• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

সংঘচালক মোহন ভাগৱতে অ’টিটি প্লেটফৰ্মৰ সমলক ‘নৈতিক স্খলন’ৰ কাৰণ হিচাপে অভিহিত কৰাৰ প্ৰায় দুবছৰৰ পাছত প্ৰাক্তন উপাচাৰ্য আৰু প্ৰচাৰকক লৈ এই বিশেষ গোট গঠন কৰা হৈছে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2026 12:56 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অ’টিটি (অ’ভাৰ দ্য টপ) প্লেটফৰ্মত প্ৰদৰ্শিত বিভিন্ন সমলৰ জৰিয়তে সৃষ্টি হোৱা কথিত ‘সাংস্কৃতিক প্ৰদূষণ’ ৰোধ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এক বিশেষ অনানুষ্ঠানিক গোট গঠন কৰিছে। প্ৰাক্তন উপাচাৰ্য আৰু শিক্ষা তথা সংস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত সংঘৰ প্ৰচাৰকসকলক লৈ গঠিত এই গোটটোৱে অ’টিটি প্লেটফৰ্মৰ আপত্তিজনক সমলসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ এক প্ৰস্তাৱ আগবঢ়াব। কেইমাহমান পূৰ্বে গঠন কৰা এই গোটটোৰ প্ৰথমখন বৈঠক যোৱা মাহত অনুষ্ঠিত হৈ যায়। পৰৱৰ্তী সময়ত গোটটোৱে এক বিতং প্ৰস্তাৱ প্ৰস্তুত কৰি কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয় আৰু অন্যান্য সংশ্লিষ্ট চৰকাৰী পক্ষসমূহক অৰ্পণ কৰিব।

 

Apply Now

উল্লেখ্য যে, প্ৰায় দুবছৰ পূৰ্বে ২০২৪ চনৰ ১২ অক্টোবৰত নাগপুৰত অনুষ্ঠিত বাৰ্ষিক বিজয়া দশমীৰ অনুষ্ঠানত আৰএছএছৰ ছৰসংঘচালক মোহন ভাগৱতে অ’টিটি প্লেটফৰ্মত প্ৰদৰ্শিত সমলক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁ এই সমলসমূহক ‘ঘৃণনীয়’ বুলি অভিহিত কৰাৰ লগতে সমাজত ইয়াৰ দ্বাৰা ‘নৈতিক স্খলন’ আৰু ‘বিকৃতি’ ঘটিছে বুলি দাবী কৰিছিল। সেয়েহে অ’টিটি প্লেটফৰ্মসমূহক আইনৰ জৰিয়তে নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁ মত প্ৰকাশ কৰিছিল। আৰএছএছৰ সূত্ৰই প্ৰকাশ কৰা মতে, পৰিয়ালসমূহ আৰু বিশেষকৈ যুৱপ্ৰজন্মক প্ৰভাৱিত কৰা এই সাংস্কৃতিক প্ৰদূষণ ৰোধ কৰিবলৈ চলচিত্ৰৰ চেঞ্চৰ ব’ৰ্ডৰ দৰে এক নিৰ্দিষ্ট ব্যৱস্থাৰ প্ৰয়োজন আছে।

 

আৰএছএছৰ ‘কুটুম্ব প্ৰবোধন’ নামৰ কাৰ্যসূচীৰ পৰা লাভ কৰা পৰামৰ্শৰ ভিত্তিত এই বিশেষ গোটটো গঠন কৰা হৈছে। পৰম্পৰাগত পাৰিবাৰিক মূল্যবোধ শক্তিশালী কৰা, বিভিন্ন প্ৰজন্মৰ মাজত সম্পৰ্ক উন্নত কৰা আৰু সামাজিক সদ্ভাৱনা বৃদ্ধি কৰাই হৈছে এই কাৰ্যসূচীৰ মূল লক্ষ্য। সূত্ৰৰ মতে, এই প্ৰস্তাৱ প্ৰস্তুত কৰাৰ বাবে গোটটোৱে কোনো নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা নাই যদিও আইনজ্ঞসকলৰ সৈতে বিস্তৃত আলোচনা কৰাৰ পাছতহে চূড়ান্ত সিদ্ধান্ত ল’ব। বৰ্তমান চিনেমাঘৰত প্ৰদৰ্শিত চলচিত্ৰসমূহক ১৯৫২ চনৰ চিনেমাট’গ্ৰাফ আইনৰ অধীনত কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণন ব’ৰ্ডে (চিবিএফচি) নিয়ন্ত্ৰণ কৰে যদিও অ’টিটিৰ বাবে এনে কোনো সুকীয়া নিয়ন্ত্ৰণকাৰী সংস্থা নাই। বৰ্তমান অ’টিটি প্লেটফৰ্মসমূহ মূলতঃ ২০২১ চনৰ তথ্য প্ৰযুক্তি নিয়ম আৰু প্ৰাসংগিক অপৰাধমূলক আইনৰ দ্বাৰাহে পৰিচালিত হয়।

 

অ’টিটি প্লেটফৰ্মৰ নিয়ন্ত্ৰণ ব্যৱস্থাত থকা কথিত সুৰুঙাসমূহৰ বিষয়টো ইয়াৰ পূৰ্বেও কেইবাবাৰো উত্থাপন হৈ আহিছে। যোৱা ২২ জুলাইত লোকসভাত এক প্ৰশ্নৰ উত্তৰত তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী এল. মুৰুগানে জানিবলৈ দিছিল যে বিগত দুবছৰত চৰকাৰে ভাৰতত ৫০ টা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিছে। চৰকাৰী তথ্য অনুসৰি, এই প্লেটফৰ্মসমূহত অশ্লীল সমল প্ৰদৰ্শন কৰা আৰু তথ্য প্ৰযুক্তি আইন, ভাৰতীয় ন্যায় সংহিতাৰ ২৯৪ ধাৰা তথা মহিলাৰ অশালীন উপস্থাপন (নিষেধাজ্ঞা) আইন, ১৯৮৬-ৰ ৪ নং ধাৰা উলংঘা কৰাৰ অভিযোগত এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। আৰএছএছৰ এই নতুন পদক্ষেপে আগন্তুক সময়ত অ’টিটি প্লেটফৰ্মৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক নতুন আৰু কঠোৰ নীতি প্ৰণয়ন কৰাৰ দিশত অগ্ৰসৰ কৰাব পাৰে বুলি ধাৰণা কৰা হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd