ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ বিতৰ্কৰ মাজতে এইবাৰ নতুন এক চাঞ্চল্যকৰ অভিযোগ! এইবাৰ কেৰেলাৰ প্ৰাক্তন মুখ্য সচিব জি জি থমছনে তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
তেওঁৰ দাবী, জ্ঞানেশ কুমাৰে তেওঁক ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ দিছিল। নিৰ্বাচন আয়োগৰ দৰে নিৰপেক্ষ সাংবিধানিক পদৰ মুৰব্বীক কেন্দ্ৰ কৰি ৰাজনৈতিক পক্ষপাতিত্বৰ এই অভিযোগে ৰাষ্ট্ৰীয় ৰাজনীতিত এক নতুন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এটা সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ১৯৮৫ চনৰ বেচৰ আই এ এছ বিষয়া জি জি থমছনে কয় যে তেওঁলোকৰ এক দিল্লী ভ্ৰমণৰ সময়ত এই ঘটনা সংঘটিত হৈছিল। বিমানত দুয়ো কাষত বহিছিল। সেই সময়ত জ্ঞানেশ কুমাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছিল।
ইয়াৰ পিছত তেওঁ পোনপটীয়াকৈ প্ৰস্তাৱ আগবঢ়ায় যে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত কেৰালাৰ পাঠানমথিটা সমষ্টিৰ পৰা থমছনে বিজেপিৰ প্ৰাৰ্থী হ’ব বিচাৰে নেকি? কেন্দ্ৰীয় মন্ত্ৰীসভাতো স্থান দিয়াৰ প্ৰলোভন দিছিল।
জি জিৰ মতে জ্ঞানেশ কুমাৰে তেওঁক পতিয়ন নিয়াবলৈ বহুত চেষ্টা কৰিছিল যদিও লগে লগে তেওঁ সেই প্ৰস্তাৱ নাকচ কৰে। অভিযোগ উত্থাপন হৈছে যে এই অৱসৰপ্ৰাপ্ত আমোলাজনক মাত্ৰ এবাৰ নহয়, একাধিকবাৰ ৰাজনীতিত প্ৰৱেশ কৰিবলৈ প্ৰৰোচিত কৰা হৈছিল।
উল্লেখ্য যে জ্ঞানেশ কুমাৰ ১৯৮৮ চনৰ কেৰেলা কেডাৰৰ আই এ এছ বিষয়া আছিল আৰু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ভাৰতৰ ২৬ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু বৰ্তমান তেওঁ দেশৰ ভোটাৰ তালিকা (SIR) পুনৰীক্ষণ প্ৰক্ৰিয়া আৰু নীতি নিৰ্ধাৰণৰ বিষয়ক লৈ ইটোৰ পিছত সিটো বিতৰ্কত জড়িত হৈ আছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আয়োগৰ আভ্যন্তৰীণ বৈঠকত কমেও ১৪ বাৰ তেওঁৰ একাধিক সিদ্ধান্তৰ ওপৰত দুই সহযোগী নিৰ্বাচন আয়ুক্তই আপত্তি কৰিছে।
এজন শীৰ্ষ প্ৰশাসনিক বিষয়াই কোনো বিশেষ ৰাজনৈতিক দলৰ বাবে প্ৰাৰ্থী বিচৰা আৰু প্ৰচাৰ চলোৱাৰ এই বিস্ফোৰক অভিযোগে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে।
ইতিমধ্যে বিৰোধীয়ে ভোটাৰ তালিকা সংশোধনৰ ক্ষেত্ৰত আয়োগৰ ভূমিকাক লৈ সৰৱ হৈ থকাৰ সময়তে এই খবৰটোৱে ৰাজনৈতিক মহলত বিতৰ্কত নতুন ইন্ধন যোগোৱা দেখা গৈছে। এই বিষয়ত জ্ঞানেশ কুমাৰৰ প্ৰতিক্ৰিয়া বিচৰা হৈছিল যদিও তেওঁ এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই।





