• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ তুলি ইণ্ডিয়া মিত্ৰজোঁটে ২ অক্টোবৰৰ পৰা 'গণতন্ত্ৰ বচাওক' পদযাত্ৰা আৰু পাঁচখন মেগা ৰেলীৰ আয়োজন কৰিব বুলি ঘোষণা কংগ্ৰেছ সভাপতিৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 30, 2026 3:11 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছআইআৰ বিতৰ্ক আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপক লৈ বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই বুধবাৰে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে বিৰোধী দলসমূহে সামাজিক গোটসমূহৰ সহযোগত জিলা পৰ্যায়ৰ ‘গণতন্ত্ৰ বচাওক’ পদযাত্ৰা, নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ সাংসদসকলৰ সমদল আৰু দিল্লীত এক বিশাল ৰেলীৰ আয়োজন কৰিব।

 

Apply Now

কংগ্ৰেছ সভাপতিগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, অহা ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ সমগ্ৰ দেশৰ প্ৰতিখন জিলাতে বিৰোধী দল আৰু সামাজিক গোটসমূহে ‘গণতন্ত্ৰ বচাওক’ শীৰ্ষক পদযাত্ৰা উলিয়াব। ইয়াৰ সমান্তৰালভাৱে অহা ৬ অক্টোবৰত বিৰোধী দলৰ সকলো সাংসদে নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল কৰিব। খাৰ্গেয়ে উল্লেখ কৰে যে এই সমদলটো বুধবাৰেই উলিওৱাৰ পৰিকল্পনা আছিল যদিও সকলো সাংসদৰ উপস্থিতি নিশ্চিত কৰাৰ স্বাৰ্থত ইয়াৰ দিন পিছুৱাই দিয়া হয়।

 

নিৰ্বাচন আয়োগ আৰু চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ সন্দৰ্ভত বিৰোধী দলৰ নেতাসকলে অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিবৰ বাবে সময় বিচাৰিব। ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি বিৰোধীয়ে নিৰ্বাচন প্ৰক্ৰিয়াত হোৱা অনিয়ম সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰিব। তদুপৰি, চৰকাৰে জনসাধাৰণৰ মৌলিক অধিকাৰ কেনেদৰে খৰ্ব কৰিছে সেয়া ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে ইণ্ডিয়া মিত্ৰজোঁটে পাঁচখনকৈ মেগা ৰেলীৰ আয়োজন কৰিব। অৱশ্যে এই ৰেলীসমূহৰ স্থান আৰু তাৰিখ পৰৱৰ্তী সময়ত নিৰ্ধাৰণ কৰা হ’ব বুলি খাৰ্গেয়ে জানিবলৈ দিয়ে। আনহাতে, ‘ভোট চুৰি’ৰ অভিযোগক কেন্দ্ৰ কৰি অহা ১ নৱেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এক বিশাল প্ৰতিবাদী ৰেলী অনুষ্ঠিত হ’ব।

 

উল্লেখ্য যে, ইণ্ডিয়া মিত্ৰজোঁটৰ এই বৈঠকখন এনে এক সময়ত অনুষ্ঠিত হৈছে যেতিয়া ‘দি ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতত নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ মতানৈক্যক লৈ এক প্ৰতিবেদন প্ৰকাশ পাইছে। সংবাদ মাধ্যমটোৰ প্ৰতিবেদন অনুসৰি, যোৱা দহ মাহৰ ভিতৰত নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু নিৰ্বাচন আয়ুক্ত বিবেক যোশীয়ে এছআইআৰ সম্পৰ্কীয় সিদ্ধান্ত আৰু নিৰ্দেশনাসমূহক লৈ কমেও চৈধ্যবাৰ আনুষ্ঠানিকভাৱে আপত্তি দৰ্শাইছিল। এই নিৰ্দেশনাসমূহ তেওঁলোকৰ জ্ঞাতসাৰে বা পৰামৰ্শ অবিহনে জাৰি কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। নিৰ্বাচন প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ তুলি নৰেন্দ্ৰ মোদী চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিৰোধীয়ে গ্ৰহণ কৰা এই স্থিতিৰ পাছত এতিয়া চৰকাৰ তথা নিৰ্বাচন আয়োগৰ পৰৱৰ্তী প্ৰতিক্ৰিয়াৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd