গৱেষণাগাৰত বিজ্ঞানীয়ে কৃত্ৰিমভাৱে মানৱ মগজু সৃষ্টি কৰিবলৈ সক্ষম হৈছে। প্ৰায় ৭ বছৰ ধৰি জীৱিত থকা এই কৃত্ৰিম মগজুৰ জৰিয়তে গৱেষকসকলে উদ্ভাৱন কৰিছে ডিমেনচিয়া, এলঝেইমাৰ্ছকে ধৰি মগজুৰ কেইবাটাও জটিল ৰোগ নিৰাময়ৰ নতুন পথ।
আমেৰিকাৰ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই অসাধ্য সাধন কৰিছে। ষ্টেম কোষৰ বিকাশ ঘটাই গৱেষণাগাৰত কৃত্ৰিম উপায়েৰে এই ক্ষুদ্ৰ মগজু সৃষ্টি কৰা হৈছে। মগজুৰ যিটো অংশই আমাক শব্দ শুনা, দেখা, কথা কোৱা, চিন্তাভাবনা কৰা বা শৰীৰৰ অংগ-প্ৰত্যংগ সঞ্চালনত সহায় কৰে, তাক ‘মিড ব্ৰেইন’ (Mid Brain) বা মগজুৰ মধ্যাঞ্চল বুলি কোৱা হয়। গৱেষকসকলে এই অংশৰেই ক্ষুদ্ৰাতিক্ষুদ্ৰ কোষ বা ‘ব্ৰেইন অৰ্গেনইড’ (Brain Organoid) তৈয়াৰ কৰিছে। প্ৰকৃত মগজুৰ দৰেই এই ক্ষুদ্ৰ মগজুটোতো কোষে কোষে স্নায়ৱিক সংকেত আদান-প্ৰদান হয়। ইয়াৰ পূৰ্বেও গৱেষণাগাৰত মানৱ মগজু সৃষ্টিৰ চেষ্টা কৰা হৈছিল যদিও সেয়া মাত্ৰ ৬৯৪ দিনহে টিকি আছিল। এইবাৰ হাভাৰ্ডৰ গৱেষকসকলে কৃত্ৰিম মগজুক সুদীৰ্ঘ ৭ বছৰ ধৰি জীয়াই ৰাখিবলৈ সক্ষম হৈছে।
হাভাৰ্ড ষ্টেম চেল ইনষ্টিটিউটৰ প্ৰধান গৱেষক পাওলা আৰলোটাই জানিবলৈ দিয়া মতে, সাত বছৰৰ অন্তত মগজুৰ কোষবোৰ নষ্ট কৰি পেলোৱা হৈছে যদিও, বিচাৰিলে ইয়াক অধিক দিনলৈ জীয়াই ৰাখি পৰীক্ষা কৰা সম্ভৱ আছিল। মাত্ৰ ২-৩ মিলিমিটাৰ দৈৰ্ঘ্যৰ এই সূক্ষ্ম কোষবোৰত প্ৰকৃত মগজুৰ দৰেই স্তৰে স্তৰে স্নায়ুকোষ আৰু স্নায়ুতন্ত্ৰ আছিল। কোষবোৰৰ বিকাশৰ বাবে ‘ডিএনএ মিথাইলেচন’ (DNA Methylation) প্ৰক্ৰিয়া প্ৰয়োগ কৰা হৈছিল আৰু নিয়মীয়াকৈ অক্সিজেন তথা পুষ্টি যোগান ধৰি ইয়াক দীৰ্ঘদিন জীয়াই ৰখা হৈছিল।
এই যুগান্তকাৰী আৱিষ্কাৰে চিকিৎসা বিজ্ঞানলৈ কেইবাখনো নতুন দুৱাৰ মুকলি কৰিছে। মগজুত স্মৃতি কেনেকৈ সৃষ্টি হয় আৰু তাক উন্নত কৰাৰ উপায় কি, সেয়া গৱেষকসকলে এই পৰীক্ষাৰ জৰিয়তে প্ৰত্যক্ষ কৰিছে। একে সময়তে বয়সৰ লগে লগে মগজুৰ কোষ কেনেকৈ ক্ষয়প্ৰাপ্ত হয় আৰু স্মৃতিশক্তি কিয় লোপ পায়, তাৰ কাৰণো এই ‘ব্ৰেইন অৰ্গেনইড’ৰ জৰিয়তে জানিব পৰা গৈছে। মগজুৰ কোনবোৰ কোষৰ পৰিৱৰ্তনৰ ফলত এলঝেইমাৰ্ছ বা পাৰ্কিনছনছৰ দৰে জটিল স্নায়ৱিক ব্যাধিৰ সৃষ্টি হয়, তাক অন্বেষণ কৰাৰ এক বিৰল সুযোগ এতিয়া গৱেষকসকলে লাভ কৰিছে।
তদুপৰি, মগজুৰ ৰোগত আৱিষ্কৃত নতুন ঔষধসমূহে কেনেকৈ কাম কৰে, সেয়া ৰোগীক প্ৰদান কৰাৰ পূৰ্বেই এই কৃত্ৰিম মগজুত প্ৰত্যক্ষভাৱে পৰীক্ষা কৰি চাব পৰা যাব। ব্ৰেইন ষ্ট্ৰোক বা মগজুৰ টিউমাৰৰ চিকিৎসাত প্ৰস্তুত কৰা নতুন ঔষধৰ পোনপটীয়া প্ৰয়োগৰ জৰিয়তে ৰোগ নিৰ্মূলৰ উপায়ো সহজতে উদ্ভাৱন কৰিব পৰা যাব। আনহাতে, জন্মৰ পাছত শিশুৰ মগজুৰ বিকাশ কেনেকৈ হয় আৰু তাত কি কি পৰিৱৰ্তন ঘটে, সেয়া এতিয়াৰ পৰা নিৰীক্ষণ কৰাটো সহজ হৈ পৰিব। ইয়াৰ ফলত অটিজমৰ দৰে ৰোগ কেনেকৈ আৰু কাক হ’ব পাৰে, তথা ইয়াৰ উপযুক্ত চিকিৎসা কি, সেয়াও ভৱিষ্যতে নিৰ্ণয় কৰাটো সম্ভৱ হৈ উঠিব।


