আমি কি ধৰণৰ খাদ্য গ্ৰহণ কৰিছোঁ আৰু কিমান পৰিমাণে খাইছোঁ, তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ সাধাৰণতে এইবোৰ বিষয়ৰ ওপৰতেই অধিক গুৰুত্ব দিয়া হয়। কিন্তু খোৱা-বোৱাৰ লগত জড়িত আন এক দিশৰ বিষয়ে শেহতীয়াকৈ এক চমকপ্ৰদ তথ্য পোহৰলৈ আহিছে। গৱেষকসকলৰ দাবী অনুসৰি, অকলে খোৱাতকৈ মৰমৰ সংগীৰ কাষত বহি একেলগে খালে খাদ্য খোৱাৰ পিছত তেজত চেনিৰ মাত্ৰা তুলনামূলকভাৱে কম হ’ব পাৰে। কেৱল সেয়ে নহয়, শৰীৰত বৃদ্ধি পোৱা চেনিৰ মাত্ৰা পূৰ্বতকৈ বহু সোনকালে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰে।
এই বিশেষ গৱেষণাটো চলাইছিল জেৰুজালেমৰ হিব্ৰু ইউনিভাৰ্চিটি আৰু চেবা মেডিকেল চেণ্টাৰৰ গৱেষকসকলে। এই গৱেষণাত সৰ্বমুঠ ১০৮ জন সুস্থ প্ৰাপ্তবয়স্ক অৰ্থাৎ ৫৪ হাল দম্পতীক অন্তৰ্ভুক্ত কৰা হৈছিল। প্ৰতিটো দম্পতীয়েই কমেও ন মাহ ধৰি সম্পৰ্কত আছিল। গৱেষণাটোৰ মূল উদ্দেশ্য আছিল কাষত কোনো আপোন মানুহ উপস্থিত থাকিলে খাদ্য গ্ৰহণৰ পিছত শৰীৰৰ স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়াত কোনো পৰিৱৰ্তন ঘটে নেকি সেয়া নিৰীক্ষণ কৰা।
গৱেষণাত অংশগ্ৰহণ কৰা লোকসকলক নিৰ্দিষ্ট পৰিমাণৰ বগা পাউৰুটি খাবলৈ দিয়া হৈছিল। প্ৰায় ১০২ গ্ৰাম পাউৰুটিত আছিল প্ৰায় ৫০ গ্ৰাম কাৰ্বহাইড্ৰেট। প্ৰতিজন ব্যক্তিয়ে একেখিনি খাদ্য দুবাৰকৈ খাইছিল—এবাৰ অকলে আৰু আনবাৰ সংগী কাষত থকা অৱস্থাত। এই দুয়োটা পৰীক্ষাৰ মাজত কমেও চাৰি ঘণ্টাৰ ব্যৱধান ৰখা হৈছিল। পৰীক্ষাৰ সময়ত দম্পতীহালে ইচ্ছা কৰিলে কথা পাতিব পাৰিছিল বা পৰস্পৰক স্পৰ্শও কৰিব পাৰিছিল।
পৰীক্ষাৰ ফলাফলত দেখা গ’ল যে সংগীৰ লগত বহি খোৱাৰ সময়ত খাদ্য খোৱাৰ পিছত তেজত চেনিৰ মাত্ৰা বৃদ্ধি পোৱাৰ হাৰ অকলে খোৱাৰ তুলনাত প্ৰায় পোন্ধৰ শতাংশ কম আছিল। একে সময়তে তেজত চেনিৰ মাত্ৰা তুলনামূলকভাৱে দ্ৰুতগতিত স্বাভাৱিক অৱস্থালৈ উভতি আহিছিল।
এই গৱেষণা কেৱল তেজত চেনিৰ পৰিৱৰ্তনতে সীমাবদ্ধ নাছিল। গৱেষকসকলৰ মতে, কাষত কোনো আপোন মানুহ উপস্থিত থাকিলে শৰীৰৰ আন বহুতো জৈৱিক প্ৰক্ৰিয়াৰ ওপৰতো প্ৰভাৱ পৰে। আন এক পৰীক্ষাত ১১৬ জন প্ৰাপ্তবয়স্ক লোকক ঠাণ্ডা পৰিৱেশত ৰখা হৈছিল। তাত দেখা গৈছিল যে কাষত সংগী থাকিলে মানুহৰ শৰীৰৰ তাপমাত্ৰা তুলনামূলকভাৱে বেছি থাকে।
কিন্তু ইয়াকে লৈ একাংশৰ মনত প্ৰশ্ন আহিব পাৰে যে সংগীৰ লগত খালেহে ডায়াবেটিছ নিয়ন্ত্ৰণত থাকিব নেকি? ইয়াতেই গুৰুত্বপূৰ্ণ সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। এই গৱেষণাখনে একেবাৰে এনে কোনো দাবী কৰা নাই যে প্ৰিয়জনৰ লগত খালে ডায়াবেটিছ প্ৰতিৰোধ কৰিব পাৰি বা দীৰ্ঘম্যাদীভাৱে তেজত চেনি নিয়ন্ত্ৰণত থাকে। গৱেষণাত মূলতঃ খাদ্য খোৱাৰ পিছত শৰীৰৰ কম সময়ৰ বাবে হোৱা প্ৰতিক্ৰিয়াটোহে নিৰীক্ষণ কৰা হৈছে। এই প্ৰভাৱ কিমান সময় স্থায়ী হয় বা নিয়মীয়াকৈ এনে অভ্যাস কৰিলে দীৰ্ঘকাললৈ ডায়াবেটিছৰ সম্ভাৱনা বা তেজত চেনিৰ নিয়ন্ত্ৰণত কি প্ৰভাৱ পৰে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।





