ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ ২২৭ জন ভাৰতীয় ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰিছিল। ইয়াৰে ৫১ জনৰ মৃত্যু হৈছে আৰু ১৩৯ জন দেশলৈ উভতি আহিছে। সোমবাৰে তথ্য-পৰিসংখ্যা দাঙি ধৰি এই কথা প্ৰকাশ কৰে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে। তেওঁ কয় যে ৰাছিয়াৰ সেনাবাহিনীত ভাৰতীয়ক নিযুক্তি দিয়াৰ সন্দৰ্ভত নতুন দিল্লীয়ে মস্কোৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছে।
অভিযোগ অনুসৰি বৃহৎ ধনৰ চাকৰিৰ প্ৰলোভন দি ভাৰতীয়সকলক ৰাছিয়ালৈ লৈ যোৱা হৈছিল। ইয়াৰ পিছত তেওঁলোকক সেনাবাহিনীলৈ পঠিয়াই দিয়া হয়। তাত তেওঁলোকে ইউক্ৰেইনৰ সৈতে যুঁজিবলৈ বাধ্য হৈছিল। এনে অভিযোগক লৈ তোলপাৰ সৃষ্টি হোৱাৰ লগে লগে কেন্দ্ৰই ব্যৱস্থা গ্ৰহণ কৰে। ৰাছিয়াৰ সৈতে যোগাযোগ কৰি সেনাবাহিনীত যোগদান কৰা ভাৰতীয়সকলক ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।
ছাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কিৰ্গিস্তানত আছে মিশ্ৰী। আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছত বৈদেশিক সচিবগৰাকীয়ে সংবাদমেলত যোগদান কৰি ৰাছিয়াৰ সেনাবাহিনীত ভাৰতীয়ক নিযুক্তিৰ বিষয়ে মুকলিকৈ কয়। তেওঁ কয়, “মস্কোত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। ৰাছিয়াৰ সেনাবাহিনীত বাকী থকা ভাৰতীয়সকলক ক্ষিপ্ৰতাৰে দেশলৈ ঘূৰাই অনাৰ বাবে আলোচনা চলি আছে।”
উল্লেখ্য যে ইয়াৰ পূৰ্বে আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰে জনাইছিল যে এতিয়াও প্ৰায় দুই ডজন ভাৰতীয় ৰাছিয়াৰ সেনাবাহিনীত আছে। তেওঁলোকক ঘূৰাই অনাৰ প্ৰচেষ্টা চলোৱা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে লগতে কৈছিল যে ৰাছিয়াৰ সেনাৰ বিভিন্ন ইউনিটত সহায়ক কৰ্মী হিচাপে কাম কৰা ভাৰতীয়সকলক মুকলি কৰি দিয়াৰ বাবে নতুন দিল্লীয়ে ৰাছিয়াক বাৰে বাৰে আবেদন জনাই আহিছে। তাৰ ভিতৰত ৰান্ধনী আৰু সহায়কসকলো আছে।
সোমবাৰে মোদীয়ে পুটিনৰ সৈতে হোৱা বৈঠকত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়টোও উত্থাপন কৰে। তেওঁ কয়, “আমি অন্তহীন যুদ্ধৰ অন্ত পেলোৱাৰ দিশত আগবাঢ়িব লাগিব।” তেওঁ লগতে এই সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ সপক্ষে ভাৰতৰ স্থিতি স্পষ্ট কৰে।
ৰাছিয়াৰ সেনাবাহিনীত ভাৰতীয়ক নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছে। কেৱল ভাৰতীয়সকলক ঘূৰাই অনাৰ চেষ্টাই নহয়, ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত অৱস্থাত পৰিয়ালৰ সদস্য বিপদত পৰা লোকসকলৰ সমস্যাসমূহ গুৰুত্বসহকাৰে চাবলৈ এজন ন’ডেল অফিচাৰ নিযুক্তিৰো আদালতে নিৰ্দেশ দিছে।





