• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে অভিযোগ উত্থাপন কৰিছে যে এই সশস্ত্ৰ দলটোৱে পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2026 10:35 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সশস্ত্ৰ যোদ্ধাৰ এটা দলে পাকিস্তানৰ সীমান্ত পাৰ হৈ আফগানিস্তানত প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। কাবুলে দাবী কৰে যে ইছলামিক ষ্টেটৰ উগ্ৰপন্থীও তেওঁলোকৰ লগত আছিল। দেওবাৰে আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, আফগান বাহিনীয়ে পূব অঞ্চলৰ প্ৰদেশ নুৰিস্তানত চলোৱা অভিযানত দলটোৰ ২৮ জন সদস্যক হত্যা কৰে। এই সংঘৰ্ষত আৰু ৩২ জন লোক আহত হোৱা বুলি দাবী কৰা হৈছে।

আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে অভিযোগ উত্থাপন কৰিছে যে এই সশস্ত্ৰ দলটোৱে পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল। কেৱল সেয়াই নহয়, কাবুলে তেওঁলোকক পাকিস্তানী মিলিচীয়াই সমৰ্থন কৰা বুলিও অভিযোগ উত্থাপন কৰে। দাবী কৰা হৈছে যে নিহত আৰু আহতসকলৰ অধিকাংশই আছিল পূৰ্বৰ আফগান চৰকাৰৰ নিৰাপত্তা বাহিনীৰ সদস্য।

কাবুলৰ অভিযোগ অধিক গুৰুতৰ। আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থাই আফগান নিৰাপত্তাৰক্ষীৰ প্ৰাক্তন লোকসকলক সহায় কৰাৰ অজুহাতত পাকিস্তানলৈ লৈ গৈছিল। তাত তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিল আৰু পিছত আফগানিস্তানলৈ প্ৰেৰণ কৰা হৈছিল। তালিবানে নুৰিস্তান সীমান্তৰ মাজেৰে তেওঁলোকৰ প্ৰৱেশত পাকিস্তানৰ চোৰাংচোৱা সংস্থাই ভূমিকা লোৱা বুলিও অভিযোগ উত্থাপন কৰিছে।

Apply Now

আফগানিস্তানৰ এই দাবীয়ে পাকিস্তানক প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত সশস্ত্ৰ অনুপ্ৰৱেশৰ অভিযোগ উত্থাপন কৰিছে। মাত্ৰ কেইদিনমান পূৰ্বে আফগান ভূমিত পাকিস্তানে কৰা বিমান আক্ৰমণক লৈ দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পোৱাৰ সময়তে এই ঘটনা পোহৰলৈ আহিছে।

আফগান মন্ত্ৰালয়ে দাবী কৰা মতে, শনিবাৰে এই গোটটোৱে পাকিস্তান সীমান্তৰ সমীপৰ কামদেশ জিলা নুৰিস্তানত প্ৰৱেশ কৰে। তেওঁলোকৰ উদ্দেশ্য আছিল আফগান ভূখণ্ডত আক্ৰমণ চলোৱা। তথ্য লাভ কৰি আফগান বাহিনীয়ে অভিযান আৰম্ভ কৰে। সংঘৰ্ষৰ পিছত ৰক্ষা পোৱাসকল পুনৰ পাকিস্তান অভিমুখে পলায়ন কৰে। কাবুলে লগতে দাবী কৰে যে তেওঁলোকৰ আঁৰত পাকিস্তানী মিলিচীয়া আৰু সশস্ত্ৰ সদস্য আছিল।

আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে অভিযোগ কৰিছে যে সংঘৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে পাকিস্তানী সশস্ত্ৰ লোক আৰু মিলিচীয়াই যোদ্ধাসকলৰ সৈতে সমন্বয় সাধন কৰিছিল। কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে তেওঁলোক আঁতৰি গ’ল। অৱশ্যে এই অভিযোগৰ সন্দৰ্ভত পাকিস্তানে এতিয়াও ৰাজহুৱাভাৱে কোনো সঁহাৰি দিয়া নাই।

ইয়াৰ পূৰ্বে ২১ ছেপ্টেম্বৰত আফগানিস্তানৰ ভিতৰত পাকিস্তানে বিমান আক্ৰমণ চলাইছিল।ইছলামবাদে দাবী কৰিছিল যে এই আক্ৰমণত ২৮ জন উগ্ৰপন্থী নিহত হৈছে। অৱশ্যে আফগান কৰ্তৃপক্ষই কয় যে এই আক্ৰমণত সাধাৰণ নাগৰিকৰো মৃত্যু হৈছে। আফগানিস্তানত থকা ৰাষ্ট্ৰসংঘৰ মিছনেও তিনিজন সাধাৰণ নাগৰিকৰ মৃত্যু নিশ্চিত কৰিছে।

সীমান্ত সুৰক্ষা আৰু উগ্ৰপন্থী কাৰ্যকলাপক লৈ দুয়োখন দেশৰ মাজত দীৰ্ঘদিন ধৰি উত্তেজনাপূৰ্ণ সম্পৰ্ক চলি আছে। আফগানৰ মাটিত আশ্ৰয় লৈ উগ্ৰপন্থীয়ে পাকিস্তানত আক্ৰমণ চলাই থকাৰ অভিযোগ কৰে পাকিস্তানে। কিন্তু কাবুলে এই অভিযোগ অস্বীকাৰ কৰি আহিছে। এতিয়া নুৰিস্তানৰ ঘটনাই উত্তেজনাত এক নতুন ইন্ধন যোগাইছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd