নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজক লৈ ৰাজ্যৰ ৰাজনীতিত নতুন চৰ্চাৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰে অভিযোগ কৰিছে যে নগাঁৱত কংগ্ৰেছৰ ভোট বিভাজন কৰি দলটোৰ প্ৰত্যাহ্বান দুৰ্বল কৰাৰ লক্ষ্যৰে বিজেপিয়ে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলক নিৰ্বাচনী যুঁজলৈ অনাৰ চেষ্টা চলাইছে।
মঙলবাৰে সংবাদ মাধ্যমৰ আগত মীৰা বৰঠাকুৰে দাবী কৰে যে ইয়াৰ পূৰ্বেও বিজেপিয়ে একে উদ্দেশ্যেৰে ৰেজাউল কৰিমক নিৰ্বাচনত নমোৱাৰ কথা ভাবিছিল। কিন্তু কংগ্ৰেছে শিৱমণি বৰাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছত এতিয়া আজমলক নগাঁৱৰ যুঁজত নমোৱাৰ দিশত গুৰুত্ব দিয়া হৈছে বুলি তেওঁ অভিযোগ কৰে।
বৰঠাকুৰৰ মতে, এআইইউডিএফৰ সভাপতিক নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাৰ বাবে আলোচনা চলি আছে। এই সিদ্ধান্তক লৈ আজমলৰ ওপৰত চাপ আছে বুলিও তেওঁ দাবী কৰে। একে সময়তে আজমলৰ ৰাজনৈতিক আকাংক্ষা নে ব্যৱসায়িক স্বাৰ্থ-কোনটোক তেওঁ অগ্ৰাধিকাৰ দিব, সেই লৈও প্ৰশ্ন তোলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
ইফালে কংগ্ৰেছ আৰু অসম কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক সঘনে লক্ষ্য কৰি মন্তব্য কৰা এগৰাকী ৰাজনৈতিক নেতাকো মীৰা বৰঠাকুৰে সমালোচনা কৰে। যদিও তেওঁ নাম প্ৰকাশ নকৰিলে, তেওঁৰ বক্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈক লক্ষ্য কৰিয়েই কৰা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।
কেৱল সেয়াই নহয়, বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ প্ৰাৰ্থিত্বৰ যোগ্যতাক লৈও প্ৰশ্ন তোলে বৰঠাকুৰে। চৰকাৰী সেৱাৰ পৰা পদত্যাগ কৰি নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁৰ স্বেচ্ছা অৱসৰ, সেৱাৰ নথি-পত্ৰ আৰু পদত্যাগৰ পিছত কোনো বকেয়া ধন বা লেনদেন আছিল নেকি, সেই সকলো বিষয় নিৰ্বাচন আয়োগে খতিয়ান ল’ব লাগে বুলি দাবী কৰে তেওঁ।
ইফালে শিৱমণি বৰাক প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ পিছত কংগ্ৰেছৰ ভিতৰচোৱাত অসন্তুষ্টি বৃদ্ধি পোৱা বুলি ওলোৱা চৰ্চাকো নস্যাৎ কৰে মীৰা বৰঠাকুৰে। দলটোৱে আগৰ দৰে গোষ্ঠীভিত্তিক লবী ৰাজনীতিৰ পৰা আঁতৰি আহিছে বুলি দাবী কৰি, বিজেপিয়ে কংগ্ৰেছৰ ভিতৰৰ মতভেদক বাছি বাছি ডাঙৰ কৰি দেখুৱাইছে বুলি অভিযোগ কৰে তেওঁ। একে সময়তে বিজেপিৰ ভিতৰতো অসন্তুষ্টি থকাৰ অভিযোগ তোলে বৰঠাকুৰে।
নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যৱহৃত ইভিএমক লৈও উদ্বেগ প্ৰকাশ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তেওঁৰ মতে, নিৰ্বাচন যদি স্বচ্ছ আৰু নিকা হয়, তেন্তে কংগ্ৰেছ জয়ী হোৱাৰ সম্ভাৱনা আছে। আনহাতে, কোনো ধৰণৰ অনিয়ম বা কাৰচাজি সংঘটিত হ’লে নিৰ্বাচনৰ ফলাফলৰ মাজেৰে সেয়া অৱশেষত পোহৰলৈ আহিব বুলি দাবী কৰে তেওঁ।
মীৰা বৰঠাকুৰৰ এই অভিযোগে নগাঁৱৰ নিৰ্বাচনী সমীকৰণত নতুন মাত্ৰা যোগ কৰিছে। বিশেষকৈ অতিৰিক্ত প্ৰাৰ্থীৰ প্ৰৱেশে ভোটৰ ভাগ-বতৰা কিদৰে সলনি কৰিব আৰু তাৰ প্ৰভাৱ কংগ্ৰেছ, বিজেপি আৰু আন প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত কিমান পৰিব, সেয়া এতিয়া নগাঁৱৰ ৰাজনীতিত অন্যতম গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে।





