• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

১২২খন দেশৰ তথ্য বিশ্লেষণ কৰি দেখা গৈছে যে বৰ্তমান বিশ্বত কৰ্মৰত মুঠ চিকিৎসকৰ প্ৰায় ২৫ শতাংশই ৫৫ বছৰ বা তাতকৈ অধিক বয়সৰ। অৰ্থাৎ অহা দশকৰ ভিতৰত অৱসৰ ল’ব। ধনী বা উন্নত দেশত এই বৃদ্ধ চিকিৎসকৰ হাৰ বহু বেছি।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2026 6:24 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ প্ৰতি চাৰিজন চিকিৎসকৰ এজনে অহা ১০ বছৰৰ ভিতৰত অৱসৰ ল’ব পাৰে। ইয়াৰ ফলত অদূৰ ভৱিষ্যতে বিশ্ব স্বাস্থ্য সংকটৰ সৃষ্টি হ’ব পাৰে বুলি গুৰুতৰ উদ্বেগ কথা জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই (WHO)। যিসময়ত মানুহৰ বয়স বৃদ্ধিৰ লগে লগে চিকিৎসা সেৱাৰ চাহিদা আটাইতকৈ বেছি বৃদ্ধি পাইছে, সেই সময়তে চিকিৎসালয়সমূহে বিশ্বব্যাপী চিকিৎসকৰ নাটনিৰ সন্মুখীন হৈছে।

এই উদ্বেগজনক তথ্য শেহতীয়াকৈ প্ৰকাশিত বিশ্ব স্বাস্থ্য সংস্থাৰ ‘নেশ্যনেল হেলথ ৱৰ্কফোৰ্চ একাউন্টছ: হেলথ ৱৰ্কফোৰ্চ লেভেলছ এণ্ড ট্ৰেণ্ডছ ২০২৬’ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে।

যোৱা দুটা দশকত বিশ্বত স্বাস্থ্যকৰ্মীৰ সংখ্যা ৫০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। ২০০৬ চনত প্ৰতি ১০ হাজাৰ লোকৰ বিপৰীতে প্ৰায় ৪৫ জন স্বাস্থ্যকৰ্মী আছিল যদিও ২০২৫ চনত ই প্ৰায় ৬৮ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান বিশ্বৰ প্ৰায় ৭ কোটি লোক স্বাস্থ্যসেৱা খণ্ডৰ সৈতে জড়িত।

Apply Now

ওপৰৰ সংখ্যাবোৰ সান্ত্বনাদায়ক যেন লাগিব পাৰে যদিও প্ৰকৃত সমস্যাটো ভিতৰতে নিহিত হৈ আছে। প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বৰ কৰ্মৰত চিকিৎসকৰ এক বৃহৎ অংশই বয়সৰ পিনৰ পৰা অৱসৰৰ শেষ প্ৰান্তত উপনীত হৈছে। কিন্তু সেই ব্যৱধান পূৰণ কৰিব পৰাকৈ নতুন প্ৰজন্মৰ কৰ্মী প্ৰস্তুত হোৱা নাই।

১২২খন দেশৰ তথ্য বিশ্লেষণ কৰি দেখা গৈছে যে বৰ্তমান বিশ্বত কৰ্মৰত মুঠ চিকিৎসকৰ প্ৰায় ২৫ শতাংশই ৫৫ বছৰ বা তাতকৈ অধিক বয়সৰ। অৰ্থাৎ অহা দশকৰ ভিতৰত অৱসৰ ল’ব। ধনী বা উন্নত দেশত এই বৃদ্ধ চিকিৎসকৰ হাৰ বহু বেছি।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, বিশ্ব এতিয়া ‘দ্বৈত সংকট’ৰ সন্মুখীন হৈছে। এফালে প্ৰবীণ স্বাস্থ্যকৰ্মীসকলে ইজনৰ পিছত সিজনকৈ অৱসৰ ল’ব, একে সময়তে বিশ্বৰ সাধাৰণ জনসংখ্যাৰ গড় বয়স বৃদ্ধিৰ বাবে চিকিৎসা সেৱাৰ চাহিদা ভয়ংকৰভাৱে বৃদ্ধি পাব।

প্ৰতিবেদনত সকীয়াই দিয়া হৈছে যে, ২০৩০ চনৰ ভিতৰত প্ৰয়োজনৰ তুলনাত বিশ্বৰ কমেও ৬৭খন দেশত পৰ্যাপ্ত স্বাস্থ্যকৰ্মী নাথাকিব। ২০৩০ চনৰ ভিতৰত বিশ্ব স্বাস্থ্যকৰ্মীৰ নাটনি ১ কোটি ১০ লাখ হ’ব। সেইদৰে কেৱল বৰ্তমানৰ আন্তঃগাঁথনি বজাই ৰাখিবলৈ বিশ্বজুৰি অতিৰিক্ত ৮ লাখ ৩২ হাজাৰ নতুন স্বাস্থ্যকৰ্মী নিযুক্তি দিয়াৰ প্ৰয়োজন।

বয়সৰ এই সংকটৰ উপৰিও স্বাস্থ্য সেৱাৰ বৈষম্যও ভয়াৱহ হৈ পৰিছে। ইউৰোপৰ দেশসমূহত চিকিৎসকৰ সংখ্যা আফ্ৰিকাৰ দেশতকৈ প্ৰায় ১৩ গুণ বেছি। নাৰ্ছৰ ক্ষেত্ৰত এই ব্যৱধান ৬ গুণ বেছি। সহজ ভাষাত ক’বলৈ গ’লে এখন দেশ যিমানেই ধনী হ’ব সিমানেই জনমূৰি স্বাস্থ্যকৰ্মীৰ সংখ্যাও বেছি।

এই বয়সৰ সংকট আৰু বৈষম্যৰ সমাধানৰ বাবে জৰুৰী আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতৰ বিশ্ব স্বাস্থ্য ব্যৱস্থাই এক বৃহৎ দুৰ্যোগৰ সন্মুখীন হ’ব বুলি বিশ্ব স্বাস্থ্য সংস্থাই সকীয়াই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd