বয়স মাত্ৰ ১৫ বছৰ ১৫৭ দিন। এই বয়সতে বৈভৱ সূৰ্যবংশীয়ে দুলীপ ট্ৰফীৰ ইতিহাসত এক নতুন অভিলেখ গঢ়ি তুলিছে। তেওঁ ৫৭ বছৰ পুৰণি অভিলেখ ভংগ কৰি প্ৰতিযোগিতাখনত অৰ্ধশতক কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হোৱাৰ গৌৰৱ অৰ্জন কৰিছে।
অধিনায়ক ঈশান কিষানে দেওবাৰে উইকেট কীপাৰ হিচাপে আঘাতৰ বাবে খেলপথাৰ এৰিছিল। বৈভৱে সেই সময়ত দলটোক সাময়িকভাৱে নেতৃত্ব দিছিল। সোমবাৰে মধ্যপ্ৰদেশৰ বিৰুদ্ধে ২২ গজত বেটেৰে প্ৰায় ধুমুহাৰ সৃষ্টি কৰিলে।
বৈভৱ আৰম্ভণিৰে পৰা অত্যন্ত আক্ৰমণাত্মক আছিল। মাত্ৰ ৪২টা বলত তেওঁ অৰ্ধশতক সম্পূৰ্ণ কৰে। তিনিটা বিশাল ছয় আৰু পাঁচটা নিখুঁত বাউণ্ডেৰীৰে সজাই তোলা হৈছিল ইনিংছটো। তেওঁ আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে এক শতকৰ অভিলেখ গঢ়ি তোলাৰ ওচৰ চাপিছিল। দুৰ্ভাগ্যজনকভাৱে সেই সুযোগ মাত্ৰ ৮ ৰানৰ বাবে অপূৰ্ণ হৈ ৰ’ল। ৯২ ৰান সংগ্ৰহ কৰি ড্ৰেছিং ৰুমলৈ উভতি আহিবলগীয়া হয় যুৱ অ’পেনাৰগৰাকীয়ে।
অৱশ্যে তাৰ আগতেই নতুন ইতিহাস ৰচনা হৈছিল। লক্ষ্মণ সিঙে ১৯৬৯ চনত দিল্লীত ১৬ বছৰ ২৩ দিন বয়সত প্ৰথম অৰ্ধশতক অৰ্জন কৰিছিল। সেই অভিলেখ ইমান দশক ধৰি অক্ষত আছিল। এইবাৰ সেয়া অতীত হৈ গ’ল।
তালিকাত তৃতীয় স্থানত আছে পিয়ুষ চাওলা। তেওঁৰ অভিলেখটো আছিল ১৬ বছৰ ৩০৭ দিনত।
দুলীপ ট্ৰফীৰ আটাইতকৈ কম বয়সীয়া অৰ্ধশতক অৰ্জনকাৰীৰ তালিকা
- বৈভৱ সূৰ্যবংশীঃ ১৫ বছৰ ১৫৭ দিন।
- লক্ষ্মণ সিং (১৯৬৯): ১৬ বছৰ আৰু ২৩ দিন।
- পীয়ুষ চাওলা (২০২৫): ১৬ বছৰ ৩০৭ দিন।
দেওবাৰৰ ছেমি ফাইনেলৰ প্ৰথম দিনৰ ছবিখনো ইষ্ট জ’নৰ সপক্ষে আছিল। অধিনায়ক ঈশানে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। যিটো সম্পূৰ্ণ সফল হৈছিল। মুকেশ কুমাৰ আৰু অভিজিৎ সৰকাৰৰ দুৰ্দান্ত পেছৰ সন্মুখত যোৱাবাৰৰ চেম্পিয়ন চেণ্ট্ৰেল জ’ন মাত্ৰ ২৬৬ ৰানতে অল আউট হয়। ৮০.১ অভাৰতে শেষ হৈ যায় বিপক্ষৰ ইনিংছ। মুকেশ (৩/৫৬) আৰু অভিজিত (৩/৩৮) দুয়োজনে তিনিটাকৈ উইকেট দখল কৰে।
অভিজ্ঞ মহম্মদ ছামিও পিছ পৰি নাথাকিল। তেওঁ দুটা গুৰুত্বপূৰ্ণ উইকেট লৈছিল (২/৪২)। অফ স্পিনাৰ মহম্মদ কুনাইন কুৰেশ্বিয়েও সম সংখ্যক উইকেট দখল কৰে (২/৪৯)। ইষ্ট জ’নে মূলতঃ বলাৰৰ আধিপত্যৰ বাবেই মেচখনৰ নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখিছিল।
কিন্তু প্ৰথম দিনাৰ পুৱাৰ ছেছনত হঠাৎ ছন্দপতন দেখা গ’ল। উইকেট কীপিঙৰ সময়তে ঈশান কিষানে সোঁ হাতৰ কব্জিত আঘাত পায়। আঘাত কিছু বেছি হোৱাৰ বাবে তেওঁ খেলপথাৰ এৰি যাবলৈ বাধ্য হয়। মধ্যাহ্ন ভোজনৰ আগতে আৰু পিছত প্ৰায় এঘণ্টা ইষ্ট জ’নৰ নেতৃত্ব দিয়াৰ দায়িত্ব বৈভৱক দিয়া হৈছিল। নিঃসন্দেহে ১৫ বছৰীয়া কিশোৰে ইমান বৃহৎ দায়িত্ব বহন কৰাটো এক বিৰল ঘটনা।
অৱশ্যে প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰি খেলপথাৰলৈ উভতি অহাৰ পিছত নিয়মীয়া অধিনায়কজনে দলটোৰ ৰিম’ট কণ্ট্ৰ’ল নিজৰ হাতত লৈছিল। বলিঙত ছামি বাহিনীৰ আধিপত্যৰ পিছত বেটিঙত বৈভৱৰ ঐতিহাসিক ইনিংছে ইষ্ট জ’নক ছেমি ফাইনেলত চালকৰ আসনত বহুৱালে।





