• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2026 12:16 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)-এ হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে। জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰত ছাত্ৰ আন্দোলনৰ এক প্ৰতিবাদৰ সময়ত এগৰাকী ছাত্ৰীৰ পিতৃক আক্ৰমণ কৰাৰ ঘটনাৰ সৈতে জড়িত হৈ ভাৰদ্বাজে ৰাজহুৱাভাৱে চিৰাগ পাছৱানৰ নাম ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগত কোৱা হৈছে যে ভাৰদ্বাজে চিৰাগ পাছৱানৰ নাম উল্লেখ কৰি এক ভুল ধাৰণা সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, পাছৱান বা তেওঁৰ পাৰ্টিৰ সৈতে ভাৰদ্বাজৰ কোনো ব্যক্তিগত বা সাংগঠনিক সম্পৰ্ক নাই। ইয়াৰ বিপৰীতে, আক্ৰমণৰ বলি হোৱা ছাত্ৰীগৰাকী আৰু তেওঁৰ আহত পিতৃৰ ন্যায়ৰ দাবীৰ প্ৰতি পাৰ্টিয়ে সমৰ্থন আগবঢ়াইছে বুলি অভিযোগপত্ৰত উল্লেখ কৰা হৈছে।

Apply Now

শুকুৰবাৰে এই বিষয়ত মুখ খুলে চিৰাগ পাছৱানেও। তেওঁ কয় যে ভাৰদ্বাজে তেওঁৰ লগতে আন কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ নাম অপব্যৱহাৰ কৰিছে। ৰাজহুৱা জীৱনত বহু মানুহে নেতা-মন্ত্রীৰ সৈতে দেখা কৰে আৰু ছবি তোলে বুলি উল্লেখ কৰি পাছৱানে কয় যে কেৱল সেই ভিত্তিত নিজকে ব্যক্তিগত পৰিচিত বুলি পৰিচয় দিয়া নামৰ অপব্যৱহাৰ।

পাছৱানে কয় যে আক্ৰমণকাৰীজনে এনে এক ধাৰণা সৃষ্টি কৰাৰ চেষ্টা কৰিছে যে তেওঁৰ আৰু তেওঁৰ পাৰ্টিৰ প্ৰভাৱৰ বাবেই আৰক্ষীয়ে ব্যৱস্থা লোৱা নাই। এই বিষয়টোক লৈ তেওঁ আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ লগতে দিল্লী আৰক্ষীক নিৰপেক্ষ তদন্ত কৰিবলৈ আহ্বান জনাইছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰদ্বাজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই কয় যে কোনো ব্যক্তিয়ে আন এজন লোকক ইমান ভয়ংকৰভাৱে প্ৰহাৰ কৰাৰ কথা ৰাজহুৱাভাৱে স্বীকাৰ কৰি থাকিও যদি আইনৰ পৰা হাত সাৰি যাব পাৰে, তেন্তে সেয়া দেশ আৰু সমাজৰ বাবে অতি ভুল বাৰ্তা বহন কৰিব।

পাছৱানে আক্ৰমণৰ বলি হোৱা ছাত্ৰীগৰাকী আৰু তেওঁৰ পিতৃৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই কয় যে ন্যায় নিশ্চিত কৰাটো তেওঁৰ আৰু তেওঁৰ পাৰ্টিৰ দায়িত্ব। সত্য পোহৰলৈ অনা আৰু আইন অনুসৰি উপযুক্ত ব্যৱস্থা লোৱাত সকলো ধৰণৰ সহায় কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।

ইফালে, এক সাক্ষাৎকাৰৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে ভাৰদ্বাজক লৈ বিতৰ্ক তীব্ৰ হৈ পৰে। ভিডিঅ’টোত তেওঁ দাবী কৰা শুনা যায় যে জুলাই মাহত যন্তৰ-মন্তৰত প্ৰতিবাদৰ সময়ত তেওঁ ছাত্ৰীগৰাকীৰ পিতৃক ইমান জোৰেৰে প্ৰহাৰ কৰিছিল যে তেওঁৰ মূৰৰ হাড় ফাটি গৈছিল আৰু আঘাতৰ বাবে ৭ টা চিলাই পৰিছিল। তথাপি তেওঁ গ্ৰেপ্তাৰৰ পৰা কেনেদৰে বাচি গ’ল, সেই কথাও তেওঁ সাক্ষাৎকাৰত উল্লেখ কৰে।

ভাৰদ্বাজৰ সৈতে চিৰাগ পাছৱান, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু দিল্লীৰ মন্ত্ৰী কপিল মিশ্ৰকে ধৰি কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ ফটোও সামাজিক মাধ্যমত দেখা গৈছে। আনহাতে, ভাইৰেল হোৱা প’ডকাষ্টৰ ভিডিঅ’টোত ভাৰদ্বাজে কপিল মিশ্ৰক নিজৰ ‘ডাঙৰ ভাই’ বুলি কোৱাৰ লগতে চিৰাগ পাছৱানকো ‘ডাঙৰ ভাই’ বুলি উল্লেখ কৰি ৰাজনৈতিক সমৰ্থন থকাৰ দাবী কৰিছিল।

ঘটনাৰ মাজতে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ পৰা ভাৰতদ্বাজক আটক কৰে দিল্লী আৰক্ষীয়ে। তেওঁৰ গ্ৰেপ্তাৰৰ দাবীত কক্ৰ’চ জনতা পাৰ্টিয়ে সংসদ পথ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ কৰাৰ কেইঘণ্টামানৰ পিছতে এই আটক কৰা হয়। অভিযোগ অনুসৰি, আক্ৰমণৰ কথা নিজেই সাক্ষাৎকাৰত প্ৰকাশ কৰাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদতে এই আন্দোলন কৰা হৈছিল।

ইয়াৰ পূৰ্বে কক্ৰ’চ জনতা পাৰ্টিৰ প্ৰতিনিধিদলে আজাদ সমাজ পাৰ্টি (কানশী ৰাম)-ৰ মুৰব্বী তথা নাগিনা সমষ্টিৰ সাংসদ চন্দ্ৰশেখৰ আজাদ আৰু সাংসদ পাপ্পু যাদৱৰ সৈতে আৰক্ষী বিষয়াক সাক্ষাৎ কৰিছিল। আৰক্ষীয়ে ৭২ ঘণ্টাৰ ভিতৰত ভাৰদ্বাজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়াৰ পিছতে তেওঁক আটক কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm
মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd