সংৰক্ষণক লৈ এইবাৰ পোনপটীয়াকৈ মুখামুখি হৈছে মোডী চৰকাৰৰ দুটা অংশীদাৰ দলৰ দুই কেন্দ্ৰীয় মন্ত্ৰী। বিহাৰৰ দুই নেতা জিতন ৰাম মাঝি আৰু চিৰাগ পাছৱানৰ মাজত সংঘাতৰ সময়ত উঠিল পদত্যাগৰ দাবী। অনুসূচিত জাতি/জনজাতি সংৰক্ষণত ‘কোটা ভিতৰত কোটা’ আৰু ‘ক্ৰিমী লেয়াৰ’ক লৈ মতানৈক্যৰ বাবে চিৰাগে প্ৰথমে মাঝিৰ পদত্যাগ দাবী কৰাৰ বিপৰীতে মাঝিয়েও চিৰাগক পদত্যাগ কৰিবলৈ প্ৰত্যাহ্বান জনায়।
সংৰক্ষণ নীতিৰ পৰ্যালোচনাক লৈ হিন্দুস্তান আৱাম মৰ্চা (HAM)ৰ স্থিতিৰ পৰাই এই বিতৰ্কৰ সূত্ৰপাত হৈছে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ ভিতৰতো উপ-শ্ৰেণী সৃষ্টি কৰি পিছপৰা জনগোষ্ঠীসমূহক সুকীয়া সুবিধা প্ৰদানৰ দাবী জনাই আহিছে মাঝিৰ দলে।
মাঝি শিবিৰৰ যুক্তি হ’ল যে বৰ্তমানৰ ব্যৱস্থাত সংৰক্ষণৰ সুফল কেইটামান জাতি আৰু পৰিয়ালৰ মাজত অধিক কেন্দ্ৰীভূত হৈ আছে। ফলত সামাজিক আৰু অৰ্থনৈতিকভাৱে আটাইতকৈ পিছপৰা সম্প্ৰদায়সমূহ আকাংক্ষিত সুযোগৰ পৰা বঞ্চিত হয়। তেওঁলোকৰ দাবী যে ‘কোটাৰ ভিতৰত কোটা’ কৰিলে সংৰক্ষণৰ সুবিধাসমূহ অধিক ন্যায্যভাৱে বিতৰণ কৰা সম্ভৱ হ’ব।
চিৰাগ পাছৱানে এই স্থিতিৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁৰ দল লোক জনশক্তি পাৰ্টি (ৰামবিলাস) অনুসূচিত জাতি/জনজাতি সংৰক্ষণত উপ-শ্ৰেণীবিভাজন বা ‘ক্ৰিমী লিয়াৰ’ প্ৰৱৰ্তনৰ বিৰোধী। চিৰাগে কয় যে দলিত সমাজখনক আৰু অধিক বিভাজিত কৰিলে সামাজিক ন্যায়ৰ মূল উদ্দেশ্য দুৰ্বল হৈ পৰিব। তেওঁৰ যুক্তি সংৰক্ষণৰ ভিত্তি অৰ্থনৈতিক নহয়, দীৰ্ঘদিনীয়া সামাজিক বৈষম্য আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে সুৰক্ষা।
শনিবাৰে এই বিতৰ্কই শিখৰত উপনীত হয়। পাটনাত সাংবাদিকৰ সন্মুখত চিৰাগে পোনপটীয়াকৈ কয় যে জিতন ৰাম মাঝিয়ে যদি অনুসূচিত জাতি/জনজাতিৰ সংৰক্ষণত ‘ক্ৰিমী লিয়াৰ’ বিচাৰে, তেন্তে তেওঁ প্ৰথমে সংৰক্ষণৰ সুবিধা ত্যাগ কৰিব লাগিব। তেওঁ কেৱল মাঝিৰেই নহয়, তেওঁৰ পুত্ৰ তথা বিহাৰ চৰকাৰৰ মন্ত্ৰী সন্তোষ কুমাৰ সুমনৰ পদত্যাগৰ দাবীও উত্থাপন কৰে।
চিৰাগে কয় যে সংসদত সংৰক্ষণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত ৰাজনৈতিক বক্তব্য দিয়াৰ পৰিৱৰ্তে সম্পূৰ্ণ আলোচনা হ’ব লাগে। তেওঁ লগতে মন্তব্য কৰে যে যদি সংবিধান সলনি কৰাৰ প্ৰয়োজন আছে তেন্তে সেই আলোচনা সংসদৰ মজিয়াত হ’ব লাগে।
ইয়াৰ পিছতে জিতন ৰাম মাঝিয়ে পাল্টা আক্ৰমণ আৰম্ভ কৰে। তেওঁ দাবী কৰে যে চিৰাগৰ এই স্থিতিয়ে সমাজৰ আটাইতকৈ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীক সংৰক্ষণৰ প্ৰকৃত লাভৰ পৰা বঞ্চিত কৰিব পাৰে। তেওঁ যুক্তি দিয়ে যে বৃহত্তৰ জনস্বাৰ্থত সংৰক্ষণৰ ভিতৰত আৰু দুৰ্বল শ্ৰেণীৰ বাবে এক সুকীয়া ব্যৱস্থাৰ প্ৰয়োজন।
চিৰাগক লক্ষ্য কৰি মাঝিয়ে কয় যে যদি চিৰাগে দৰিদ্ৰ আৰু প্ৰয়োজনীয় সংৰক্ষণৰ প্ৰতি প্ৰকৃততে চিন্তিত নহয়, তেন্তে তেওঁৱেই প্ৰথমে পদৰ পৰা পদত্যাগ কৰিব লাগে। ফলত কেইঘণ্টামানৰ ভিতৰতে দুয়োটা অংশীদাৰ দলৰ মাজত সংঘাত বাঢ়ি গৈ ‘পদত্যাগ’ৰ পাৰস্পৰিক দাবী উত্থাপন হয়।
এই সংঘাতৰ ৰাজনৈতিক তাৎপৰ্যও যথেষ্ট। কাৰণ জিতন ৰাম মাঝিৰ হাম আৰু চিৰাগ পাছৱানৰ এলজেপি-আৰভি—দুয়োটা দলেই নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)ৰ অংশীদাৰ। একে সময়তে বিহাৰৰ দলিত ৰাজনীতিত দুয়োজন নেতাৰ নিজস্ব প্ৰভাৱ আছে। ফলত সংৰক্ষণক লৈ তেওঁলোকৰ মুকলি বিবাদ কেৱল ব্যক্তিগত ৰাজনৈতিক মতবিৰোধ নহয়, ই মিত্ৰজোঁটৰ ভিতৰত দলিত ভোটৰ প্ৰতিনিধিত্ব আৰু নীতিগত স্থিতিৰ ওপৰতো ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰে।
আন এক গুৰুত্বপূৰ্ণ প্ৰসংগও আছে। উচ্চতম ন্যায়ালয়ৰ ২০২৪ চনৰ সংবিধানিক বিচাৰপীঠৰ ৰায়দানত কোৱা হৈছিল যে ৰাজ্যসমূহক অনুসূচিত জাতি/জনজাতি সংৰক্ষণৰ ভিতৰত উপ-শ্ৰেণীভুক্ত কৰিবলৈ দিয়া উচিত। সেই ৰায়ৰ পিছৰে পৰা ‘কোটা ভিতৰৰ কোটা’ আৰু অনুসূচিত জাতি/জনজাতিৰ ভিতৰত তুলনামূলকভাৱে উন্নত অংশটোক পৃথক কৰাৰ বিষয়টো পুনৰ ৰাষ্ট্ৰীয় ৰাজনীতিত আলোচনাৰ বাবে আহি পৰিছে।
আনহাতে, অনুসূচিত জাতি/জনজাতিৰ ক্ষেত্ৰত ‘ক্ৰিমী লিয়াৰ’ প্ৰয়োগ কৰাৰ প্ৰশ্নটো বেলেগ কথা। বৰ্তমান সময়ত ‘ক্ৰিমী লিয়াৰ’ নীতি মূলতঃ অ’বিচি সংৰক্ষণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। অনুসূচিত জাতি-জনজাতিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব লাগে নেকি সেই লৈ ৰাজনৈতিক আৰু আইনী বিতৰ্ক চলি আছে। এই দুটা প্ৰশ্নই—উপ-শ্ৰেণীবিভাজন আৰু ক্ৰিমী লিয়াৰ—বিতৰ্কক তীব্ৰতৰ কৰি তুলিছে।
ফলস্বৰূপে এতিয়া কেৱল বিৰোধী দল আৰু কেন্দ্ৰৰ মাজত নহয়, এন ডি এৰ ভিতৰতো সংৰক্ষণ বিষয়ত মুকলি মতানৈক্যৰ সৃষ্টি হৈছে। চিৰাগ পাছৱান আৰু জিতন ৰাম মাঝিৰ ইজনে সিজনৰ পদত্যাগৰ দাবীয়ে অনাগত দিনত বিহাৰৰ ৰাজনীতিত কিমান প্ৰভাৱ পেলাব সেয়া হ’ব লক্ষ্যণীয়।


