দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অসম স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে অসম আৰক্ষীয়ে ককৰোচ জনতা পাৰ্টিৰ কেইবাজনো কৰ্মীক আটক কৰিছে। স্বেচ্ছাসেৱক বৈঠকৰ বাবে বেনাৰ লৈ সভাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে আটকাধীন যুৱককেইজনক জিম্মাত লোৱা হয় বুলি জানিব পৰা গৈছে।
অসমলৈ অহা চিজেপিৰ কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাকো আৰক্ষীয়ে আটক কৰিছে। আটকাধীন আন কৰ্মীসকলৰ ভিতৰত আছে খৰ্গেশ্বৰ মিলি, শ্বেখ চাহিলউদ্দিন শ্বাহ, হিতেশ বৰুৱা, মিন্টু দাস আৰু টমী বৰুৱা।
আনহাতে, চিজেপিৰ বৈঠকলৈ অহা নাগালেণ্ডৰ তিনিজন কৰ্মীকো আটক কৰা বুলি জানিব পৰা গৈছে।
অসমত ককৰোছ জনতা পার্টীক বৈঠক অনুষ্ঠিত কৰিবলৈ নিদিয়ে প্ৰশাসনে। সেয়ে, বৈঠক অনুষ্ঠিত কৰিবলৈ যোৱাৰ পথৰ পৰাই CJP ৰ নেতাসকলক আটক কৰা হয়।
আৰক্ষীয়ে বৈঠক অনুষ্ঠিত হ’বলগীয়া অসম সচিবালয়ৰ কাষৰ অঞ্চলটোত নিৰাপত্তা অধিক শক্তিশালী কৰি বেৰিকেড স্থাপন কৰিছে আৰু অনুষ্ঠানৰ পূৰ্বে এক বৃহৎ আৰক্ষীৰ দল মোতায়েন কৰিছে।
আটক কৰা এজন কৰ্মীয়ে কয় যে, “চৰকাৰে আমাক ভয় কৰিছে। তেওঁলোকে ভুল কৰিছে। আমি মাত্ৰ এখন স্বেচ্ছাসেৱী বৈঠকৰহে আয়োজন কৰিছিলোঁ।”
जब जब हिमंता डरता है, पुलिस को आगे करता है। pic.twitter.com/eYYOV1lG0N
— Ashutosh Ranka (@AshutoshRanka) September 27, 2026
আৰক্ষীয়ে এতিয়াও এই আটক বা নিৰাপত্তা নিয়োগ সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।


