দিল্লীৰ যন্তৰ-মন্তৰত ছাত্ৰ আন্দোলনত অংশ লোৱা এগৰাকী প্ৰতিবাদকাৰী কিশোৰীৰ পিতৃক আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত হিন্দুত্ববাদী ইনষ্টাগ্ৰাম ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভৰদ্বাজক দিল্লী আৰক্ষীয়ে শুক্ৰবাৰে উত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ পৰা আটক কৰিছে। ককৰোচ জনতা পাৰ্টিৰ নেতা আৰু সমৰ্থকসকলে দিল্লীৰ সংসদ মাৰ্গ আৰক্ষী থানাত উপস্থিত হৈ ভৰদ্বাজক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ কেইঘণ্টামানৰ পাছতে আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে।
ইফালে, ১৪ বছৰীয়া ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে ভৰদ্বাজৰ বিৰুদ্ধে ‘পকচো’ আইনৰ অধীনত এখন সুকীয়া এজাহাৰ ৰুজু কৰিছে। অভিযোগ অনুসৰি, পিতৃৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে মাত মতাৰ পাছৰে পৰা কিশোৰীগৰাকীক ছ’চিয়েল মিডিয়াত ধৰ্ষণৰ ভাবুকি, অকথ্য গালি-গালাজ আৰু বিকৃত কৰা আপত্তিজনক ছবি প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পূৰ্বে সঞ্জয় কুমাৰ নামৰ কিশোৰীগৰাকীৰ পিতৃৰ ওপৰত হোৱা আক্ৰমণৰ পুৰণি গোচৰটোতো আৰক্ষীয়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ নিবাৰণ) আইনৰ ধাৰা সংযোগ কৰিছে। লগতে হত্যাৰ চেষ্টাৰ ধাৰা সংযোগ কৰাৰ বিষয়টোও আৰক্ষীৰ তদন্তৰ আওতাত আছে বুলি সদৰী কৰিছে।
সংবাদ সংস্থা এ এন আইৰ বাতৰি অনুসৰি, ম’বাইলৰ অৱস্থান চিনাক্ত কৰি আৰক্ষীয়ে ভৰদ্বাজক বুলন্দচহৰত আটক কৰে। আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই তেওঁ ৰয়েল এনফিল্ড বাইকত উঠি খুৰ্জাৰ দিশে পলাই যোৱাৰ চেষ্টা কৰিছিল আৰু পৰিচয় লুকুৱাবলৈ হেলমেট পৰিধান কৰিছিল। শুক্ৰবাৰে নিশা পৰ্যন্ত আৰক্ষীয়ে তেওঁৰ ট্ৰেনজিট ৰিমাণ্ড লাভ নকৰাত তেওঁক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে নে নাই, সেই বিষয়ে আৰক্ষীয়ে স্পষ্টকৈ একো জনোৱা নাই যদিও বৰ্তমান তেওঁক আটক কৰি ৰখা হৈছে বুলি দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে।
চিৰাগ পাছোৱানৰ প্ৰতিক্ৰিয়া:
সমগ্ৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰা কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টিৰ (ৰাম বিলাস) মুৰব্বী চিৰাগ পাছোৱানে ভৰদ্বাজৰ দাবী নস্যাৎ কৰিছে। এটা ভাইৰেল পডকাষ্টত ভৰদ্বাজে চিৰাগ পাছোৱান আৰু দিল্লীৰ মন্ত্ৰী কপিল মিশ্ৰক নিজৰ ‘দাদা’ বুলি দাবী কৰি কপিল মিশ্ৰৰ ফোনৰ বাবেই আৰক্ষীৰ পৰা সাৰি যোৱা বুলি কৈছিল। আনকি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামো সাঙুৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়াত পাছোৱানে কয় যে ৰাজহুৱা জীৱনত বহু মানুহে তেওঁৰ সৈতে ফটো তোলে যদিও তাৰ সুযোগ লৈ নিজকে ঘনিষ্ঠ বুলি দাবী কৰাটো নামৰ অপব্যৱহাৰ। তেওঁ ভৰদ্বাজৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰি দিল্লী আৰক্ষীৰ পৰা নিৰপেক্ষ তদন্তৰ দাবী জনাইছে আৰু ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালক ন্যায় প্ৰদানৰ আশ্বাস দিছে।
কি আছিল প্ৰকৃত ঘটনা?
ঘটনাৰ সূত্ৰপাত হৈছিল যোৱা ২৩ জুনত যন্তৰ-মন্তৰত অনুষ্ঠিত হোৱা চিজিপিৰ প্ৰতিবাদত। প্ৰতিবাদৰ সময়ত কিশোৰীগৰাকীৰ পিতৃ সঞ্জয় কুমাৰে ম’বাইলত ভিডিঅ’ বনাই থকা অৱস্থাত একাংশ লোকে তেওঁক বাধা দিয়ে আৰু মাৰপিট কৰে। অভিযোগ অনুসৰি, কুমাৰৰ মূৰত কেইবাটাও ঘোচা মৰাৰ লগতে টান বস্তুৰে আঘাত কৰা হৈছিল। পৰৱৰ্তী সময়ত ভাইৰেল হোৱা এটা পডকাষ্টত স্বতন্ত্ৰ ভৰদ্বাজে নিজে কুমাৰৰ মূৰ ফলাৰ কথা স্বীকাৰ কৰি ৰাজনৈতিক নেতাৰ আশীৰ্বাদত জেললৈ যোৱাৰ পৰা ৰক্ষা পৰা বুলি গৌৰৱেৰে দাবী কৰিছিল। অৱশ্যে ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত তেওঁ আত্মৰক্ষাৰ বাবেহে আক্ৰমণ কৰা বুলি সুৰ সলনি কৰিছিল আৰু পডকাষ্টৰ কথাখিনি কেৱল ব্যঙ্গ আছিল বুলি দাবী কৰিছিল।





