কংগোত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ২৯ জন লোকৰ মৃত্যু হৈছে। মৃতসকলৰ অধিকাংশই শিক্ষাৰ্থী। বৃহস্পতিবাৰে বিদ্ৰোহীসকলৰ নিয়ন্ত্ৰণত থকা বুকাভু চহৰত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি বুকাভুৰ চিম্পুণ্ডাত এটা ঘৰত পুৱা প্ৰায় ৮ বজাত হঠাতে জুই লাগি যায়। ই দ্ৰুতগতিত ওচৰৰ উজামা প্ৰাথমিক বিদ্যালয় আৰু ফুৰাহা মাধ্যমিক বিদ্যালয়লৈ বিয়পি পৰে। সেই সময়ত শ্ৰেণী চলি আছিল। ছাত্ৰ-ছাত্ৰীসকলে প্ৰাণ ৰক্ষাৰ বাবে দৌৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে এক প্ৰচণ্ড হুলস্থুলৰ সৃষ্টি হয়।
স্থানীয় বিষয়া পেট্ৰিছ বুডুগে দাবী কৰা মতে, শ্ৰেণীকোঠাৰ পৰা লৰালৰিকৈ ওলাই অহাৰ সময়ত কেইবাজনো ছাত্ৰ-ছাত্ৰী পদপিষ্ট হোৱাৰ ফলত মৃত্যু হয়। ধোঁৱাৰ ফলত বহুতে চেতনা হেৰুৱাই পেলায়। অগ্নিদগ্ধ হৈ কেইবাজনো লোকৰ মৃত্যু হয়।
দক্ষিণ কিভু প্ৰদেশৰ উপ-ৰাজ্যপাল ডুনিয়া মাছুম্বুকো বুয়েংগিয়ে জনোৱা মতে, বিদ্যালয় দুখন আৰু ওচৰৰ প্ৰায় ৩০০টা কাঠৰ ঘৰো জ্বলি ভষ্মীভূত হৈছে।
স্থানীয় এখন ক্লিনিকৰ নাৰ্ছ ক্রিষ্টোফ জিগাছানে জনোৱা মতে, গুৰুতৰ অৱস্থাত প্ৰায় ৫০ জন ছাত্ৰ-ছাত্ৰী আৰু কেইবাজনো শিক্ষকক তেওঁলোকৰ ক্লিনিকলৈ লৈ যোৱা হৈছিল। বহুতে ধোঁৱাৰ বাবে উশাহ-নিশাহ লোৱাত কষ্ট পাইছিল। কেইবাজনো লোকৰ থিতাতে মৃত্যু হয়। পিছত কেইবাজনো লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।
অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি নিহত ২৯ জনৰ ভিতৰত ২৬ জন শিক্ষাৰ্থী। অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। জুই নিয়ন্ত্ৰণ কৰাৰ উপৰিও কংগোৰ বিদ্ৰোহী সংগঠন এম ২৩ য়ে জনোৱা মতে, জৰুৰীকালীন দল এটাও ভুক্তভোগীক সহায় কৰিবলৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে কংগোত ইউনিয়ন ফৰ ডেম’ক্ৰেচি এণ্ড ছ’চিয়েল প্ৰগ্ৰেছ ক্ষমতাত আছে। কিন্তু দেশৰ পূব প্ৰান্তৰ এক বৃহৎ এলেকা কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত নাই। বিশেষকৈ উত্তৰ কিভু আৰু দক্ষিণ কিভু। প্ৰদেশখনত দীৰ্ঘদিন ধৰি বিভিন্ন সশস্ত্ৰ সংগঠনৰ আধিপত্য আছে। ইয়াৰে আটাইতকৈ শক্তিশালী হৈছে M23। বুকাভুও তেওঁলোকৰ নিয়ন্ত্ৰণত আছে। এম ২৩ৰ মুখপাত্ৰই জনোৱা মতে, অগ্নিকাণ্ডৰ তদন্ত আৰম্ভ কৰা হৈছে।


