• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

পাকিস্তানে এই মেচত প্ৰত্যাৱৰ্তন কৰিবলৈ সম্পূৰ্ণ নতুন দল গঠন কৰিছে। বাদ পৰা ৭ গৰাকীৰ ঠাইত ৭ গৰাকী নতুন খেলুৱৈ দললৈ আহিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2026 2:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লৰ্ডছত লজ্জাজনক পৰাজয়। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত সম্পূৰ্ণ বিধ্বস্ত পাকিস্তান। এইবাৰ ভৰিবলগীয়া হ’ল তাৰ মূল্য। বাৰ্মিংহামত অনুষ্ঠিত তৃতীয় টেষ্টৰ পূৰ্বে পিচিবিয়ে দলৰ পৰা একেলগে ৭ গৰাকী ক্ৰিকেটাৰক মুকলি কৰি দিলে। টেষ্ট দলৰ মুখ্য প্ৰশিক্ষক সৰফৰাজ আহমেদ আৰু বলিং প্ৰশিক্ষক উমৰ গুলকো বাদ দিয়া হয়।

লৰ্ডছ টেষ্টত ১৯৪ ৰানত বৃহৎ পৰাজয়ৰ সন্মুখীন হয় পাকিস্তান। প্ৰথম ইনিংছত মাত্ৰ ১১০ ৰানতে অল আউট হয়। তাৰ পিছত ৩৮৯ ৰানৰ লক্ষ্য খেদি ১৯৪ ৰানতে স্তব্ধ হৈ পৰে।

Apply Now

এই চৰম বেটিং ব্যৰ্থতাৰ পিছতে তৎপৰ হৈ পৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ড। সোমবাৰে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, ‘লৰ্ডছ টেষ্ট সমাপ্ত হোৱাৰ পিছত আজি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে টেষ্ট দলৰ পৰা ৭গৰাকী ক্ৰিকেটাৰক মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছে।’

বাদ পৰাসকলৰ তালিকাত আছে মহম্মদ ৰিজৱান, ইমাম-উল-হক, ছলমান আলী আঘা আদিৰ দৰে পৰিচিত নাম। ইয়াৰ উপৰিও আলী উছমান, আমিৰ জামাল, মহম্মদ আৱাইছ জাফৰ আৰু খুৰৰাম শ্বাহজাদকো দেশলৈ ঘূৰাই পঠিওৱা হৈছে।

কেৱল ক্ৰিকেটাৰসকলেই নহয়, প্ৰশিক্ষণ বিভাগতো আঘাত পৰিছে। টেষ্ট দলৰ মুখ্য প্ৰশিক্ষক সৰফৰাজ আহমেদ আৰু বলিং প্ৰশিক্ষক উমৰ গুলক কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছে। তেওঁলোকৰ ঠাইত মাইক হেছন আৰু এছলী নফকে বাৰ্মিংহাম টেষ্টত দলটোৰ বেকৰুম চম্ভালিব। ইতিমধ্যে হেছনে পাকিস্তানৰ হোৱাইট বলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাম কৰি আছে। এইবাৰ ৰেডবল ক্ৰিকেটতো তেওঁৰ ওপৰত আস্থা ৰাখিছে ব’ৰ্ডে।

এই শৃংখলাত বাবৰ আজমৰ দলটো ২-০ ব্যৱধানত পিছ পৰি আছে। এতিয়া হোৱাইটৱাশ্বৰ পৰা হাত সৰাৰ যুঁজ। ৯ ছেপ্টেম্বৰত বাৰ্মিংহামত আৰম্ভ হ’ব তৃতীয়খন টেষ্ট।পাকিস্তানে এই মেচত প্ৰত্যাৱৰ্তন কৰিবলৈ সম্পূৰ্ণ নতুন দল গঠন কৰিছে। বাদ পৰা ৭ গৰাকীৰ ঠাইত ৭ গৰাকী নতুন খেলুৱৈ দললৈ আহিছে। ইয়াৰে পাঁচগৰাকীৰ এতিয়াও টেষ্টত অভিষেক ঘটা নাই।

কেৱল ছাইম আয়ুব আৰু আব্দুল্লা ফজলৰ অভিজ্ঞতা আছে। আৰাফাত মিনহাছ, মহম্মদ ইমৰাণ জুনিয়ৰ, সাদ বেইগ, মহম্মদ ইমৰাণ আৰু ৰাজাউল্লাহক নতুন মুখ হিচাপে মাতি অনা হৈছে। লৰ্ডছৰ বিপৰ্যয়ৰ পিছত পিচিবিৰ এই সালসলনি বাস্তৱতে নতুন যুগৰ ইংগিত।

বাৰ্মিংহাম টেষ্টৰ বাবে নতুন দল : বাবৰ আজম (অধিনায়ক), আব্দুল্লা ফজল, আব্দুল্লা শ্বফিক, আৰাফাত মিনহাছ, আজান আৱাইছ, মহম্মদ আব্বাছ, মহম্মদ আলী, মহম্মদ ইমৰাণ, মহম্মদ ইমৰাণ জুনিয়ৰ, মহম্মদ গাজী ঘোৰী, ৰজাউল্লাহ, সাদ বেইগ, ছাইম আয়ুব, ছাজিদ খান, ছাউদ শ্বাকিল, শ্বান মাছুদ আৰু উবেদ শ্বাহ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd