আন্তঃৰাষ্ট্ৰীয় আদালতে সোমবাৰে ৰায় দিয়াৰ পাছতে ভাৰতে তাক পোনচাটেই প্ৰত্যাখ্যান কৰিছিল। ইয়াৰ পাছতে পৰিস্থিতি প্ৰতিকূল হোৱা দেখি পাকিস্তানে এতিয়া পোনপটীয়াকৈ আলোচনাৰ মেজত বহি সিন্ধু জলচুক্তি সন্দৰ্ভত থকা সমস্যা সমাধানৰ বাবে ভাৰতক আহ্বান জনাইছে।
বুধবাৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ তাহিৰ আন্দ্ৰাবিয়ে কয়, “আমি ১৯৬০ চনৰ সিন্ধু জলচুক্তিৰ পৰিকাঠামোৰ অধীনত এক গঠনমূলক আলোচনা বিচাৰোঁ। আন্তঃৰাষ্ট্ৰীয় আদালতে স্পষ্ট কৰিছে যে দুয়োখন দেশৰ মাজত এই চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ আছে। সেয়েহে আমি এই বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰিব বিচাৰোঁ। পাকিস্তান এই চুক্তি আখৰে আখৰে আৰু আন্তৰিকতাৰে পালন কৰিবলৈ দায়বদ্ধ।”
উল্লেখযোগ্য যে, নেদাৰলেণ্ডছৰ দ্য হেগস্থিত আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা আদালতে সোমবাৰে ৰায় দিছিল যে ভাৰতে পাকিস্তানৰ সৈতে হোৱা সিন্ধু জলচুক্তি মানি চলিব লাগিব। বিশ্ব বেংকৰ মধ্যস্থতাত স্বাক্ষৰিত এই চুক্তিখন ভাৰতে একপক্ষীয়ভাৱে বাতিল বা স্থগিত কৰিব নোৱাৰে বুলি আদালতে স্পষ্ট কৰি দিয়ে। লগতে ২০২৭ চনৰ জুলাইৰ ভিতৰত এজন নিৰপেক্ষ বিশেষজ্ঞৰ দ্বাৰা হিমালয় অঞ্চলৰ জলবিদ্যুৎ প্ৰকল্পসমূহ এই চুক্তিৰ সৈতে সামঞ্জস্যপূৰ্ণ হয় নে নহয়, তাক পৰীক্ষা কৰাৰ কথাও কোৱা হয়।
কিন্তু ভাৰতে এই ৰায় লগে লগে নাকচ কৰে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে এই ৰায়ৰ কোনো প্ৰভাৱ ভাৰত চৰকাৰৰ পদক্ষেপৰ ওপৰত নপৰে আৰু সিন্ধু জলচুক্তিক লৈ ভাৰতৰ স্থিতি বাহাল থাকিব। আনকি আদালতে দিয়া ৰায়ৰ বৈধতাক লৈ প্ৰশ্ন তুলি ভাৰতে কয় যে, “অবৈধভাৱে গঠিত এই সংস্থাৰ কথাৰ কোনো মূল্য নাই।”
যোৱা বছৰৰ এপ্ৰিল মাহত পহেলগামত পৰ্যটকৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কঠোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছিল, যাৰ ভিতৰত অন্যতম আছিল সিন্ধু জলচুক্তি স্থগিত ৰখা।
প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আমোলত ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল। চুক্তি অনুসৰি পূব দিশলৈ বৈ যোৱা শতদ্ৰু, বিপাশা আৰু ইৰাৱতী নদীৰ পানীৰ অধিকাৰ ভাৰতৰ। আনহাতে পশ্চিম দিশলৈ বৈ যোৱা সিন্ধু, চন্দ্ৰভাগা (চেনাব) আৰু বিতস্তা (ঝিলাম) নদীৰ পানীত পাকিস্তানৰ অধিকাৰ আছে। চুক্তি অনুসৰি ভাৰতে পশ্চিমমুখী নদীসমূহৰ পানী কৃষি বা খোৱাপানীৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিলেও জলবিদ্যুৎ প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰিব পাৰে। কিন্তু কিষাণগংগা আৰু ৰাটলে জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে ভাৰতে পানী আবদ্ধ কৰি ৰখা বুলি অভিযোগ তুলি ২০১৬ চনত পাকিস্তানে হেগৰ আদালতৰ কাষ চাপিছিল। সেই সময়তো ভাৰতে আদালতৰ পৰামৰ্শ আওকাণ কৰিছিল।





