• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 30, 2026 9:30 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত শীতকালীন বায়ু প্ৰদূষণৰ ভয়াৱহতা ৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। নতুন পৰিকল্পনা অনুসৰি, চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব লাগিব। শীতকালত একে সময়তে কাৰ্যালয়লৈ অহা-যোৱা কৰা লোকৰ সংখ্যা হ্ৰাস কৰি যাতায়াতৰ হেঁচাকমাৱাৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছে।

 

Apply Now

এই নতুন নিয়ম অনুসৰি প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ মুঠ কৰ্মচাৰীৰ অর্ধেকক ঘৰৰ পৰা কাম কৰাৰ সুবিধা দিব লাগিব আৰু বাকী অর্ধেক কৰ্মচাৰীয়ে নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিত থাকি দায়িত্ব পালন কৰিব লাগিব। ইয়াৰ ফলত ৰাজপথত বাহনৰ চলাচল হ্ৰাস পোৱাৰ লগতে প্ৰদূষণৰ মাত্ৰাও নিয়ন্ত্ৰণলৈ আহিব বুলি প্ৰশাসনে আশা প্ৰকাশ কৰিছে। কৰ্মচাৰীসকলৰ উপস্থিতিৰ হাৰ বিবেচনা কৰি প্ৰতিষ্ঠানসমূহে কামৰ সময়সূচী পুনৰ নিৰ্ধাৰণ কৰিব লাগিব।

 

ইয়াৰোপৰি, ১ নৱেম্বৰৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ দিল্লীৰ চৰকাৰী কাৰ্যালয়সমূহৰ কামৰ সময়তো ব্যাপক পৰিৱৰ্তন ঘটোৱা হৈছে। নতুন সময়সূচী অনুসৰি দিল্লী পৌৰ নিগমৰ কাৰ্যালয়সমূহ পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ চলিব। আনহাতে, দিল্লী চৰকাৰৰ কাৰ্যালয়সমূহ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ খোলা থাকিব। বিভিন্ন প্ৰতিষ্ঠানৰ কামৰ সময় পৃথক কৰাৰ মুখ্য উদ্দেশ্য হৈছে পুৱা আৰু বেলিটোৰ অন্তত একেলগে অধিক লোক ৰাস্তালৈ ওলাই আহি সৃষ্টি কৰা যান-জঁট আৰু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰা।

 

প্ৰদূষণ নিয়ন্ত্ৰণৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ব্যক্তিগত বাহনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ১ নৱেম্বৰ ২০২৬ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২৭লৈ অনুমোদিত পাৰ্কিং স্থানসমূহত মাচুল দুগুণ কৰা হৈছে। অৱশ্যে দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেচনৰ অধীনত পৰিচালিত পাৰ্কিং স্থানসমূহ এই বৰ্ধিত মাচুলৰ আওতাৰ পৰা মুক্ত থাকিব।

 

ৰাজধানী চহৰখনত ধূলিৰ প্ৰদূষণ ৰোধ কৰিবলৈও কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৩১ জানুৱাৰী ২০২৭লৈকে ধূলি সৃষ্টি কৰিব পৰা ধ্বংসকাৰ্য আৰু বাহিৰত চলি থকা অসামৰিক নিৰ্মাণকাৰ্য বন্ধ ৰখা হ’ব। ইয়াৰ লগতে অহা ১০ ডিচেম্বৰ ২০২৬ৰ পৰা ২০ জানুৱাৰী ২০২৭লৈ দিল্লীত সকলোধৰণৰ নিৰ্মাণ আৰু ধ্বংসকাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd