অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) আইন, ২০২৬-ৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি সোমবাৰে প্ৰব্ৰজন বিৰোধী মঞ্চই (পিভিএম) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, জনগাঁথনি পৰিৱৰ্তন সম্পৰ্কীয় ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ তথা সদস্যসকল আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই এই স্মাৰক পত্ৰৰ জৰিয়তে অসমৰ ভূমি আইনত ‘খিলঞ্জীয়া’ ৰ সংজ্ঞাক লৈ হোৱা সংশোধনীৰ ভয়াৱহ পৰিণতিৰ বিষয়ে দৃষ্টি আকৰ্ষণ কৰিছে। হাজৰিকাৰ মতে, এই সংজ্ঞাই খিলঞ্জীয়া লোকসকলক বাংলাদেশ বা পূব বংগ মূলৰ লোকসকলৰ সৈতে একেটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ দৰে গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি, নতুন সংশোধনী অনুসৰি, কোনো ব্যক্তিক ‘খিলঞ্জীয়া’ হিচাপে স্বীকৃতি প্ৰদানৰ বাবে তেওঁৰ পৰিয়ালটোৱে এটা নিৰ্দিষ্ট এলেকাত একেৰাহে তিনিটা প্ৰজন্ম ধৰি বসবাস কৰাটো বাধ্যতামূলক কৰা হৈছে, য’ত প্ৰতিটো প্ৰজন্মৰ সময়সীমা ২৫ বছৰ বুলি নিৰ্ধাৰণ কৰা হৈছে। এই সন্দৰ্ভত উপমন্যু হাজৰিকাই দাবী কৰা মতে, এই নতুন সংজ্ঞাই এক ভয়ংকৰ সমীকৰণৰ সৃষ্টি কৰিব। কাৰণ এই নিয়ম অনুসৰি, ১৯৭৯ চনত বাংলাদেশৰ পৰা অসমলৈ প্ৰব্ৰজন কৰা এটা পৰিয়ালৰ তিনিটা প্ৰজন্মই ২০২৬ চনৰ ১ জানুৱাৰীত ২৫ বছৰ বসবাস সম্পূৰ্ণ কৰি সহজেই ‘খিলঞ্জীয়া’ৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ’ব। ইয়াৰ সৰল অৰ্থ এয়াই যে ১৯৮০ চনৰ পূৰ্বে অহা প্ৰব্ৰজনকাৰীৰ পৰিয়ালসমূহো এই নিয়মৰ অধীনত খিলঞ্জীয়াত পৰিণত হ’ব আৰু ইয়াৰ জৰিয়তে পৰোক্ষভাৱে বাংলাদেশী প্ৰব্ৰজনকাৰীক নাগৰিকত্ব প্ৰদানৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ পৰিৱৰ্তে ১৯৭৯ চনলৈ পিছুৱাই যোৱাৰ এক নিশ্চিত পথ মুকলি হ’ব।
ইয়াৰ উপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰক্ৰিয়াৰ ওপৰত পৰিব পৰা প্ৰভাৱক লৈয়ো হাজৰিকাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰে যে নাগৰিকত্ব আইনৰ অধীনত এনআৰচি প্ৰক্ৰিয়াৰ নীতি-নিয়মতহে কেৱল ‘খিলঞ্জীয়া’ শব্দটোৰ উল্লেখ আছে, য’ত এই শ্ৰেণীৰ লোকসকলক এনআৰচিত অন্তৰ্ভুক্ত কৰাৰ বাবে এক শিথিল প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ ব্যৱস্থা ৰখা হৈছে। ২০২১ চনত নগাঁও আৰু কামৰূপ জিলা কৰ্তৃপক্ষই চলোৱা অনুসন্ধানত পোহৰলৈ আহিছিল যে বাংলাদেশ মূলৰ বহুসংখ্যক লোকক উপযুক্ত নথি-পত্ৰ নথকা সত্ত্বেও ‘খিলঞ্জীয়া’ হিচাপে চিহ্নিত কৰি এনআৰচিত অন্তৰ্ভুক্ত কৰা হৈছিল। ২০২১ চনৰ ৮ মে’ত অসমৰ এনআৰচিৰ ৰাজ্যিক সমন্বয়কে দাখিল কৰা এক প্ৰতিবেদনৰ উদ্ধৃতি দি স্মাৰক পত্ৰখনত কোৱা হৈছে যে প্ৰায় ২৫ লাখ লোকক অপৰ্যাপ্ত নথি-পত্ৰৰে এনআৰচিত অন্তৰ্ভুক্ত কৰা হৈছিল। এতিয়া ভূমি ৰাজহ আইনৰ এই সংশোধনীয়ে বাংলাদেশ মূলৰ লোকসকলক এনআৰচিত সোমাবলৈ অধিক সুবিধা প্ৰদান কৰিব বুলিও দাবী কৰিছে।
স্মাৰক পত্ৰখনত সত্ৰৰ ভূমি বেদখলৰ বিষয়টোও গুৰুত্বসহকাৰে উত্থাপন কৰা হৈছে। ৰাজ্য চৰকাৰৰ তথ্যৰ উদ্ধৃতি দি উল্লেখ কৰা হৈছে যে বৰ্তমান ১৫,২৮৮ বিঘা (৫,০০০ একৰ) সত্ৰৰ ভূমি বেদখলকাৰীৰ কৱলত আছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা চলি অহা এই বেদখল উচ্ছেদ কৰাটো বিজেপিৰ অন্যতম প্ৰধান প্ৰতিশ্ৰুতি আছিল যদিও দলটোৱে একেৰাহে তিনিবাৰকৈ বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছতো সামান্য বেদখল উচ্ছেদৰ বাহিৰে পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই বুলি অভিযোগ কৰিছে। হাজৰিকাই কয় যে অসম চৰকাৰে ‘অসম ভূমি বেদখল আইন, ২০১০’-ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন, য’ত ভূমি বেদখলৰ বাবে পাঁচ বছৰলৈকে কাৰাদণ্ডৰ ব্যৱস্থা আছে। কিন্তু তাৰ পৰিৱৰ্তে বেদখলকাৰীক সুৰক্ষা প্ৰদান কৰা আইনহে গৃহীত কৰা হৈছে। প্ৰব্ৰজন বিৰোধী মঞ্চই স্পষ্ট কৰি দিছে যে যদি সত্ৰৰ ভূমি ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছা আছে, তেন্তে ‘খিলঞ্জীয়া’ৰ সংজ্ঞা নিৰ্ধাৰণৰ ভিত্তিবৰ্ষ ১৯০১ চনলৈ সলনি কৰিব লাগিব, যিটো সময় পূব বংগৰ পৰা সত্ৰৰ ভূমিত বেদখল চলোৱা প্ৰধান প্ৰব্ৰজনকাৰীসকল অহাৰ পূৰ্বৰ সময় আছিল।





