• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

গাজাত ইজৰাইলৰ সামৰিক অভিযান আৰু এআই প্ৰযুক্তিৰ ব্যৱহাৰক লৈ নিৰ্মিত তথ্যচিত্ৰখনে স্পেচিয়েল জুৰী বঁটা লাভ কৰাৰ পাছতে নিৰ্মাতা যুভাল আব্ৰাহাম আৰু ৰেচেল জ'ৰৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ ইজৰাইল চৰকাৰৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2026 8:29 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাজাত ইজৰাইলী সামৰিক অভিযানৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ ‘নাজা’ই ভেনিছ চলচ্চিত্ৰ মহোৎসৱত ‘স্পেচিয়েল জুৰী’ বঁটা লাভ কৰাৰ পাছতে ইজৰাইলৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইজৰাইলৰ সংস্কৃতি মন্ত্ৰী মিকি জোহৰে ছবিখনৰ নিৰ্মাতা যুভাল আব্ৰাহাম আৰু ৰেচেল জ’ৰৰ ইজৰাইলী নাগৰিকত্ব বাতিল কৰাৰ ভাবুকি প্ৰদান কৰিছে। দেওবাৰে সামাজিক মাধ্যম এক্স যোগে মন্ত্ৰীগৰাকীয়ে ছবিখনক ‘ঘিণলগীয়া’ বুলি আখ্যা দিয়াৰ লগতে বঁটা লাভ কৰা বিষয়টো আশ্বৰ্যকৰ বুলি মন্তব্য কৰে। তেওঁ নিৰ্মাতাদ্বয়ৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰি বিশ্বজুৰি থকা ইহুদী-বিৰোধী লোকসকলৰ পৰা প্ৰশংসা বুটলিবলৈ নিজৰ দেশৰ ক্ষতিসাধন কৰা বুলি অভিযোগ কৰে।

 

Apply Now

সংস্কৃতি মন্ত্ৰী জোহৰে স্পষ্ট কৰি দিয়ে যে ৰাষ্ট্ৰবিৰোধী এনে কাৰ্যৰ বাবে তেওঁ এই নিৰ্মাতাসকলৰ নাগৰিকত্ব বাতিল কৰাৰ ব্যৱস্থা তৎকালীনভাৱে গ্ৰহণ কৰিব। জোহৰৰ উপৰিও ইজৰাইলৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ইটামাৰ বেন-গভিৰেও নিৰ্মাতাদ্বয়ক সমগ্ৰ ইজৰাইলবাসীৰ বাবে ‘লজ্জা আৰু অপমান’ বুলি অভিহিত কৰি তেওঁলোকৰ সৈতে হামাছৰ সম্পৰ্ক থকাৰো অভিযোগ উত্থাপন কৰে।

 

৮০ মিনিট দৈৰ্ঘ্যৰ ‘নাজা’ নামৰ এই তথ্যচিত্ৰখনে ভেনিছ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ সময়ত ২৫ মিনিট জোৰা থিয় হৈ কৰা অভিবাদন লাভ কৰিছিল, যাক ‘দ্য টেলিগ্ৰাফ’ কাকতে মহোৎসৱটোৰ এক অভিলেখ বুলি প্ৰকাশ কৰিছে। ছবিখনত ইজৰাইলী সেনা আৰু চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত ২৪ গৰাকী ব্যক্তিৰ সাক্ষাৎকাৰ সন্নিৱিষ্ট কৰা হৈছে, যিসকলে নিজৰ পৰিচয় গোপন ৰখাৰ চৰ্তত বক্তব্য প্ৰদান কৰিছে। তথ্যচিত্ৰখনত গাজাত পেলেষ্টাইনীসকলৰ সক্ৰিয় নিৰীক্ষণ আৰু নিৰ্দিষ্ট লক্ষ্যত আক্ৰমণ চলাবলৈ ইজৰাইলী সেনাই ব্যৱহাৰ কৰা ‘লেভেণ্ডাৰ’ নামৰ এক কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱস্থাৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হৈছে। মহোৎসৱৰ চৰকাৰী বিৱৰণী অনুসৰি, ছবিখনে গাজাত পেলেষ্টাইনীসকলৰ পৰিকল্পিত সামূহিক হত্যাকাণ্ডত এআই প্ৰযুক্তিৰ ব্যৱহাৰৰ দিশটো পৰিষ্কাৰকৈ তুলি ধৰিছে।

 

দ্য টেলিগ্ৰাফৰ মতে, ‘নাজা’ নামটো ইজৰাইলী চোৰাংচোৱা সংস্থাই ব্যৱহাৰ কৰা এটা সংক্ষিপ্ত শব্দৰ পৰা লোৱা হৈছে, যিয়ে বিমান আক্ৰমণত নিহত হ’ব পৰা সাম্ভাৱ্য অসামৰিক লোকৰ সংখ্যা বুজায়। ছবিখনৰ এটা সূত্ৰই দাবী কৰা মতে, এজন হামাছ সদস্যক লক্ষ্য কৰি চলোৱা এটা অভিযানত ৫০০ গৰাকী সাম্ভাৱ্য অসামৰিক লোকক হত্যা কৰাৰো অনুমোদন দিয়া হৈছিল। পৰিচালক যুভাল আব্ৰাহামে প্ৰকাশ কৰা মতে, তেওঁৰ এই তথ্যচিত্ৰখনে পশ্চিমীয়া দেশসমূহৰ চৰকাৰক ইজৰাইলৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশাবাদী। উল্লেখযোগ্য যে আব্ৰাহাম আৰু জ’ৰে ৱেষ্ট বেংকত পেলেষ্টাইনীসকলৰ বিৰুদ্ধে চলা হিংসাৰ আধাৰত নিৰ্মাণ কৰা ‘ন’ আডাৰ লেণ্ড’ নামৰ তথ্যচিত্ৰৰ বাবে ২০২৫ চনত অস্কাৰ বঁটা লাভ কৰিছিল। ২০২৪ চনত সেই ছবিখনৰ প্ৰিমিয়াৰৰ পাছতো দক্ষিণপন্থী লোকৰ এটা দলে আব্ৰাহামৰ পৰিয়ালৰ বাসগৃহত আক্ৰমণ চলাইছিল।

 

ইজৰাইলৰ আইন অনুসৰি নাগৰিকত্ব বাতিল কৰাৰ প্ৰক্ৰিয়াটো আইনীভাৱে সম্ভৱ হ’লেও ইয়াৰ প্ৰয়োগ অতি বিৰল। দ্য টেলিগ্ৰাফৰ প্ৰতিবেদন অনুসৰি, ২০২২ চনত ইজৰাইলৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্ৰমাণ কৰাত ব্যৰ্থ হোৱা লোকৰ নাগৰিকত্ব বাতিল কৰিব পৰা যাব বুলি ৰায় দিছিল আৰু ২০২৩ চনত এই আইনৰ পৰিসৰ বৃদ্ধি কৰি সন্ত্ৰাসবাদৰ গোচৰকো ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছিল। এই আইনী প্ৰক্ৰিয়াটো সম্পন্ন কৰিবলৈ গৃহ মন্ত্ৰীৰ অনুৰোধৰ লগতে ন্যায় মন্ত্ৰীৰ অনুমোদন আৰু ন্যায়াধীশৰ সন্মতিৰ প্ৰয়োজন হয়।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

September 14, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd