মুৰ্গীৰ মাংস খোৱাক লৈ হোৱা সামান্য কথা কাটাকাটিয়ে ভয়ংকৰ ৰূপ ল’লে কৰ্ণাটকৰ বেলাগাভি জিলাত। এখন পাৰ্টিত মাংসৰ টুকুৰা বেছিকৈ খোৱাৰ অভিযোগক কেন্দ্ৰ কৰি দুজন বন্ধুৰ মাজত প্ৰথমে তৰ্ক-বিতৰ্ক আৰু পাছত মাৰপিট হয়। তাৰ পিছতে এজন যুৱকে নিজৰ বন্ধুক ধাৰাল অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাটোৱে স্থানীয় লোকসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, সোমবাৰে আৰক্ষীয়ে এই ঘটনাৰ কথা প্ৰকাশ কৰে। মুদালাগি তালুকৰ এখন গাঁৱত পাৰ্টি চলি থকাৰ সময়তে এই হত্যাকাণ্ড সংঘটিত হয়। মৃত যুৱকজনৰ নাম সীতাৰাম। তেওঁ উত্তৰ প্ৰদেশৰ পিলিভীতৰ কবিৰগঞ্জৰ বাসিন্দা আছিল। আনহাতে, এই ঘটনাত গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম অৰুণ কুমাৰ। অৰুণো একেখন গাঁৱৰে বাসিন্দা। দুয়োজনেই একেলগে এখন ষ্টীল কোম্পানীত কাম কৰিছিল।
আৰক্ষীৰ মতে, পাৰ্টিত দুয়োজন বন্ধুৱে একেলগে আনন্দ কৰি আছিল। তেনে সময়তে অৰুণে লক্ষ্য কৰে যে, তেওঁক নিদিয়াকৈ সীতাৰামে এটাৰ পাছত এটাকৈ মাংসৰ টুকুৰা খাই গৈছে। এই কথাক লৈ দুয়োজনৰ মাজত প্ৰথমে কথা কাটাকাটি আৰম্ভ হয়। পিছত পৰিস্থিতি উত্তপ্ত হৈ দুয়োজনৰ মাজত মাৰপিট আৰম্ভ হয়।
অভিযোগ অনুসৰি, তৰ্কাতৰ্কিৰ মাজতে অৰুণে হঠাতে এখন ধাৰাল ছুৰীৰে সীতাৰামক আক্ৰমণ কৰে। গুৰুতৰভাৱে আহত সীতাৰামক অৰুণেই ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। কিন্তু আৰক্ষীৰ পৰা ঘটনাটো লুকুৱাবলৈ অৰুণে সীতাৰাম ছাদৰ পৰা দুৰ্ঘটনাবশতঃ পৰি আহত হোৱা বুলি কোৱা বুলি অভিযোগ উঠিছে।
পিছত সীতাৰামৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱাৰ পাছতে আৰক্ষীৰ সন্দেহ ঘনীভূত হয়। ঘটনাটোৰ বিষয়ে অধিক তথ্য বিচাৰি আৰক্ষীয়ে অৰুণক জিম্মাত লৈ জেৰা আৰম্ভ কৰে। দীৰ্ঘ জেৰাৰ অন্তত অৰুণে বন্ধুক হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এই ঘটনাত ভাৰতীয় ন্যায় সংহিতাৰ একাধিক ধাৰাত অৰুণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।





