• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2026 4:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডু চৰকাৰে ৰাজ্যখনৰ ৫২টা মন্দিৰৰ ভিতৰত স্মাৰ্টফোন লৈ প্ৰৱেশ আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে। মঙলবাৰৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হৈছে। কোনো ভক্তৰ লগত স্মাৰ্টফোন থাকিলে মন্দিৰত প্ৰৱেশ কৰাৰ পূৰ্বে নিৰ্দিষ্ট কাউণ্টাৰত ফোন জমা দিব লাগিব। প্ৰতিটো ফোন জমা দিয়াৰ বাবদ ৫ টকা মাচুল লোৱা হ’ব। অৱশ্যে কেমেৰা নথকা সাধাৰণ ম’বাইল ফোন মন্দিৰ চৌহদলৈ লৈ যোৱাৰ অনুমতি থাকিব।

হিন্দু ধৰ্মীয় আৰু দাতব্য বিভাগৰ মন্ত্ৰী ৰমেশে এই নতুন নিষেধাজ্ঞাৰ কথা ঘোষণা কৰিছে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ এক নিৰ্দেশৰ আধাৰতেই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। মন্দিৰৰ ভিতৰত ভক্তসকলে ফটো তোলা, ভিডিঅ’ কৰা, ছেলফি লোৱা আৰু সৰু ভিডিঅ’ বা ৰীল বনোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰাৰ পাছতেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Apply Now

ৰাজ্যখনৰ হিন্দু ধৰ্মীয় আৰু দাতব্য বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াৰ মতে, মন্দিৰৰ ভিতৰত ফটো আৰু ভিডিঅ’ ৰেকৰ্ড কৰাৰ বাবে স্মাৰ্টফোনৰ ব্যৱহাৰে মন্দিৰৰ শান্ত আৰু আধ্যাত্মিক পৰিৱেশত ব্যাঘাত জন্মাইছে। ইয়াৰ লগতে মোবাইল ফোনৰ ব্যৱহাৰে আন ভক্তসকলৰো অসুবিধাৰ সৃষ্টি কৰিছে।

তিৰুচেন্দুৰৰ অৰুণমিগু সুব্ৰমনিয়া স্বামী মন্দিৰত স্মাৰ্টফোন নিষিদ্ধ কৰাৰ দাবীত দাখিল কৰা এখন জনস্বাৰ্থ গোচৰৰ শুনানিৰ সময়ত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত নিৰ্দেশ দিছিল। পাছত হিন্দু ধৰ্মীয় আৰু দাতব্য বিভাগে বিভিন্ন মন্দিৰলৈ জাননী জাৰি কৰি মন্দিৰৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সীমিত কৰাৰ লগতে ভক্তসকলৰ ফোন সুৰক্ষিতভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

নতুন ব্যৱস্থা অনুসৰি, স্মাৰ্টফোন লগত থকা ভক্তসকলে মন্দিৰৰ প্ৰৱেশদ্বাৰত থকা নিৰ্দিষ্ট কাউণ্টাৰত ফোন জমা দিব লাগিব। ফোন জমা লোৱাৰ পাছত ভক্তজনক এটা প্লাষ্টিকৰ টোকেন দিয়া হ’ব। ফোনটো পুনৰ লোৱাৰ সময়ত সেই টোকেন দেখুৱাব লাগিব। টোকেনটো ফোন উভতাই নোপোৱালৈকে সুৰক্ষিতভাৱে ৰাখিবলৈও ভক্তসকলক কোৱা হৈছে।

কাঞ্চীপুৰমৰ দেৱৰাজস্বামী-আথি বৰদৰ মন্দিৰত মঙলবাৰৰ পুৱা ৬ বজাৰ পৰা এই ব্যৱস্থা আৰম্ভ কৰা হৈছে। ফোন সংৰক্ষণৰ দায়িত্ব চম্ভালিবলৈ দুজন কম্পিউটাৰ অপাৰেটৰ আৰু দুজন সহায়ক নিয়োগ কৰা হৈছে। ভক্তৰ পৰা ফোন গ্ৰহণ কৰাৰ পূৰ্বে তেওঁৰ ফটো, মোবাইলৰ মডেল আৰু ফোন নম্বৰৰ দৰে তথ্য লিপিবদ্ধ কৰা হৈছে। পাছত টোকেন দেখুৱাই আৰু তথ্য মিলাই ফোন উভতাই দিয়া হৈছে। নতুন নিয়মৰ বিষয়ে ভক্তসকলক সজাগ কৰিবলৈ মন্দিৰৰ চৌহদত বিভিন্ন ভাষাত লিখা জাননীও আঁৰি দিয়া হৈছে।

এই নতুন নিয়মক লৈ ভক্তসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। একাংশ ভক্তই মন্দিৰৰ পবিত্ৰতা আৰু শান্ত পৰিৱেশ অটুট ৰখাৰ বাবে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে। আন একাংশই অৱশ্যে জমা দিয়া দামী মোবাইলৰ সুৰক্ষা আৰু ফোন জমা-লোৱাৰ সময়ত দীঘলীয়া শাৰী হোৱাৰ সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

মন্দিৰৰ কৰ্মচাৰীসকলেও একে সময়তে বহু দামী স্মাৰ্টফোন সংৰক্ষণ আৰু সুৰক্ষিতভাৱে পৰিচালনা কৰাটো কিমান সহজ হ’ব, সেই লৈ চিন্তা ব্যক্ত কৰিছে। চৰকাৰৰ মতে, প্ৰতিটো ফোনৰ বাবদ লোৱা ৫ টকাৰ মাচুল ৰাজহ সংগ্ৰহৰ বাবে নহয়। এই ধন ফোন সংৰক্ষণৰ কৰ্মী, লকাৰ, সুৰক্ষা ব্যৱস্থা আৰু সমগ্ৰ ব্যৱস্থাটো চলাবলৈ প্ৰয়োজন হোৱা অন্যান্য আন্তঃগাঁথনিত ব্যয় কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd