নেপাল-চীন সীমান্তত শেহতীয়াকৈ হোৱা ভয়ংকৰ হৰপাবানৰ আঁৰত চীনৰ হাত থকা বুলি একাংশ ভাৰতীয় সংবাদ মাধ্যমে কৰা দাবী বেইজিঙে খাৰিজ কৰিছে। চীনে স্পষ্ট কৰি দিছে যে হিমবাহ খহি পৰাৰ ফলতহে এই প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হৈছিল আৰু কোনো তথ্যগত ভিত্তি নথকা এনে ‘দুৰভিসন্ধিমূলক জল্পনা-কল্পনা’ক তেওঁলোকে প্ৰত্যাখ্যান কৰে।
৩১ আগষ্ট, সোমবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ নিয়মীয়া সংবাদমেলত ব্লুমবাৰ্গৰ এগৰাকী সাংবাদিকে ভাৰতৰ কিছুমান টিভি চেনেলে এই দুৰ্যোগৰ বাবে চীনৰ জলবিদ্যুৎ আৰু আন্তঃগাঁথনি প্ৰকল্পক দোষাৰোপ কৰা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ উত্তৰত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুঅ’ জিয়াকুনে কয় যে চীন আৰু নেপালৰ বিশেষজ্ঞ তথা চৰকাৰী সংস্থাসমূহে ইতিমধ্যে নিশ্চিত কৰিছে যে ‘নেপালত উচ্চ স্থানত থকা এটা হিমবাহ খহি পৰাৰ ফলত’ এই প্ৰলয়ংকৰী বান আহিছিল। এই দুৰ্যোগত যোৱা সপ্তাহত ৯৫০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হৈছে।
তেওঁ লগতে কয়, “এনে এক কৰুণ দুৰ্যোগৰ সময়ত, কোনো তথ্যগত ভিত্তি নথকা দুৰভিসন্ধিমূলক জল্পনা-কল্পনাক আমি নাকচ কৰিছোঁ।”
বানত মৃত্যু আৰু সন্ধানহীন হোৱা লোকৰ সংখ্যা চীনে লুকুৱাই ৰখা বুলি উঠা অভিযোগ সন্দৰ্ভতো গুঅ’ক প্ৰশ্ন কৰা হৈছিল। ইয়াৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয়, “চীনে তথ্য প্ৰকাশৰ ক্ষেত্ৰত মুকলি, স্বচ্ছ আৰু সময়ানুৱৰ্তী নীতি মানি চলিছে। দুৰ্যোগ মোকাবিলাৰ সময়ত অপপ্ৰচাৰ আৰু ভুল তথ্য বিয়পোৱাটো একেবাৰে অৱাঞ্ছনীয়।”
উল্লেখ্য যে, যোৱা বুধবাৰে কাঠমাণ্ডুৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ উত্তৰে নেপাল-চীন সীমান্তত প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি হৈছিল। সোমবাৰে নিশালৈ দুয়োখন দেশত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫০ অতিক্ৰম কৰিছে আৰু ৪,৪০০ তকৈ অধিক লোক সন্ধানহীন হৈ আছে।
শনিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, এই দুৰ্যোগৰ ফলত ২৭৫ জন ভাৰতীয় নাগৰিক সন্ধানহীন হৈ আছিল। অৱশ্যে সোমবাৰে নিশা মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে এতিয়ালৈকে মুঠ ১৫৮ জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে।
সোমবাৰে উদ্ধাৰকাৰী দলে বানৰ ফলত বোকাৰ মাজত পোত যোৱা জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত আৱদ্ধ হৈ থকা শতাধিক শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান চলাইছিল। প্ৰায় ৫০০ শ্ৰমিক এই সুৰংগসমূহত আৱদ্ধ হৈ থকা বুলি অনুমান কৰা হৈছে। নেপালৰ ক্ষতিগ্ৰস্ত প্ৰধান নদীখনৰ কাষৰীয়া অঞ্চলসমূহত ঘৰ-দুৱাৰ, বাহন আদি বোকা-মাটিৰ ডাঠ স্তৰৰ তলত পোত গৈছে আৰু ভূমিস্খলনৰ ফলত নদীৰ পাৰৰ খেতিমাটিও খহি পৰিছে।




