নেপালত প্ৰলয়ংকৰী বানৰ কবলৰ পৰা পৰিত্ৰাণ পোৱাৰ পূৰ্বেই আমেৰিকাৰ গ্ৰেণ্ড কেনিয়নত এক বৃহৎ দুৰ্যোগৰ সৃষ্টি হৈছে। এইবাৰ গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান! খবৰ অনুসৰি ২০ জন লোক সন্ধানহীন হৈ আছে।
ৰাষ্ট্ৰীয় উদ্যান সেৱাই জনোৱা মতে, ব্রাইট এঞ্জেল কেনিয়ন আৰু ফেণ্টম ৰেঞ্চ অঞ্চলত আকস্মিক বানে আঘাত হানিছে আৰু ইয়াৰ মাজেৰে বৈ যোৱা ক’লৰাডো নদীয়ে শিলৰ বৃহৎ টুকুৰা, ধাতুৰ সামগ্ৰী আৰু অন্যান্য ধ্বংসাৱশেষ উটুৱাই লৈ গৈছে।
সংস্থাটোৱে জনোৱা মতে, তেওঁলোকে এৰিজোনা কৰ্তৃপক্ষৰ সৈতে মিলি ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা মানুহক উলিয়াই অনা আৰু তাৰ মানুহৰ খবৰ-খাটি লোৱাৰ বাবে জনসাধাৰণক অঞ্চলটোত নিৰুদ্দেশ হোৱা লোক আৰু হাইকাৰসকলৰ বিষয়ে অৰ্থাৎ পাহাৰীয়া অঞ্চলত খোজকাঢ়ি যোৱা লোকসকলৰ বিষয়ে যিকোনো তথ্য থাকিলে সেয়া জনবলৈ আহ্বান জনাইছে।
শনিবাৰে দুপৰীয়া প্ৰায় ২:৩০ বজাৰ পৰা ক’লৰাডো নদীৰ উপনৈ ব্রাইট এঞ্জেল ক্ৰিকত আকস্মিক বান আৰম্ভ হয়। প্ৰচণ্ড সোঁতে জলাশয়ৰ ওপৰৰ ফুটব্ৰিজবোৰ বুৰাই পেলাইছিল আৰু ভূ-প্ৰকৃতিৰ যথেষ্ট পৰিৱৰ্তন ঘটাইছিল।
অঞ্চলটোৰ ভিডিঅ’ত দেখা গৈছে যে বানৰ ফলত জলাশয়ৰ তলৰ অংশ প্ৰশস্ত হৈ পৰিছে আৰু তাত এটা নতুন খৰস্ৰোতৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইউটা ষ্টেট ইউনিভাৰ্চিটিৰ চেণ্টাৰ ফৰ ক’লৰাডো ৰিভাৰ ষ্টাডিজৰ পৰিচালক জেক শ্বমিটে কয় যে গ্ৰেণ্ড কেনিয়ন কিমান গতিশীল আৰু সক্ৰিয় এক ভূ-প্ৰকৃতি সেই কথা সোঁৱৰাই দিছে।
দুৰ্যোগত ৰক্ষা পৰাসকলৰ ভিতৰৰ এগৰাকী মহিলা এৰিকা ভায়োলাই দ্য এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, শনিবাৰে বিয়লি বৰষুণ আৰম্ভ হোৱাৰ সময়ত তেওঁ ব্রাইট এঞ্জেল কেম্পগ্ৰাউণ্ডত আছিল। তেওঁ আৰু তাত থকা আন প্ৰায় ৫০ জন হাইকাৰে জলাশয়টোৰ পানীৰ স্তৰ বৃদ্ধি হোৱা দেখিলে আৰু বাংকহাউছৰ দৰে গঠন এটাকে ধৰি ধ্বংসাৱশেষবোৰ সোঁতটোৱে উটুৱাই লৈ গৈছে। ফ্লেগষ্টাফৰ নেশ্যনেল ৱেদাৰ চাৰ্ভিচৰ বতৰ বিজ্ঞানী জাষ্টিন জাণ্ড্ৰ’ই কয় যে শিলৰ আৰু থিয় এঢলীয়া সেই অঞ্চলটোত প্ৰায় ৩০ মিনিটত ১ৰ পৰা ২.৫ চেণ্টিমিটাৰ বৰষুণ হৈছে।





