আলফা(স্বাঃ)ৰ জ্যেষ্ঠ কেডাৰ দিগন্ত চুতীয়া ওৰফে অনলজয় অসমে সোমবাৰে তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। দীৰ্ঘদিন ধৰি ম্যানমাৰৰ ইয়াজং অঞ্চলত থাকি অহা অনলজয় অসমে অৱশেষত সংগঠন এৰি মূলসুঁতিলৈ ঘূৰি আহে।
জানিব পৰা মতে, তেখেত আলফাৰ মেজৰ পদত অধীস্থিত আছিল আৰু তেখেতৰ ঘৰ তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত তালপথাৰ গাঁৱত বুলি জানিব পৰা গৈছে।
সূত্ৰ অনুসৰি, অনলজয়ে ম্যানমাৰত আত্মগোপন কৰি থকাৰ সময়তে এগৰাকী বাৰ্মিজ মহিলাক বিয়া কৰাইছিল।
তেওঁৰ আত্মসমৰ্পণে সংগঠনটোৰ ওপৰত অধিক চাপ সৃষ্টি কৰাৰ লগতে সংগঠনটোক দুৰ্বল কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
ইফালে, সংগঠনটোৰ সৈতে জড়িত কেডাৰ আৰু যুৱক-যুৱতীসকলক মূলসুঁতিলৈ ঘূৰি আহিবলৈ নিৰাপত্তা বাহিনী আৰু সংশ্লিষ্ট সংস্থাসমূহে ধাৰাবাহিকভাৱে আহ্বান জনাই আহিছে।
আৰক্ষীৰ এগৰাকী বিষয়াই কয় যে, কেডাৰসকলৰ মূলসুঁতিলৈ উভতি অহাটো অঞ্চলটোৰ শান্তি আৰু স্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত এক ইতিবাচক সংকেত।
অনলজয় অসমে আত্মসমৰ্পণ কৰাৰ পাছতে তিনিচুকীয়া আৰক্ষীয়ে তেওঁৰ জেৰা আৰম্ভ কৰিছে। সংগঠনটোৰ সৈতে তেওঁৰ সম্পৰ্ক, কাৰ্যকলাপ আৰু আন সদস্যসকলৰ সৈতে থকা যোগসূত্ৰ সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে আৰক্ষীয়ে।





