নেপালত সৃষ্টি হোৱা ভয়ংকৰ আকস্মিক বান আৰু ধুমুহাজনিত পৰিস্থিতিৰ মাজত অসমৰ ৯জন লোক এতিয়াও সন্ধানহীন হৈ আছে। আনহাতে, অসমৰ ৯জন লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত শেহতীয়া তথ্য প্ৰকাশ কৰি কয় যে সন্ধানহীন লোকসকলক বিচাৰি উলিয়াবলৈ উদ্ধাৰকাৰ্য অব্যাহত আছে।
মুখ্যমন্ত্ৰীৰ তথ্য অনুসৰি, উদ্ধাৰ হোৱা ৯জনৰ ভিতৰত ৮জন লোক দেওবাৰে সন্ধিয়া অসমলৈ উভতি অহাৰ কথা আছিল। নেপালত বানত ক্ষতিগ্ৰস্ত অসমৰ লোকসকলক সহায় কৰিবলৈ উদ্ধাৰকাৰী দল আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই সমন্বয়ৰে কাম কৰি আছে।
সন্ধানহীন লোকসকলৰ ভিতৰত আছে পশ্চিম কাৰ্বি আংলঙৰ বিৰছন ছাংমা, ডকমকাৰ ৰিতুপৰ্ণা ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰী, গোলাঘাটৰ মেৰাপানীৰ ৰাহুল দৈমাৰী, ডবকাৰ হিন্দু ব্লক গাঁৱৰ শতদল নাথ। ইয়াৰ উপৰি গুৱাহাটীৰ ডাঃ দীপালী সৰকাৰ, মানস কুমাৰ ঘোষ আৰু পংকজ নেওগো সন্ধানহীন হৈ আছে। নেপালত কৰ্মৰত অৰুণ মহন্তৰো এতিয়ালৈকে কোনো সন্ধান পোৱা হোৱা নাই।
অৱসৰপ্ৰাপ্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডাঃ দীপালী সৰকাৰে স্বামী মানস কুমাৰ ঘোষৰ সৈতে ২১ আগষ্টত তীৰ্থযাত্ৰাৰ বাবে নেপাললৈ গৈছিল। ৩০জনীয়া এটা দলৰ সৈতে যোৱা দম্পতীহাল বান অহাৰ পাছৰে পৰা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিব পৰা নাই। ফলত দুয়োৰে পৰিয়ালত গভীৰ উৎকণ্ঠাৰ সৃষ্টি হৈছে।
আনহাতে, ৰিতুপৰ্ণা ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰী নেপালৰ এটা সুৰংগত কাম কৰি থকাৰ সময়তে হঠাৎ বানৰ পানীয়ে অঞ্চলটো বুৰাই পেলায় বুলি জানিব পৰা গৈছে। তেওঁলোকৰ সহকৰ্মী সোণেশ্বৰ নাৰ্জাৰীয়ে আঘাতপ্ৰাপ্ত অৱস্থাতো কোনোমতে প্ৰাণ ৰক্ষা কৰি পৰিয়ালৰ সৈতে যোগাযোগ কৰে। কিন্তু ৰিতুপৰ্ণা আৰু মন্ত্ৰী এতিয়াও সন্ধানহীন হৈ আছে।
গোলাঘাটৰ মেৰাপানীৰ ৰাহুল দৈমাৰী নেপালৰ এটা নিৰ্মাণ প্ৰতিষ্ঠানত তত্বাৱধায়ক হিচাপে কাম কৰিছিল। বুধবাৰৰ পৰা তেওঁৰ সৈতে কোনো যোগাযোগ স্থাপন হোৱা নাই। একেদৰে ডবকাৰ শতদল নাথৰো কোনো সন্ধান পোৱা হোৱা নাই। অৱশ্যে তেওঁৰ বন্ধু তথা সহকৰ্মী গৌতম দাসে বিপদৰ মাজৰ পৰা নিৰাপদে ওলাই আহিবলৈ সক্ষম হয়।
ইফালে বানৰ মাজৰ পৰা উদ্ধাৰ হোৱা অসমৰ ৯জন লোকৰ ভিতৰত আছে নলবাৰীৰ সোণেশ্বৰ নাৰ্জাৰী, পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা, নলবাৰী মেডিকেল কলেজৰ ডাঃ তীৰ্থ চলিহা, ডবকাৰ গৌতম দাস, পশ্চিম কাৰ্বি আংলঙৰ শিলভা মাৰাক, সৰ্বিছন মাৰাক আৰু এলিপছন ছাংমা, লগতে সোণাপুৰৰ গোপাল দেৱনাথ।
সমৰ বেজবৰুৱাই উদ্ধাৰ হোৱা লোকসকল সুৰক্ষিত বুলি জনাইছে। তেওঁলোকক অসমলৈ ঘূৰাই অনাৰ বাবেও ব্যৱস্থা কৰা হৈছে। ইফালে সন্ধানহীন ৯জন লোকক বিচাৰি উলিয়াবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই উদ্ধাৰ আৰু অনুসন্ধান অভিযান অব্যাহত ৰাখিছে।





