যাদৱপুৰ বিশ্ববিদ্যালয়ৰ শেহতীয়া সংঘৰ্ষৰ বাতৰি প্ৰকাশ কৰোঁতে ‘গেৰুৱা গুণ্ডামি’ শব্দ ব্যৱহাৰ কৰাৰ পৰিণতিত মঙলবাৰে কলকাতাৰ আনন্দবজাৰ পত্ৰিকাৰ কাৰ্যালয়ত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। দুপৰীয়াৰ ভাগত একাংশ গেৰুৱা বসনধাৰী লোকে কাকতখনৰ কাৰ্যালয়ৰ বাহিৰত “আনন্দবজাৰ পত্ৰিকা হায় হায়” আৰু “ভাৰতে গেৰুৱাৰ অপমান সহ্য নকৰে” ধ্বনি দি প্ৰতিবাদ সংগঠিত কৰে। প্ৰতিবাদকাৰীসকলে কাৰ্যালয়ৰ বগা দেৱালত গেৰুৱা ৰং সানি দিয়ে। অৱশ্যে কেইঘণ্টামানৰ পাছতে কৰ্তৃপক্ষই দেৱালসমূহ পুনৰ ৰঙ কৰে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত প্ৰতিবাদকাৰীয়ে দেৱালত ৰং সানি থকাৰ সময়ত আৰক্ষীয়ে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰা দেখা গৈছে। দুখৰ বিষয় যে বৰ্তমানলৈকে এই লোকসকলক চিনাক্ত কৰিব পৰা হোৱা নাই।
১৯-২০ আগষ্টত যাদৱপুৰ বিশ্ববিদ্যালয়ত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত ২১ আগষ্টত কাকতখনত ‘গেৰুৱা গুণ্ডামি’ শীৰ্ষক দুটা বাতৰি প্ৰকাশ পাইছিল। ইয়াৰ পাছতে ২৭ আগষ্টত সঞ্জয় শাস্ত্ৰী নামৰ এজন ব্যক্তিয়ে বউবজাৰ আৰক্ষী থানাত এই শব্দপ্ৰয়োগে হিন্দু সম্প্ৰদায়ৰ আৱেগত আঘাত সানিছে বুলি অভিযোগ দাখিল কৰে। ইয়াৰ ভিত্তিত ২৮ আগষ্টত কাকতখনৰ দুজন জ্যেষ্ঠ সাংবাদিককে ধৰি সম্পাদকীয় গোটৰ বিৰুদ্ধে এটি এফ আই আৰ ৰুজু কৰা হয়।
একেদিনাই যাদৱপুৰত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কাকতখনক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ সকীয়াই দিছিল। ক্ষমা নুখুজিলে গেৰুৱা বসনধাৰী লোকে প্ৰতিবাদ কৰিব বুলিও তেওঁ হুংকাৰ দিছিল। কাকতখনে ক্ষমা নুখুজাৰ পাছতেই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ইফালে, তৃণমূল কংগ্ৰেছৰ বিধায়ক কুণাল ঘোষে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে। তেওঁ মন্তব্য কৰে যে সংবাদ মাধ্যমৰ সৈতে মতানৈক্য থাকিব পাৰে যদিও চৰকাৰী পৃষ্ঠপোষকতাত বাহুবলৰ এনেদৰে প্ৰদৰ্শনে বংগৰ ভাৱমূৰ্তিত আঘাত হানিছে। আনহাতে, ইণ্ডিয়ান উইমেনছ প্ৰেছ কৰ্পছ আৰু প্ৰেছ এছোচিয়েচনে সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰা এফ আই আৰ তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।





