যুৱতীক হত্যা কৰা হৈছিলল। কলম্বিয়াৰ মেৰিলেণ্ডৰ এটা এপাৰ্টমেণ্টৰ পৰা উদ্ধাৰ কৰা হৈছিল তেওঁৰ মৃতদেহ। আমেৰিকাত কৰ্মৰত যুৱতীগৰাকীৰ হত্যাকাণ্ডৰ অভিযুক্তক আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ বিৰুদ্ধে আৰ্থিক জালিয়াতিৰ গোচৰো আছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত যুৱতীগৰাকীৰ নাম নিকিতা গোডিশালা। হায়দৰাবাদৰ এই ২৭ বছৰীয়া যুৱতীগৰাকীয়ে আমেৰিকাৰ এটা কোম্পানীত ডাটা এণ্ড ষ্ট্ৰেটেজি এনালিষ্ট (Data and Strategy Analyst) হিচাপে কাম কৰি আছিল।
তেওঁৰ প্ৰাক্তন প্ৰেমিক তথা ৰুমমেট অৰ্জুন শৰ্মাৰ বিৰুদ্ধে নিকিতাৰ হত্যাৰ অভিযোগ উঠিছিল। পেছাত চফটৱেৰ ইঞ্জিনিয়াৰ অৰ্জুনে হত্যাকাণ্ডৰ পিছত ভাৰতলৈ পলায়ন কৰা বুলি অভিযোগ উঠে। অৱশ্যে শেষ ৰক্ষা নহ’ল। লালাগুৰা থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে অৰ্জুনক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি নিকিতাই বিগত চাৰি বছৰ ধৰি আমেৰিকাত কৰ্মৰত আছিল। তেওঁক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা বুলি অভিযোগ উঠিছে। ইয়াৰ লগতে নিকিতাৰ পিতৃ আনন্দ গোডিশালাই অৰ্জুনৰ বিৰুদ্ধে প্ৰতাৰণাৰ গোচৰ ৰুজু কৰিছিল। সেই প্ৰতাৰণাৰ গোচৰৰ তদন্তৰ আঁত ধৰি অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছে।
এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, আগ্ৰাৰ এটা ফ্লেটত অৰ্জুনক বিচাৰি উলিওৱা হৈছে। প্ৰতাৰণা গোচৰত তেওঁক জাননী দিয়া হৈছিল। যিহেতু ইতিমধ্যে আমেৰিকাত তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হৈছিল আৰু জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা আছিল, সেয়েহে বিষয়টো কেন্দ্ৰীয় কৰ্তৃপক্ষক জনোৱা হয়। পিছত কেন্দ্ৰীয় সংস্থাসমূহে তেওঁক নতুন দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টত হাজিৰ কৰে। বৰ্তমান অৰ্জুন আৰক্ষীৰ জিম্মাত আছে।
জানিব পৰা মতে, যোৱা বছৰৰ ডিচেম্বৰৰ শেষৰ পৰা নিকিতাক বিচাৰি পোৱা হোৱা নাছিল। নিকিতা আগতে আমেৰিকাৰ এলিকট চিটিত বাস কৰিছিল। ২ জানুৱাৰীত নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল। ইয়াৰ পিছত হাৱাৰ্ড কাউন্টি আৰক্ষীয়ে জনোৱা মতে, মেৰিলেণ্ডৰ প্ৰাক্তন ৰুমমেট অৰ্জুন শৰ্মাৰ এপাৰ্টমেণ্টৰ পৰা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।
নিকিতাক হত্যা কৰি ভাৰতলৈ পলায়ন কৰাৰ অভিযোগত অৰ্জুন শৰ্মাক প্ৰথম আৰু দ্বিতীয় ডিগ্ৰীৰ হত্যাৰ অভিযোগত আমেৰিকাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল।
ইপিনে, হায়দৰাবাদ আৰক্ষীয়ে জনোৱা মতে চলিত বৰ্ষৰ এপ্ৰিল মাহত অৰ্জুনৰ বিৰুদ্ধে প্ৰতাৰণাৰ গোচৰ ৰুজু হৈছিল। সেই গোচৰত অৰ্জুনে নিকিতাৰ পৰা টকা লৈ ঘূৰাই নিদিয়াৰ অভিযোগো উত্থাপন হৈছিল। ইয়াৰ পিছত এই তদন্তত কিছু সূত্ৰ পোৱাৰ পিছতে আৰক্ষীৰ এটা দল আগ্ৰালৈ প্ৰেৰণ কৰা হয়।
নিকিতাৰ পিতৃয়ে দাবী কৰিছে যে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত অৰ্জুনে চাকৰি হেৰুৱাইছিল। ইয়াৰ পিছত নিকিতা আৰু তাইৰ পৰিয়ালৰ লোকৰ পৰা ধন ধাৰে লৈছিল। নিকিতাৰ মৃত্যুৰ আগতে তেওঁৰ পাবলগীয়া ধনক লৈ আৰ্থিক বিবাদ হৈছিল। অৰ্জুনৰ আমেৰিকাত আনৰ লগতো আৰ্থিক লেনদেন আছিল। এই আৰ্থিক বিবাদৰ বাবেই নিকিতাক হত্যা কৰা বুলিও তেওঁ অভিযোগ কৰে।





