ভোটাৰ তালিকাত বিশেষ ব্যাপক সংশোধন (SIR)কে ধৰি বিভিন্ন বিষয়ত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু আন দুগৰাকী নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ মাজত মতানৈক্যৰ সৃষ্টি হয়। সৰ্বভাৰতীয় কাকত ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত এই প্ৰতিবেদনক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
বিৰোধী ৰাজনৈতিক দলসমূহে জ্ঞানেশৰ পদত্যাগ আৰু আনকি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনাইছে। এনে পৰিস্থিতিত দেশৰ নিৰ্বাচন আয়োগে আন দুই নিৰ্বাচনী আয়ুক্তৰ সৈতে জ্ঞানেশৰ ছবিৰে এক বিবৃতি প্ৰকাশ কৰে।
তাৎপৰ্যপূৰ্ণভাৱে, আয়োগে যোৱা বুধবাৰে কিছুমান বিষয়ৰ ওপৰত এক বিবৃতি প্ৰকাশ কৰিছিল, যিবোৰ বিষয়ত আয়ুক্ত দুজনে মতানৈক্য নোট দিয়া বুলি দাবী কৰা হৈছিল। অৱশ্যে শনিবাৰে তিনিওজন আয়ুক্তৰ ছবি থকা বিবৃতিটো ব্যতিক্ৰম বুলি বহুতে ধাৰণা কৰে। বিবৃতিটোত লগতে কোৱা হৈছে যে জ্ঞানেশকে ধৰি তিনিজন আয়ুক্তই শনিবাৰে দিল্লীৰ নিৰ্বাচনী ভৱনত বৈঠকত মিলিত হৈ এই প্ৰেছ নোট প্ৰকাশ কৰে।
বহু ৰাজনৈতিক বিশ্লেষকে কয় যে প্ৰেছ নোটত এই বিবৃতিৰ লগতে তিনিওজন বিষয়াৰ বৈঠকৰ ছবিও দিয়া হৈছে যাতে আয়োগৰ তিনিওজন বিষয়াৰ মাজত কোনো ধৰণৰ মতানৈক্য নাই বুলি প্ৰমাণ কৰিব পাৰি।
যোৱা বছৰ বিহাৰত ‘SIR’ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত অতি সোনকালেই ‘SIR’ প্ৰক্ৰিয়া সন্দৰ্ভত স্বচ্ছতাৰ অভাৱৰ অভিযোগ উত্থাপন হৈছিল। পশ্চিম বংগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই অভিযোগ তীব্ৰতৰ হৈ পৰে। বহু ভোটাৰৰ নাম ইচ্ছাকৃতভাৱে ভোটাৰ তালিকাৰ পৰা বাদ দিয়াৰ অভিযোগ উত্থাপন হৈছিল। ৰাজধানী দিল্লীত বৰ্তমান চলি থকা ‘এছআইআৰ’ প্ৰক্ৰিয়াতো একে অভিযোগ উত্থাপন হৈছে। এই পৰিস্থিতিত শনিবাৰে আয়োগৰ তিনিজন বিষয়াৰ বৈঠকত কিছু উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰা হয়, যিটো বহুতে দেশজুৰি প্ৰতিবাদৰ মাজত কিছু সান্তনা দিয়াৰ প্ৰয়াস বুলি ধাৰণা কৰে।
বিবৃতিটোত কোৱা হৈছে যে যিবোৰ ৰাজ্যত এতিয়া ‘SIR’ চলি আছে আৰু যিসকলক ‘আনমেপড’ আৰু ‘যুক্তিসংগত অমিল’ বাবে জাননী প্ৰেৰণ কৰা হৈছে, তেওঁলোকে আৰু সংশ্লিষ্ট নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ (ই আৰ অ’)ৰ সন্মুখত শুনানিৰ বাবে হাজিৰ হ’ব নালাগিব। এই সকলোবোৰ ক্ষেত্ৰত সংশ্লিষ্ট বুথ লেভেল অফিচাৰে (বিএলঅ’) ভোটাৰৰ নথি-পত্ৰ লৈ আয়োগৰ ‘ইচিআইনেট’ পৰ্টেলত আপলোড কৰিব। যদি কাৰোবাৰ বাবে শুনানি নিতান্তই প্ৰয়োজনীয় হয়, তেন্তে যিমান পাৰি অনলাইনত হ’ব।
প্ৰসংগক্ৰমে ‘SIR’ৰ সময়ত পশ্চিমবংগত এই শুনানীক লৈ যথেষ্ট অশান্তিৰ সৃষ্টি হৈছিল। তীব্ৰ ৰ’দ বা বৰষুণত ঘণ্টাৰ পিছত ঘণ্টা শাৰী পাতি থিয় হৈ বহু লোক অসুস্থ হৈ পৰে, আনকি কেইবাজনৰ মৃত্যুও হয়। সেই সময়ত অনলাইন শুনানিৰ দাবী উত্থাপন হৈছিল যদিও সেয়া কৰা নহ’ল। বৰঞ্চ আয়োগে শাৰীৰিক উপস্থিতিৰ শুনানিৰ ওপৰত জোৰ দিছিল। ফলত আয়োগে এতিয়া এছ আই আৰ চলি থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ বাধ্য হ’ল। একেদৰে দৰিদ্ৰ, পদপথত বাস কৰা আৰু দৈনিক মজুৰি কৰা লোকসকলৰ নাম পঞ্জীয়ন কৰাত সহায় কৰিবলৈ এখন হেল্প ডেস্ক মুকলি কৰাৰ কথাও বিবৃতিটোত উল্লেখ কৰা হৈছে।
বিতৰ্কৰ সৃষ্টি কৰা চি ই চি জ্ঞানেশৰ সিদ্ধান্তসমূহৰ ভিতৰত আছে ‘ই চি নেট’ পৰ্টেলৰ কেন্দ্ৰীভূতকৰণ আৰু স্বচ্ছতা, ভোটাৰ তালিকাত নাম পঞ্জীয়ন কৰাৰ বাবে ফৰ্ম-৬ক লৈ হোৱা বিভ্ৰান্তি আৰু ‘SIR’ত নাম পঞ্জীয়ন কৰিবলৈ প্ৰয়োজনীয় সময় নিদিয়াৰ বাবে। কালি আয়োগৰ বিবৃতিত পৰ্টেলটোত নিম্ন পৰ্যায়ৰ নিৰ্বাচনী কৰ্মী আৰু বিষয়াসকলে যি কাম কৰিব পাৰে তাকেই কৰিব পাৰিব বুলি উল্লেখ কৰে। অৱশ্যে এই পৰ্টেলটোৱে সকলো নিয়ম-নীতি মানি চলিছে নে নাই সেয়া চাবলৈ আই আই টি বা ট্ৰিপল আই টিৰ এজন ছিনিয়ৰ ডেপুটি কমিছনাৰ আৰু বিশেষজ্ঞৰ সৈতে এখন কমিটী গঠন কৰি ইয়াৰ সবিশেষ পৰীক্ষা কৰা হ’ব। বৰ্তমান দিল্লী আৰু মহাৰাষ্ট্ৰত চলি আছে ‘SIR’ প্ৰক্ৰিয়া। আয়োগে দুয়োখন ৰাজ্যতে ‘SIR’ ৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
আয়ুক্ত দুজনৰ এটা মতানৈক্য টোকা আছিল – যোৱা কেইবছৰমানৰ পৰা আয়োগৰ বৈঠকৰ কাৰ্যসূচী আৰু কাৰ্য্যবিৱৰণীৰ মিল নাছিল, কিছুমান আয়োগৰ বিষয়াই প্ৰয়োজনীয় অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰিছিল ইত্যাদি। শনিবাৰে জ্ঞানেশকে ধৰি তিনিজন আয়ুক্তৰ বৈঠকৰ অন্তত সিদ্ধান্ত লোৱা হয় যে আয়োগৰ সকলো বৈঠকৰ কাৰ্যসূচী আৰু কাৰ্য্যবিৱৰণী যোগান ধৰা হ’ব। কোনো বিষয়া যদি বিদেশ ভ্ৰমণলৈ যায় তেন্তে প্ৰয়োজনীয় অনুমতি ল’ব লাগিব।
ইতিমধ্যে পশ্চিম বংগকে ধৰি দেশৰ ২০খন ৰাজ্যৰ ‘SIR’ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। পশ্চিমবংগত ‘SIR’ৰ সময়ত ‘ASDD’ বা (মৃত, অনুপস্থিত, বদলি, ডুপ্লিকেট) আৰু ‘যুক্তিগত অমিল’ পৰ্যায়কে ধৰি মুঠ প্ৰায় ৬৩ লাখ ভোটাৰৰ নাম বাদ দিয়া হৈছিল। আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ন্যায়িক বিষয়াৰ ‘এডজুডিকেচন’ প্ৰক্ৰিয়াত আৰু প্ৰায় ২৭ লাখৰ নাম বাদ পৰে। ইয়াৰে প্ৰায় ২২ লাখ ভোটাৰে নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ আপীল ন্যায়াধিকৰণৰ কাষ চাপিছে। পুনৰ আয়োগে বৰ্তমানৰ ভোটাৰ তালিকাৰ পৰা প্ৰায় ১৬ লাখ নাম আঁতৰাবলৈ ন্যায়াধিকৰণত আবেদন দাখিল কৰিছে। অৰ্থাৎ প্ৰায় ৩৮ লাখ আৱেদন ন্যায়াধিকৰণত বিচাৰাধীন হৈ আছে। কিছুদিন পূৰ্বে আয়োগে উচ্চতম ন্যায়ালয়ত কৈছিল যে যিদৰে শুনানি চলি আছে, ইমানবোৰ আবেদন নিষ্পত্তি কৰিবলৈ কমেও ১২ বছৰ সময় লাগিব।
এই পৰিপ্ৰেক্ষিতত আয়োগৰ শনিবাৰৰ বিবৃতিত কোৱা হৈছে যে পশ্চিমবংগ আৰু বিহাৰকে ধৰি যিবোৰ ৰাজ্যত ‘SIR’ শেষ হৈছে, সেইবোৰ ৰাজ্যতে যিসকলৰ নাম আঁতৰোৱা হৈছে আৰু যিসকলে প্ৰথমবাৰৰ বাবে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিব বিচাৰে তেওঁলোকে সংশ্লিষ্ট ই আৰ অ’ত আইন অনুসৰি আবেদন কৰিব পাৰিব। ভোটাৰ তালিকাত এই আপডেট অবিৰতভাৱে চলি থাকিব। সংশ্লিষ্ট মুখ্য নিৰ্বাচনী বিষয়া (চিইঅ’) আৰু তেওঁলোকৰ অধীনস্থ অন্যান্য কৰ্মচাৰী আৰু বিষয়াসকলে এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। আয়োগৰ এই বক্তব্যই এটা প্রশ্ন উত্থাপন কৰিছে, তেনেহ’লে যোৱা ‘SIR’ প্রক্রিয়াত পশ্চিমবংগৰ ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাসকলে পুনৰ আয়োগলৈ আৱেদন কৰিব পাৰিবনে?
যদিও ৰাজ্যৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়াই কয় যে, ‘যিসকলে নতুনকৈ প্ৰ-পত্ৰ-৬ পূৰণ কৰি নাম অন্তৰ্ভুক্তিৰ বাবে আৱেদন কৰিছে,সেই প্ৰক্ৰিয়াটো চলি থাকিব। কিন্তু শেষৰ ৰাউণ্ডত নাম বাদ পৰাৰ পিছত বৰ্তমান উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰায় ২২ লাখৰ আৱেদন আপীল ন্যায়াধিকৰণত বিচাৰাধীন হৈ আছে। আৰু এই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কেৱল পশ্চিম বংগৰ ক্ষেত্ৰতহে প্ৰযোজ্য। গতিকে এই বিষয়টো আমাৰ বাবে এতিয়াও স্পষ্ট হোৱা নাই।’





