এন্থ্ৰপিকৰ জনপ্ৰিয় কৃত্ৰিম বুদ্ধিমত্তা বা এআই মডেল ‘ক্লড’ৰ সহায়ত প্ৰতিদ্বন্দ্বী কোম্পানী OpenAIৰ চিষ্টেমত প্ৰৱেশ কৰিছে ভাৰতীয় মূলৰ তিনিজন চাইবাৰ সুৰক্ষা গৱেষকে। অৱশ্যে এয়া কোনো অনৈতিক চাইবাৰ আক্ৰমণ নহয়; তেওঁলোকে OpenAI ৰ অনুমোদিত সুৰক্ষা পৰীক্ষণ বা ‘বাগ বাউন্টি’ প্ৰগ্ৰেমৰ অংশ হিচাপে সংস্থাটোৰ সুৰক্ষা দেৱাল ভেদ কৰি ত্ৰুটিসমূহ চিনাক্ত কৰিছে।
আমেৰিকাৰ সংবাদ মাধ্যম ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি ভাৰতীয় চাইবাৰ ছিকিউৰিটি ষ্টাৰ্টআপ ‘হেক্ট্ৰন এ আই’ৰ তিনিজন গৱেষক হৰ্ষ জয়ছোৱাল, মোহন পেধাপতি আৰু ৰাহুল মাইনীয়ে এই অসম্ভৱ কৃতিত্ব অৰ্জন কৰিছে।
সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ তেওঁলোকৰ ৭২ ঘণ্টাৰো কম সময় লাগিছিল। চিষ্টেমৰ প্ৰথম ত্ৰুটি চিনাক্ত কৰাৰ পিছত, তেওঁলোকে OpenAI ৰ অতি সংবেদনশীল আভ্যন্তৰীণ ‘GitHub repository’ত উপনীত হ’বলৈ সক্ষম হৈছিল।
এই পৰীক্ষাৰ সময়ত গৱেষকসকলে এআই টোকেনৰ বাবে ৩০০০ ডলাৰ (প্ৰায় ২.৫ লাখ টকা)তকৈও কম খৰচ কৰিছিল। পিছত OpenAI-এ ত্ৰুটিবোৰ ক্ষীপ্ৰতাৰে সমাধান কৰি গৱেষণা দলটোক ৬৫০০ ডলাৰ (প্ৰায় ৫.৫ লাখ টকা) পুৰস্কাৰ বা বাউন্টি প্ৰদান কৰে।
কেনেকৈ ভংগ কৰা হ’ল OpenAI ৰ সুৰক্ষা দেৱাল?
গৱেষকসকলে প্ৰথমে OpenAI ৰ এটা কমিউনিটি ফ’ৰামত দৃষ্টি দিয়ে। ইমেজ আপলোড ব্যৱস্থাপনাত এটা কাৰিকৰী দুৰ্বলতা আছিল, যাৰ সুবিধা লৈ যিকোনো বাহিৰৰ ব্যক্তিয়ে চাৰ্ভাৰত ক্ষতিকাৰক ক’ড চলাব পাৰিলেহেঁতেন। এই ত্ৰুটি বিশ্লেষণ আৰু তাৰ দ্বাৰা ভিতৰৰ প্ৰৱেশৰ পথ সৃষ্টি কৰিবলৈ তেওঁলোকে প্ৰতিদ্বন্দ্বী কোম্পানী এনথ্ৰ’পিকৰ এআই চেটবট ‘ক্লড’ৰ সহায় লৈছিল। ক’ড লিখা,সংশোধন আৰু পৰিস্থিতিৰ লগত খাপ খুওৱাৰ কামটো ক্লডে ক্ষিপ্ৰ কৰি দিয়াত গৱেষকসকলৰ সময় ৰাহি হয়।
পিছত গৱেষকসকলে OpenAI কৰ্মীসকলৰ একাউণ্টত প্ৰৱেশ কৰিবলৈ আন এটা দুৰ্বলতা (লগইন টোকেন) চিনাক্ত কৰে। তাৰ পৰাই তেওঁলোকে এজন কৰ্মীৰ ‘কোডেক্স’ একাউণ্টৰ জৰিয়তে OpenAI ৰ আভ্যন্তৰীণ GitHub পৰিৱেশত উপনীত হয়। কিন্তু গৱেষকসকলে জনায় যে ক্লডে কেৱল এজন সহায়কৰ ভূমিকাহে পালন কৰিছিল; ভুলৰ পিছত কি ব্যৱস্থা ল’ব লাগে তাৰ চূড়ান্ত বুদ্ধিমত্তা আৰু কৌশল গৱেষকসকলৰ নিজৰ আছিল।
এই তিনিজন গৱেষক কোন?
তিনিওজনৰে ষ্টাৰ্টআপ ‘হেকট্ৰন এআই’ৰ হৈ চফট্ ৱেৰ দুৰ্বলতা ধৰা পেলোৱা আৰু বাগ বাউন্টি প্ৰগ্ৰেমৰ দীৰ্ঘ অভিজ্ঞতা আছে। এই কাৰ্যসূচীৰ নেতৃত্ব দিয়ে হৰ্ষ জয়ছোৱালে।
মোহন পেধাপতি: হেকট্ৰন এআইৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য প্ৰযুক্তি বিষয়া (চিটিঅ’)। তেওঁ ৱেব ছিকিউৰিটি, ছ’ৰ্চ-ক’ড ৰিভিউ আৰু মোবাইল এপ ছিকিউৰিটিৰ বিশেষজ্ঞ। অন্ধ্ৰ প্ৰদেশৰ আৰ জি ইউ কে নুজভিডৰ পৰা কম্পিউটাৰ ছায়েঞ্চত বি টেক সম্পূৰ্ণ কৰা মোহনে ইয়াৰ পূৰ্বে কিউৰ-৫৩ ত নিৰাপত্তা পৰামৰ্শদাতা হিচাপে কাম কৰিছিল।
হৰ্ষ জয়ছোৱাল: হেকট্ৰন এআইৰ সহ-প্ৰতিষ্ঠাপক হৰ্ষে এদশকৰো অধিক সময় ধৰি চফটৱেৰ ত্ৰুটি চিনাক্তকৰণত সক্ৰিয় হৈ আছে। ইয়াৰ পূৰ্বে তেওঁ জোমেটো আৰু কিউৰ-৫৩ত নিৰাপত্তা অভিযন্তা হিচাপে কাম কৰিছিল। হেকাৰৱান প্লেটফৰ্মৰ জৰিয়তে এপল, পেপ’ল আৰু গিটহাবৰ দৰে টেক জায়ান্টৰ সুৰক্ষাৰ ত্ৰুটি উন্মোচন কৰিও তেওঁ খ্যাতি অৰ্জন কৰিছে।
ৰাহুল মাইনী: হেকট্ৰন এআইৰ এই গৱেষকজন আন্তঃৰাষ্ট্ৰীয় বাগ বাউন্টি প্লেটফৰ্মসমূহত এখন সুপৰিচিত মুখ। ইয়াৰ পূৰ্বে তেওঁ চিনাক ৰেড টিম, হেকাৰৱান আৰু বাগক্ৰাউডত পেনটেষ্টাৰ হিচাপে কাম কৰিছিল। তেওঁৰ কামৰ স্বীকৃতি স্বৰূপে তেওঁ লাভ কৰিছে ‘এ টি এণ্ড টি হল অৱ ফেম’ আৰু ‘বাগক্ৰাউড কমিউনিটি এৱাৰ্ড’। ৰাহুলে ২০১৯ চনত দিল্লীৰ ভাৰতী বিদ্যাপীঠৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।





