• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2026 4:56 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাগীৰোড সমজিলা অন্তৰ্গত ধৰমতুলৰ খনদুবাত মেক্স চিমেণ্টৰ প্ৰস্তাৱিত গ্ৰাইণ্ডিং ইউনিট স্থাপনক কেন্দ্ৰ কৰি যোৱা ২৮ আগষ্টত আয়োজিত ৰাজহুৱা শুনানি সম্পূৰ্ণৰূপে এক চৰম প্ৰহসনত পৰিণত হয়। জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই শুনানিত পুঁজিপতিৰ স্বাৰ্থত গণতন্ত্ৰক উলংঘা কৰি প্ৰকল্পটোৰ বিৰোধিতা কৰিবলৈ অহা প্ৰকৃত গাঁৱবাসীসকলক বলপূৰ্বকভাৱে বাধা প্ৰদান কৰা হয়। প্ৰশাসন আৰু কোম্পানীৰ নিকৃষ্ট ষড়যন্ত্ৰৰ ফলত ক্ষতিগ্ৰস্ত গাঁৱবাসীক বাহিৰত ৰাখি কোম্পানীয়ে আঁহতগুৰিৰ দৰে দূৰ-দূৰণিৰ পৰা মানুহ কঢ়িয়াই আনি প্ৰকল্পৰ সমৰ্থনত ভুৱা ভিৰৰ সৃষ্টি কৰে। চিমেণ্ট কোম্পানী আৰু প্ৰশাসনৰ এই কাণ্ডত ক্ষুব্ধ হৈ পৰে স্থানীয় গাঁৱবাসী।

এই অন্যায়ৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰা খনদুবাৰ স্থানীয় মহিলা জোনটি ডেকাই কোম্পানীটোৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। তেওঁ ক্ষোভেৰে কয় byte

Apply Now

ইপিনে মেক্স চিমেণ্টে স্থানীয় ৰাইজক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি গ্ৰাইণ্ডিং ইউনিট স্থাপন কৰিবলৈ চেষ্টা কৰা বুলিও স্থানীয় লোকে অভিযোগ কৰে। স্থানীয় লোকৰ বিৰোধিতাৰ সন্মুখীন হোৱাৰ ভয়ত কোম্পানীটোৱে এজন মধ্যভোগীৰ সহায়ত অতি সন্তৰ্পণে অঞ্চলটোৰ স্থানীয় লোকৰ পৰা প্ৰলোভনেৰে ভূমি ক্ৰয় কৰিছিল। মধ্যভোগীজনৰ জৰিয়তে মেক্স চিমেণ্টে চৰম প্ৰৱঞ্চনাৰে গুদাম সজাৰ মিছা অজুহাত দি কৃষকৰ পৰা প্ৰায় ৭০ বিঘা কৃষিভূমি কুক্ষিগত কৰে। স্থানীয় বাসিন্দা ধনীৰাম ডেকাই কোম্পানীৰ প্ৰতাৰণা ফাদিল কৰি কয়, byte

মেক্স চিমেণ্টৰ মাতৃ প্ৰতিষ্ঠান গ্ৰীণ ভেলী ইণ্ডাষ্ট্ৰীজ লিমিটেডে ২০২৪ চনৰ ২০ জুনত ধৰমতুলৰ এটা স্থানীয় সংগঠনলৈ লিখা পত্ৰতো খনদুবাত এটা ঘৰ নিৰ্মাণ কৰিব বুলি উল্লেখ কৰি এক বিঘা মাটি আৱণ্টন বিচাৰিছিল। পৰৱৰ্তী সময়ত একাংশ প্ৰভাৱশালী মন্ত্ৰী আৰু বিষয়াৰ আশীৰ্বাদত এই কৃষিভূমিক ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰা হয়। আনহাতে, ‘চেণ্টাৰ ফৰ এফিচিয়েন্ট গভৰ্নেন্স’ৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ হাজৰিকাই শুনানিত ইআইএ প্ৰতিবেদনৰ খেলিমেলিসমূহৰ ওপৰত কিছু জৰুৰী প্ৰশ্ন উত্থাপন কৰিব খুজিছিল যদিও প্ৰশাসনৰ বিষয়া আৰু স্থানীয় ৰাজনৈতিক নেতাসকলে বাধা প্ৰদান কৰে। byte

