নিৰ্বাচন আয়োগৰ কাম-কাজক লৈ চলি থকা বিতৰ্কৰ মাজতে মহাৰাষ্ট্ৰৰ মুখ্য নিৰ্বাচনী বিষয়াই নিৰ্বাচন আয়োগলৈ পত্ৰ লিখি এছ আই আৰ (বিশেষ নিৰ্বাচনী তালিকা সংশোধন)ৰ ‘জাননী পৰ্যায়’ৰ সময়ত ইচিনেট চফটৱেৰত চাৰিটা পৰিৱৰ্তনৰ বাবে অনুৰোধ জনাইছে।
যোৱা সপ্তাহত ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ইচিআইনেট আৰু ইআৰঅ’ (নিৰ্বাচনী পঞ্জীয়ন বিষয়া)ৰ ভূমিকা সন্দৰ্ভত পূৰ্বে নিৰ্বাচন আয়ুক্ত দুগৰাকীয়ে যি দাবী উত্থাপন কৰিছিল, সেই দাবী মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে পুনৰবাৰ উল্লেখ কৰিছে।
মন কৰিবলগীয়া যে বৰ্তমান মহাৰাষ্ট্ৰত এছ আই আৰৰ জাননী পৰ্যায় চলি আছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰৰ চিইঅ’ এছ চোক্কালিংগমে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি জাননীৰ পৰ্যায়ত বিভিন্ন বিষয় বা গোচৰ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত ইআৰঅ’ক অধিক সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। ই আৰ অ’সকলক শুনানিৰ পিছত ‘যুক্তিসংগত অমিল’ৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰিবলৈ দাবী জনাইছে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে।
ইয়াৰ পূৰ্বে দুজন নিৰ্বাচন আয়ুক্ত – বিবেক যোশী আৰু সুখবীৰ সিং সান্ধুৱে একেদৰেই ই আৰ অ’ৰ বাবে অধিক ক্ষমতাৰ দাবী জনাইছিল।
‘যুক্তিসংগত অমিল’ (logical discrepancy) হ’ল এনে ক্ষেত্ৰ য’ত আয়োগৰ ইচিনেট চফটৱেৰে কোনো ভোটাৰৰ সবিশেষক পূৰ্বৰ এছআইৰ ভোটাৰ তালিকাত থকা তেওঁৰ পিতৃ-মাতৃ বা ককা-আইতাকৰ সবিশেষৰ সৈতে সংযোগ কৰাৰ সময়ত কোনো সমস্যা বা অমিল বিচাৰি পায়। যেনে, পিতৃ-মাতৃৰ নামত মিল নাই বা বয়সৰ মিল নাই। ইয়াৰ অৰ্থ এইটো নহয় যে সংশ্লিষ্ট ব্যক্তিজন ভোটাৰ নহয়। ই কেৱল তথ্যৰ অমিল বা বিসংগতি মাত্ৰ।
মহাৰাষ্ট্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে এছ আই আৰ জাননী প্ৰক্ৰিয়াকৰণৰ সময়ত ই আৰ অ’ক অধিক বিকল্প বা ক্ষমতা প্ৰদান কৰিব পৰা চফটৱেৰ সলনি কৰাৰ দাবী জনাইছে। আইন অনুসৰি প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে নিযুক্তি দিয়া নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’) ভোটাৰ তালিকাৰ বাবে দায়বদ্ধ। কিন্তু অভিযোগ উত্থাপন হৈছে যে নিৰ্বাচন আয়োগে ব্যৱহাৰ কৰা চফট্ ৱেৰে ই আৰ অ’ৰ ভূমিকা হ্ৰাস কৰে আৰু আয়োগৰ ডি জি (আই টি)ৰ দ্বাৰা নিয়ন্ত্ৰিত ব্যৱস্থাটোক অতিমাত্ৰা কেন্দ্ৰীভূত কৰে।
সাধাৰণতে এছ ডি এম ৰেংকৰ বিষয়াসকলে ই আৰ অ’ হিচাপে কাম কৰে। তেওঁলোকে ভোটাৰ তালিকা প্ৰস্তুত কৰে, দাবী-আপত্তি সম্পৰ্কে শুনানি গ্ৰহণ কৰে আৰু কোনবোৰ নাম তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব লাগে বা বাদ দিব লাগে সেইটো সিদ্ধান্ত লয়।
কোনো ব্যক্তিয়ে প্ৰয়োজনীয় নথি দাখিল কৰিলে আৰু ইয়াৰ ওপৰত ই আৰ অ’ সন্তুষ্ট হ’লে শুনানিৰ বাবে ব্যক্তিগতভাৱে হাজিৰ হোৱাৰ পৰা ৰেহাই পাব লাগে নে নাই সেইটো সিদ্ধান্ত ল’বলৈ ই আৰ অ’সকলক ক্ষমতা প্ৰদান কৰিবলৈ দাবী জনাইছে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে।
২৬ ছেপ্টেম্বৰত আয়োগৰ পূৰ্ণাংগ বৈঠকৰ পিছত এক বিবৃতি জাৰি কৰা হৈছিল। ই আৰ অ’সকলক তেওঁলোকৰ তথ্যত যুক্তিসংগত অসামঞ্জস্যতা থাকিলে ব্যক্তিগত শুনানিৰ পৰা ৰেহাই দিয়াৰ ক্ষমতা প্ৰদান কৰি মহাৰাষ্ট্ৰৰ অনুৰোধৰ আংশিক সঁহাৰি দিছিল।
বিবৃতিটোত লগতে কোৱা হৈছে যে “যোৱা কেইমাহমানৰ পৰা ৰাজ্যিক মুখ্য কাৰ্যবাহী বিষয়াসকলৰ পৰা পোৱা মতামতৰ ভিত্তিত ইতিমধ্যে পৰ্টেলটোত বিভিন্ন উন্নয়নমূলক পৰিৱৰ্তন কৰা হৈছে” আৰু “যদি ক্ষেত্ৰ বিষয়াসকলৰ অধিক নমনীয়তাৰ প্ৰয়োজন হয়, তেন্তে সেয়াও প্ৰদান কৰা হ’ব।”
দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ১৪ আগষ্টত সান্ধুৱে লিখিছিল যে নিৰ্বাচনী তালিকাৰ বাবে দায়বদ্ধ বিধিগত কৰ্তৃপক্ষই (অৰ্থাৎ চিইঅ’, ডিইঅ’ আৰু ইআৰঅ’) কয় যে তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিবলৈ অক্ষম কাৰণ ইৰ’নেটৰ ডিজি (আইটি) পৰ্যায়ত কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ বাবে তেওঁলোকৰ ক্ষমতা “হ্ৰাস” হৈছে। আচহুৱা কথা যে আইনখনে নিৰ্বাচনী তালিকাৰ সকলো দায়িত্ব ই আৰ অ’, ডি ই অ’ আৰু চি ই অ’ৰ ওপৰত অৰ্পণ কৰিলেও ইয়াৰ ‘এক্সেছ কন্ট্ৰল’ বা নিয়ন্ত্ৰণ ব্যৱস্থাটো ডি জি (আই টি)ৰ হাতত কেন্দ্ৰীভূত কৰা হৈছে।’
৩১ আগষ্টত প্ৰকাশিত মহাৰাষ্ট্ৰৰ নিৰ্বাচনী তালিকাৰ খচৰাত ৰাজ্যখনৰ ২১.১ শতাংশ ভোটাৰৰ নাম বাদ দিয়া হৈছে। ১৬ নৱেম্বৰত চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ কথা।
এনডিটিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চোক্কলিংগমে কয় যে এছআইআৰ প্ৰক্ৰিয়াৰ জৰিয়তে মহাৰাষ্ট্ৰৰ বাবে নিৰ্বাচনী তালিকাৰ খচৰাৰ পৰা ২ কোটিৰো অধিক নাম বাদ দিয়া হৈছে, আৰু ইয়াৰে অধিকাংশই হয় মৃত্যুমুখত পৰিছে নহয় অন্য অঞ্চললৈ প্ৰব্ৰজন কৰিছে।





