মহিলাসকল ঘৰৰ ভিতৰতে থাকিব লাগে আৰু ৰাজহুৱা স্থানত ওলাই নাহিব লাগে। কেৰালাৰ গ্ৰেণ্ড মুফতি শ্বেখ আবুবকাৰ আহমেদে এই মন্তব্যৰ জৰিয়তে নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁ যুক্তি দিছে যে ইছলামে নাৰীৰ মৰ্যাদা ৰক্ষাৰ বাবেই পৰ্দা প্ৰথাৰ প্ৰৱৰ্তন কৰিছে।
কোচিত অনুষ্ঠিত ‘হাব্বুল ৰছুল’ সন্মিলনত ভাষণ দি ‘কান্থাপুৰম এ পি আবুবকাৰ মুছলিয়াৰ’ নামেৰে পৰিচিত ধৰ্মগুৰুগৰাকীয়ে নাৰীক সোণৰ অলংকাৰৰ সৈতে তুলনা কৰে। তেওঁ কয় যে সোণৰ অলংকাৰ যেনেকৈ বাকচত সুৰক্ষিত ৰাখিব লাগে, মহিলাৰ ক্ষেত্ৰতো একেই কথা, ৰাজহুৱা স্থানত উলিয়াই আনিলে “মহা বিপৰ্যয়” ঘটিব পাৰে।
কান্থাপুৰমে কয়, “মহিলাসকলে ঘৰৰ ভিতৰতে থকা উচিত। তেওঁলোকে ৰাজহুৱা স্থানত ওলাই আহিব নালাগে। পবিত্ৰ কোৰআনত এইদৰেই কোৱা হৈছে।”
তেওঁ লগতে কয় যে ইয়াৰ উদ্দেশ্য নাৰীক তুচ্ছজ্ঞান কৰা নহয়, বৰঞ্চ তেওঁলোকৰ সন্মান আৰু সুৰক্ষা নিশ্চিত কৰা।
ইমাম মুফতি শ্বেখ আবুবকাৰ আহমদ সৰ্বভাৰতীয় চুন্নী জমিয়াতুল উলামা আৰু সদৌ কেৰালা জমিয়াতুল উলামা দুয়োটা সংগঠনৰে সাধাৰণ সম্পাদক। উদাহৰণ স্বৰূপে কান্থাপুৰমে গহনা দোকানৰ পৰা এজন ব্যক্তিয়ে সোণৰ হাৰ কিনাৰ বিষয়টো দাঙি ধৰে। তেওঁ কয় যে ক্ৰেতাক দেখুৱাই দিয়াৰ আগতে প্ৰথমে আলমাৰীৰ পৰা, তাৰ পিছত বাকচৰ পৰা আৰু শেষত পেকেটৰ পৰা অতি সাৱধানে হাৰটো উলিয়াই লোৱা হয়।
তেওঁ ইয়াৰ বিপৰীতে শিল গুড়ি কৰা বা শিল-পাটা বিক্ৰী কৰা দোকানৰ উদাহৰণ দিলে। য’ত সামগ্ৰীসমূহ ৰাস্তাৰ কাষত ৰখা হয় আৰু মানুহে পাৰ হৈ যোৱাৰ সময়ত তাৰ ভৰি দিয়ে বা স্পৰ্শ কৰে। কান্থাপুৰমে কয় যে ৰাস্তাৰ দাঁতিত যদি সোণৰ হাৰ পেলাই ৰখা হয় তেন্তে পথচাৰীয়ে সেয়া স্পৰ্শ কৰিব, যাৰ ফলত এটা সময়ত ইয়াৰ সৌন্দৰ্য্য আৰু মূল্য নষ্ট হ’ব। তেওঁ কয়,”হাৰৰ সৌন্দৰ্য্য ৰক্ষা কৰিবলৈ ইয়াক বাকচৰ ভিতৰত সুৰক্ষিত ৰাখিব লাগে। যদি নাৰীকো এনেদৰে ৰাজহুৱা স্থানত উলিয়াই অনা হয় তেন্তে ই ডাঙৰ বিপৰ্যয় মাতি আনিব। সেইবাবেই ইছলামে মহিলাসকলৰ বাবে পৰ্দা প্ৰথা নিৰ্ধাৰণ কৰিছে।”