আটাইতকৈ ভয়াৱহ কথাটো হ’ল, জনতাৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ একাংশ স্থানীয় বিজেপি নেতা আৰু দালালে ৰাইজক মুকলি ভাবুকি দিছে। তেওঁলোকে গাঁৱবাসীক ভাবুকি দি কয় যে চিমেণ্ট প্ৰকল্পৰ বিৰোধিতা কৰিলে চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কাটি দিয়া হ’ব। ইপিনে ৰাইজৰ বিৰোধিতাক মষিমূৰ কৰিবলৈ চৰকাৰী পক্ষই মাত্ৰ এদিনৰ পূৰ্বেহে ৰাইজক শুনানিৰ বিষয়ে অৱগত কৰিছিল।

উল্লেখ্য যে, প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ প্ৰতিও মেক্স চিমেণ্টৰ এই প্ৰস্তাৱিত কাৰখানাই মাতি আনিব এক ভয়ংকৰ বিপদ। এই উদ্যোগটোৱে কপিলী নদীৰ বিপন্ন গাংগেয় শিহু, সুদূৰ চাইবেৰিয়াৰ পৰা অহা পৰিভ্ৰমী আমুৰ ফালকন চৰাই আৰু খোলাহাট সংৰক্ষিত বনাঞ্চলৰ বন্যহস্তীৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিব। স্থানীয় লোক ধনীৰাম ডেকাই কয় যে এই প্ৰকল্পস্থলী হাতীৰ বিচৰণ ক্ষেত্ৰ আৰু তাত কাৰখানা হ’লে মানুহ-হাতীৰ সংঘাত ভয়াৱহ ৰূপ ধাৰণ কৰিব। পৰিৱেশ কৰ্মী গৌৰৱ তালুকদাৰে উদ্বেগ প্ৰকাশ কৰি কয়, জলাশয় আৰু ধাননি পথাৰখনক কপিলী নদীৰ সৈতে সংযোগ কৰা এটা পানীৰ নলা আছে। যদি কাৰখানাটো স্থাপন হয়, তেন্তে ইয়াৰ পৰা ওলোৱা বিষাক্ত আৱৰ্জনা এই নলাৰে গৈ নদীত পৰিব আৰু নদীৰ পানী প্ৰদূষিত কৰি শিহুবোৰলৈ এক গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব। byte

আটাইতকৈ লজ্জাজনক দিশটো হৈছে মেক্স চিমেণ্টৰ ভুৱা আৰু প্ৰৱঞ্চনামূলক পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণ প্ৰতিবেদনখন। প্ৰতিবেদনত খোদ হাতীৰ অৱস্থিতিৰ কথা উল্লেখ থকাৰ পাছতো বন্যপ্ৰাণী সংৰক্ষণ পৰিকল্পনাত হাতীৰ নাম এবাৰো উল্লেখ কৰা হোৱা নাই। কপিলী নদীৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত থকাৰ পাছতো গাংগেয় শিহু আৰু আমুৰ ফালকনৰ বিষয়ে কোনো মূল্যায়ন কৰা হোৱা নাই। চৰম কাণ্ডজ্ঞানহীনতাৰ পৰিচয় দি অসমৰ বাবে প্ৰস্তুত কৰা এই ভুৱা প্ৰতিবেদনত গুজৰাটৰ ‘ৱাইল্ড আছ চেংচুৱাৰী’ আৰু ‘গুজৰাট প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড’ৰ কথাহে কপি-পেষ্ট কৰা হৈছে। আৰু প্ৰতিবেদনখনত ওচৰৰ তিনিখনকৈ বিদ্যালয়ৰ নাম লুকুৱাই ৰখা হৈছে। পুঁজিপতি আৰু শাসকীয় যন্ত্ৰৰ এনে ফাচীবাদী আগ্ৰাসনে এতিয়া সমগ্ৰ ধৰমতুল অঞ্চলত তীব্ৰ ক্ষোভৰ উদ্গীৰণ ঘটাইছে আৰু প্ৰকল্প বাতিল নকৰিলে এক ভয়ংকৰ গণ আন্দোলনৰ সূচনা হোৱাটো নিশ্চিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm
‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd