নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ পূৰ্বে জিলাখনৰ প্ৰাক্তন জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন কৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। তথ্য-প্ৰমাণসহ সাংসদগৰাকীয়ে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ জৰিয়তে ভাৰতীয় নিৰ্বাচন আয়োগলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰি নিৰ্বাচন প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিৰপেক্ষতা নিশ্চিত কৰিবলৈ তাৎক্ষণিক হস্তক্ষেপৰ আহ্বান জনাইছে।
পত্ৰখনত ৰকিবুল হুছেইনে উল্লেখ কৰে যে দেৱাশীষ শৰ্মাই নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে বুলি সংবাদ মাধ্যমত ব্যাপক চৰ্চা চলিছিল। ইয়াৰ মাজতে বিষয়াগৰাকীয়ে চৰকাৰী পদৰ পৰা পদত্যাগ বা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰাত বিষয়টো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে বুলি তেওঁ দাবী কৰে।
সাংসদগৰাকীৰ অভিযোগ অনুসৰি, নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈ থকাৰ সময়ত পদত্যাগ কৰিলেই কোনো প্ৰশাসনিক বিষয়া পূৰ্বৰ কাৰ্যকালৰ দায়িত্ব আৰু জবাবদিহিতাৰ পৰা মুক্ত হ’ব নোৱাৰে। নগাঁৱৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া হিচাপে দেৱাশীষ শৰ্মাই ইভিএম ব্যৱস্থাপনা, নিৰ্বাচনী সামগ্ৰী, কৰ্মচাৰী নিয়োগ, পৰিবহণ আৰু ভোটগ্ৰহণৰ প্ৰস্তুতিৰ দৰে গুৰুত্বপূৰ্ণ বিষয় পৰিচালনা কৰিছিল বুলি পত্ৰখনত উল্লেখ কৰা হৈছে।
এই পৰিপ্ৰেক্ষিতত তেওঁৰ কাৰ্যকালত লোৱা সকলো গুৰুত্বপূৰ্ণ নিৰ্বাচনী সিদ্ধান্ত আৰু পদক্ষেপ পুনৰীক্ষণ কৰাৰ দাবী জনাইছে ৰকিবুল হুছেইনে। উপ-নিৰ্বাচনৰ ফলাফল যাতে কোনো ধৰণে প্ৰভাৱিত নহয়, তাৰ বাবে বিষয়টো বিশেষ গুৰুত্বসহকাৰে পৰীক্ষা কৰিবলৈ তেওঁ নিৰ্বাচন আয়োগক আহ্বান জনায়।
ইয়াৰ উপৰি পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰতো ব্যাপক প্ৰশাসনিক অনিয়ম আৰু প্ৰভাৱ খটুওৱাৰ অভিযোগ উত্থাপন কৰিছে সাংসদগৰাকীয়ে। তেওঁৰ দাবী অনুসৰি, দেৱাশীষ শৰ্মাৰ প্ৰভাৱত আৰু তেওঁৰ দ্বাৰা অনুমোদিত একাংশ লোকৰ জৰিয়তে পঞ্চায়ত পৰ্যায়ত নীতি-নিয়ম উলংঘন কৰি কাম-কাজ চলোৱাৰ অভিযোগ আছে। এই অভিযোগৰ সৈতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকলৰ ভূমিকা জড়িত থকাৰ কথাও পত্ৰখনত উল্লেখ কৰা হৈছে।
অভিযোগসমূহৰ সত্যতা নিৰূপণৰ বাবে স্বাধীন বিত্তীয় আৰু প্ৰশাসনিক অডিটৰ দাবী জনোৱাৰ লগতে সম্ভাব্য প্ৰমাণ নষ্ট বা সালসলনি ৰোধ কৰিবলৈ সকলো সংশ্লিষ্ট নথি-পত্ৰ, ইলেক্ট্ৰনিক তথ্য, কাৰ্যালয়ৰ নথি, মুভমেণ্ট ৰেজিষ্টাৰ আৰু চিচিটিভি ফুটেজ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈও আয়োগক অনুৰোধ জনাইছে হুছেইনে।
লগতে, দেৱাশীষ শৰ্মাৰ কাৰ্যকালৰ ওপৰত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত স্বতন্ত্ৰ তদন্ত সম্পন্ন নোহোৱালৈকে তেওঁৰ পদত্যাগ চূড়ান্তভাৱে গ্ৰহণ নকৰা, তেওঁৰ নিৰ্দেশত কাম কৰা বিষয়াসকলৰ ভূমিকা পৰীক্ষা কৰা আৰু নগাঁও জিলাৰ নিৰ্বাচনী প্ৰস্তুতি তদাৰক কৰিবলৈ এগৰাকী জ্যেষ্ঠ নিৰ্বাচনী পৰ্যবেক্ষক নিযুক্তি দিয়াৰ দাবী জনাইছে সাংসদগৰাকীয়ে।
অভিযোগসমূহ তদন্তত সত্য প্ৰমাণিত হ’লে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বানো জনাইছে ৰকিবুল হুছেইনে। ৰাজহুৱা পদবী যাতে ৰাজনৈতিক বা ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে ব্যৱহাৰ নহয়, তাৰ বাবে নিৰ্বাচন আয়োগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো জৰুৰী বুলি পত্ৰখনত উল্লেখ কৰা হৈছে।
উল্লেখ্য, ৰকিবুল হুছেইনে ইয়াৰ পূৰ্বে ৩০ আগষ্টতো এই বিষয়ক লৈ অভিযোগ দাখিল কৰিছিল।