চুন্নী মুছলমানসকলৰ মাজত ভাৰতৰ গ্ৰেণ্ড মুফতি নামেৰে পৰিচিত মৌলবীগৰাকীয়ে কোৰআনৰ এটা আয়াত উদ্ধৃতি দি মহিলাৰ বাবে ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰে। তেওঁ পুনৰ কয়, “মহিলাসকলে ঘৰৰ ভিতৰতে থাকিব লাগে। ৰাজহুৱা স্থানত ওলাই আহিব নালাগে। পবিত্ৰ কোৰআনে সেইটোৱেই কৈছে।” তেওঁ লগতে কয় যে ইয়াক “বিচক্ষণতাৰে” বিবেচনা কৰিলেও ই এক গুৰুত্বপূৰ্ণ নীতি।
কান্থাপুৰমে কয় যে ধৰ্মীয় পণ্ডিতসকলে—বিশেষকৈ ‘সমস্থা কেৰালা জমিয়াতুল উলামা’ই—যোৱা ১০০ বছৰ ধৰি এই স্থিতি প্ৰচাৰ কৰি আহিছে, আৰু ফলস্বৰূপে দেশৰ মহিলাসকলে “নিজৰ মৰ্যাদা বজাই ৰাখিবলৈ” সক্ষম হৈছে।
ইয়াৰ পূৰ্বে একেটা ভাষণতে কান্থাপুৰমে উল্লেখ কৰে যে ইছলামে ঐতিহাসিকভাৱে নাৰীৰ মৰ্যাদাক সন্মান জনাই আহিছে। তেওঁ প্ৰাক ইছলামিক আৰবত মহিলা শিশু হত্যাৰ প্ৰথাৰ কথা উল্লেখ কৰি কয় যে ইছলামে মহিলা শিশু হত্যা নিষিদ্ধ কৰিছিল। তেওঁ লগতে কয় যে যি সময়ত মহিলাসকলৰ কোনো উত্তৰাধিকাৰৰ অধিকাৰ নাছিল, সেই সময়ত ইছলামে মহিলাসকলক সম্পত্তিৰ অধিকাৰ দিছিল।
কান্থাপুৰমে কয়, “ইছলামে নাৰীক এক বৃহৎ মৰ্যাদা প্ৰদান কৰিছে।” তেওঁ যুক্তি দিয়ে যে ৰাজহুৱা স্থানত বা ঘৰৰ বাহিৰত মহিলাৰ চলাচলত বাধা আৰোপ কৰাটোও তেওঁলোকৰ প্ৰতি এক প্ৰকাৰৰ সন্মান প্ৰদৰ্শনৰ দৃষ্টিৰে চোৱা উচিত।
এনেধৰণৰ বক্তব্য দিয়াৰ কৰ্তৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰা সংগঠনসমূহৰ প্ৰতি কান্থাপুৰমে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে ধৰ্মীয় পণ্ডিতসকলে ইছলামক গভীৰভাৱে অধ্যয়ন কৰিছে। গতিকে এই ধৰ্মৰ কথা কবলৈ তেওঁলোকৰ অধিকাৰ আৰু দায়িত্ব দুয়োটা আছে। তেওঁ কয়, “আমি এই ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিছো। গতিকে ইয়াৰ বিষয়ে কোৱাটো আমাৰ দায়িত্ব। আমি এই বিষয়ে ক’ম আৰু ভৱিষ্যতেও ইয়াৰ বিষয়ে ক’ম। আমাক কোনেও বাধা দিব নোৱাৰে।”
কান্থাপুৰমে কয় যে তেওঁৰ সংগঠনে আন ধৰ্মৰ অনুগামীসকলৰ ৰীতি-নীতি বা আচাৰ-ব্যৱহাৰত কোনো হস্তক্ষেপ নকৰে। তেওঁ উল্লেখ কৰে যে মুছলমান ধৰ্মীয় পণ্ডিতসকলকো তেওঁলোকৰ নিজৰ সম্প্ৰদায়ৰ উদ্দেশ্যে কথা কোৱাৰ সুযোগ দিয়া উচিত। তেওঁ লগতে কয়, “মুছলমান সম্প্ৰদায়ৰ সৈতে কথা পতাৰ আমাৰ অধিকাৰ আছে। আমি সেয়া অভ্যাহত ৰাখিম। আমাক কোনেও বাধা দিব নোৱাৰে।”


