উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ পাহাৰীয়া ৰাজ্য মেঘালয়ত হঠাতে সলনি হ’ল ৰাজনৈতিক সমীকৰণ। দীৰ্ঘদিন ধৰি চলি অহা জল্পনা-কল্পনাৰ অন্ত পেলাই ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী চমুকৈ ইউডিপিৰ ৮গৰাকী বিধায়কে একেলগে ভাৰতীয় জনতা পাৰ্টী, বিজেপিত যোগদান কৰে। বুধবাৰে নতুন দিল্লীত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এক বিশেষ অনুষ্ঠানত তেওঁলোকে আনুষ্ঠানিকভাৱে বিজেপিৰ সদস্যপদ গ্ৰহণ কৰে।
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত এই দলবদলৰ কথা ঘোষণা কৰা হয়। বিজেপিত যোগ দিয়া ৮গৰাকী বিধায়কৰ ভিতৰত আছে আমলাম্ৰেম সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী লাকমেন ৰিম্বুই আৰু খলিহ্ৰিয়াট সমষ্টিৰ বিধায়ক কিৰমেন শিল্লা। ইয়াৰ উপৰি মাওছিনৰামৰ ওলান সিং সুইন, মাওফ্লাঙৰ মেথিউ বেয়ণ্ডষ্টাৰ কৰবাহ, নংপোহৰ মায়ৰালবৰ্ণ ছিয়েম, ৰাণীক’ৰৰ পিউছ মাৰউইন, ছোহিয়ঙৰ চিনশাৰ থাবাহ আৰু শ্বেল্লাৰ বালাজিদ ছিনৰেমে বিজেপিত যোগদান কৰে।
যোৱা কেইসপ্তাহ ধৰি মেঘালয়ৰ ৰাজনৈতিক মহলত এই দলবদলক লৈ চৰ্চা চলি আছিল। ৰাজ্য চৰকাৰৰ ভৱিষ্যৎ আৰু বিভিন্ন স্থানীয় বিষয়ক লৈ এই বিধায়কসকলৰ সৈতে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মাজত কেইবালানি আলোচনা অনুষ্ঠিত হৈছিল। ইয়াৰ পূৰ্বে যোৱা ১২ ছেপ্টেম্বৰত ইউডিপিৰ নেতা তথা প্ৰাক্তন বিধায়ক ড০ জেমিনো মাওথোহে বিজেপিত যোগদান কৰিছিল। এতিয়া একেলগে ৮গৰাকী বিধায়কে দল সলনি কৰাৰ পাছত মেঘালয় বিধানসভাৰ ৰাজনৈতিক সমীকৰণত যথেষ্ট পৰিৱৰ্তন আহিছে।
নতুন সংযোজন আৰু পূৰ্বৰ দলবদল মিলাই মেঘালয়ত বিজেপিৰ বিধায়কৰ সংখ্যা এতিয়া ১০জনলৈ বৃদ্ধি পাইছে। সংখ্যাৰ হিচাপত মুখ্যমন্ত্ৰী কনৰাড ছাংমাৰ নেচনেল পিপলছ পাৰ্টী, অৰ্থাৎ এনপিপিৰ পাছতেই বিজেপি বিধানসভাৰ দ্বিতীয় বৃহত্তম দল হিচাপে পৰিগণিত হৈছে।
জানিব পৰা মতে, কেৱল দল সলনি কৰাই নহয়, মেঘালয়ৰ স্বাৰ্থৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী আগবঢ়াই বিজেপিৰ সৈতে হাত মিলাইছে বিধায়কসকলে। তেওঁলোকৰ অন্যতম দাবী হৈছে সংবিধানৰ অষ্টম অনুসূচীত খাছি ভাষাক অন্তৰ্ভুক্ত কৰা। ইয়াৰ লগতে আইনী ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনত কয়লা খনন পুনৰ আৰম্ভ কৰা আৰু মেঘালয় ৰেচিডেণ্টছ ছেফটি এণ্ড ছিকিউৰিটি এক্ট, অৰ্থাৎ এমআৰএছএছএৰ সংশোধনীৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন শীঘ্ৰে লাভ কৰাৰ দাবীও উত্থাপন কৰা হৈছে।
একে সময়তে ৮গৰাকী বিধায়কৰ বিজেপিত যোগদানে মেঘালয়ত শাসক জোঁটৰ ওপৰত নতুন ৰাজনৈতিক চাপ সৃষ্টি কৰাৰ সম্ভাৱনাও দেখা গৈছে। ২০২৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে খাছি আৰু জয়ন্তীয়া পাহাৰ অঞ্চলত বিজেপিয়ে নিজৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই দলবদল গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। মেঘালয়ৰ ৰাজনীতিত এই নতুন সমীকৰণে আগন্তুক দিনত কি ৰূপ লয়, সেয়া এতিয়া লক্ষ্যণীয়।





