ভাৰতীয় ৰাষ্ট্ৰীয় দলত দীৰ্ঘদিন ধৰি স্থান পোৱা নাই তাৰকা বেগী বলাৰ মহম্মদ ছামীয়ে। দললৈ পুনৰ প্ৰত্যাবৰ্তনৰ আশা ক্ৰমাৎ ক্ষীণ হৈ পৰিলেও ঘৰুৱা ক্ৰিকেটত নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখিছে এইগৰাকী অভিজ্ঞ পেচাৰে। দুলীপ ট্ৰফীৰ ছেমিফাইনেলত মধ্যাঞ্চলৰ বিৰুদ্ধে প্ৰথম ইনিংছত দুটা উইকেট দখল কৰাৰ লগে লগেই পেছাদাৰী ক্ৰিকেটত ৯০০ টা উইকেটৰ মাইলৰ খুঁটি স্পৰ্শ কৰে ছামীয়ে। ভাৰতৰ ইতিহাসত ষষ্ঠগৰাকী পেচ বলাৰ হিচাপে তেওঁ এই বিশেষ কৃতিত্ব অৰ্জন কৰে।
ছামীয়ে এতিয়ালৈকে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৩৭৯টা, ‘লিষ্ট এ’ ক্ৰিকেটত ২৮৩টা আৰু টি-২০ ক্ৰিকেটত ২৩৮টা উইকেট লাভ কৰিছে। তেওঁৰ এই বৃহৎ সাফল্যত বেংগল ক্ৰিকেট সংস্থাই বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছে। সংস্থাই প্ৰকাশ কৰা অনুসৰি, ভাৰতৰ ষষ্ঠগৰাকী পেচ বলাৰ হিচাপে পেছাদাৰী ক্ৰিকেটত ৯০০ উইকেট দখল কৰাটো কোনো সহজ কথা নহয় আৰু তেওঁৰ এই কৃতিত্বত সমগ্ৰ বেংগল ক্ৰিকেট সংস্থা গৌৰৱান্বিত।
ভাৰতীয় পেচ বলাৰসকলৰ ভিতৰত পেছাদাৰী ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰাৰ তালিকাত শীৰ্ষত আছে কিংবদন্তি কপিল দেৱ (১১৭০ টা উইকেট)। দ্বিতীয় স্থানত জাহিৰ খান (১১৬৮ টা), তৃতীয় স্থানত জয়দেৱ উনাদকট (৯৪১ টা), চতুৰ্থ স্থানত জভাগল শ্ৰীনাথ (৯৪০ টা) আৰু পঞ্চম স্থানত বিনয় কুমাৰ (৯২৩ টা উইকেট) আছে। এতিয়া এই তালিকাত ষষ্ঠ স্থানত নাম অন্তৰ্ভুক্ত হ’ল মহম্মদ ছামীৰ।
উল্লেখ্য যে, যোৱা বছৰ অনুষ্ঠিত এদিনীয়া বিশ্বকাপত শেষবাৰৰ বাবে ভাৰতীয় জাৰ্ছীত দেখা গৈছিল ছামীক। তাৰ পাছত আঘাতৰ সন্মুখীন হোৱাৰ বাবে তেওঁ দীৰ্ঘদিন খেলপথাৰৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। কিন্তু সুস্থ হৈ উঠাৰ পাছতো প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ নেতৃত্বাধীন সমিতিয়ে তেওঁক ৰাষ্ট্ৰীয় দলত পুনৰ সুযোগ দিয়া নাই। এই সন্দৰ্ভত ছামীয়ে ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰিছে যদিও জাতীয় দলৰ পৰা উপেক্ষিত হৈও বেংগলৰ হৈ ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।





