ৰে’লৰ কনফাৰ্মড টিকট কৰি দিয়াৰ টোপ! এগৰাকী যুৱতীক ষ্টেচন চৌহদৰ এটা কোঠালৈ লৈ গৈ ধৰ্ষণ কৰে ৰে’লৰ কৰ্মচাৰী এজনে! যুৱতীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ভালভ-মেন হিচাপে কাম কৰা এজন ৰে’ল কৰ্মচাৰীক।
ৰে’লৱেই জনায় যে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ওড়িশাৰ ৰৌৰকেলা ষ্টেচনত সংঘটিত হৈছে এই ঘটনা। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।
আৰক্ষী আৰু নিৰ্যাতনৰ অভিযোগ অনুসৰি জানিব পৰা গৈছে যে ভুক্তভোগীগৰাকী ওড়িশাৰ নুৱাপাৰা জিলাৰ বাসিন্দা। যুৱতীগৰাকীয়ে দুই সম্বন্ধীয় ভাতৃৰ সৈতে বেংগালুৰুলৈ যোৱাৰ পৰিকল্পনা কৰিছিল।
তিতলগড়ৰ পৰা বেংগালুৰুলৈ ট্ৰেইনত উঠাৰ কথা ভাবিছিল। কিন্তু ভুলতে আন এখন ৰে’লত উঠি পৰে। তাতেই ৰৌৰকেলালৈ গ’ল। তাত নামি তেওঁলোকে পুনৰ বেংগালুৰুলৈ যোৱাৰ পৰিকল্পনা কৰে।
কিন্তু তেওঁলোকৰ হাতত কনফাৰ্মড টিকট নাছিল। এজন ভাতৃয়ে টিকট কনফাৰ্মড কৰিব পাৰে নেকি সেই বিষয়ে অনুসন্ধান কৰি ফুৰিছিল। সেই সময়ত ষ্টেচন চৌহদত থকা ভালভমেন কপিলেশ্বৰ সিঙে যুৱতীগৰাকীক কনফাৰ্মড টিকট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।
তাৰ পিছত, তেওঁ যুৱতীগৰাকীক এটা কোঠালৈ লৈ যোৱা বুলি দাবী কৰা হৈছে। ৰে’ল কৰ্মীজনে গেট বন্ধ কৰি কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে।
যদিহে তেওঁ এই বিষয়ে কাৰোবাক কয় তেন্তে ইয়াৰ পৰিণতি ভয়াৱহ হ’ব পাৰে বুলি ভাবুকি দিয়াৰো অভিযোগ কৰা হৈছে। ইয়াৰ লগতে ২০০০ টকাৰ বিনিময়ত তেওঁক মুখ বন্ধ কৰি ৰাখিবলৈ কোৱাৰো অভিযোগ উত্থাপন হৈছে। কিবা প্ৰকাৰে কোঠাটোৰ পৰা পলায়ন কৰি যুৱতীগৰাকীয়ে তেঁ সম্বন্ধীয় ভাতৃসকলক এই বিষয়ে কয়। তাৰপিছতে তেওঁলোকে জি আৰ পিত অভিযোগ দাখিল কৰে।
ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। অভিযুক্ত ৰে’লৱে কৰ্মীজনক গ্ৰেপ্তাৰ কৰা হয়। জ্যেষ্ঠ বিভাগীয় বাণিজ্যিক পৰিচালক আদিত্য চৌধুৰীয়ে কয় যে ভালভ অপাৰেটৰ কপিলেশ্বৰ সিঙক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। অভিযুক্তই পেঞ্চন সম্পৰ্কীয় কোনো সুবিধা নাপাব। তেওঁ কয়, “আমি তদন্তত আৰক্ষীক সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছো।”
উপ-পৰিদৰ্শক কৈলাশ মুণ্ডাই কয়, “অভিযুক্তক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। তদন্ত অব্যাহত আছে।” অভিযুক্ত আৰু ভুক্তভোগীৰ চিকিৎসা পৰীক্ষা সম্পন্ন কৰা হৈছে।


